--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ভৰতত ৰাজনৈতিক আশ্ৰয় প্ৰদান কৰা কাৰ্যই ভাৰত-বাংলাদেশৰ বৈদেশিক সম্পৰ্কত ভঙোন আনিব নেকি? এই লৈ সম্প্ৰতি চিন্তাৰ বিষয় হৈ পৰিছে৷ শ্বেখ হাছিনাক ভাৰতত আশ্ৰয় প্ৰদানক লৈ সন্তুষ্ট নহয় বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছ৷

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে কঠোৰ মনোভাৱ প্ৰদৰ্শন কৰিছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে। হাছিনাৰ তীব্ৰ বাক্যবাণৰ বাবেই মহম্মদ ইউনুছে ভাৰতকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ভাৰতৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই যি ৰাজনৈতিক মন্তব্য প্ৰদান কৰি আছে সেয়া যুক্তিসংগত নহয় বুলি দাবী কৰিছে অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী গৰাকীয়ে। এয়া ভাৰত-বাংলাদেশৰ সম্পৰ্কৰ বাবে অশুভ সংকেত বুলি অভিহিত কৰিছে মহম্মদ ইউনুছে। তেওঁ ক্ষোভ প্ৰকাশ কৰি কয় যে ‘যেতিয়ালৈকে বাংলাদেশে হাছিনাৰ প্ৰত্যাৱৰ্তনৰ বাবে ভাৰতৰ সৈতে আলোচনাত নবহে তেতিয়ালৈকে শ্বেখ হাছিনাই নিৰবতা অৱলম্বন কৰা উচিত।’

বৃহস্পতিবাৰে সংবাদ দাতাক সদৰি কৰা অনুসৰি মহম্মদ ইউনুছে কয় যে ভাৰতৰ পৰা বাংলাদেশক লৈ শ্বেখ হাছিনাই প্ৰদান কৰা বক্তব্যই বাংলাদেশত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিছে।  

মহম্মদ ইউনুছে কয় যে শ্বেখ হাছিনাক বাংলাদেশলৈ ঘূৰাই আনিব লাগিব যাতে সকলোৰে সন্মুখত তেওঁৰ বিচাৰ হয়।লগতে মহম্মদ ইউনুছে বাংলাদেশে ভাৰতৰ সৈতে শক্তিশালী দ্বিপাক্ষিক সম্পৰ্ক অটুত ৰাখিব বিছাৰে বুলি মত প্ৰকাশ কৰি কয় যে নতুন দিল্লীয়ে ‘আৱামি লীগৰ বাহিৰে আন ৰাজনৈতিক দলসমূহক ইছলামিক হিচাপে গন্যকৰা মনোবৃত্তি ত্যগ কৰিব লাগে।’ লগতে উল্লেখ কৰে যে বৰ্তমান দুয়োখন দেশৰ সম্পৰ্ক এতিয়া নিম্নগামী হৈ আহিছে। এনে পৰিস্থিতিত ভাৰত-বাংলাদেশৰ সম্পৰ্কই কি গতি লয় সেয়া লক্ষণীয় হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ