--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ভৰতত ৰাজনৈতিক আশ্ৰয় প্ৰদান কৰা কাৰ্যই ভাৰত-বাংলাদেশৰ বৈদেশিক সম্পৰ্কত ভঙোন আনিব নেকি? এই লৈ সম্প্ৰতি চিন্তাৰ বিষয় হৈ পৰিছে৷ শ্বেখ হাছিনাক ভাৰতত আশ্ৰয় প্ৰদানক লৈ সন্তুষ্ট নহয় বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছ৷

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে কঠোৰ মনোভাৱ প্ৰদৰ্শন কৰিছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে। হাছিনাৰ তীব্ৰ বাক্যবাণৰ বাবেই মহম্মদ ইউনুছে ভাৰতকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ভাৰতৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই যি ৰাজনৈতিক মন্তব্য প্ৰদান কৰি আছে সেয়া যুক্তিসংগত নহয় বুলি দাবী কৰিছে অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী গৰাকীয়ে। এয়া ভাৰত-বাংলাদেশৰ সম্পৰ্কৰ বাবে অশুভ সংকেত বুলি অভিহিত কৰিছে মহম্মদ ইউনুছে। তেওঁ ক্ষোভ প্ৰকাশ কৰি কয় যে ‘যেতিয়ালৈকে বাংলাদেশে হাছিনাৰ প্ৰত্যাৱৰ্তনৰ বাবে ভাৰতৰ সৈতে আলোচনাত নবহে তেতিয়ালৈকে শ্বেখ হাছিনাই নিৰবতা অৱলম্বন কৰা উচিত।’

বৃহস্পতিবাৰে সংবাদ দাতাক সদৰি কৰা অনুসৰি মহম্মদ ইউনুছে কয় যে ভাৰতৰ পৰা বাংলাদেশক লৈ শ্বেখ হাছিনাই প্ৰদান কৰা বক্তব্যই বাংলাদেশত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিছে।  

মহম্মদ ইউনুছে কয় যে শ্বেখ হাছিনাক বাংলাদেশলৈ ঘূৰাই আনিব লাগিব যাতে সকলোৰে সন্মুখত তেওঁৰ বিচাৰ হয়।লগতে মহম্মদ ইউনুছে বাংলাদেশে ভাৰতৰ সৈতে শক্তিশালী দ্বিপাক্ষিক সম্পৰ্ক অটুত ৰাখিব বিছাৰে বুলি মত প্ৰকাশ কৰি কয় যে নতুন দিল্লীয়ে ‘আৱামি লীগৰ বাহিৰে আন ৰাজনৈতিক দলসমূহক ইছলামিক হিচাপে গন্যকৰা মনোবৃত্তি ত্যগ কৰিব লাগে।’ লগতে উল্লেখ কৰে যে বৰ্তমান দুয়োখন দেশৰ সম্পৰ্ক এতিয়া নিম্নগামী হৈ আহিছে। এনে পৰিস্থিতিত ভাৰত-বাংলাদেশৰ সম্পৰ্কই কি গতি লয় সেয়া লক্ষণীয় হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু