--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুটাকৈ নিৰ্বাচনত মুখ থেকেচা খোৱা বিজেপিয়ে লক্ষ্য এৰি দিয়া নাই বংগ দখলৰ। বিজেপিৰ বাবে অন্যতম বিৰোধী প্ৰতিদ্বন্দ্বীত পৰিণত হৈছে তৃণমূল কংগ্ৰেছ আৰু মমতা বেনাৰ্জী। লোকসভাৰ সাংসদৰ সংখ্যাৰে উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ পাছতেই তৃতীয় স্থানত আছে পশ্চিম বংগ। য’ৰ পৰা ৪১জন সাংসদ লোকসভালৈ নিৰ্বাচিত হয়। এনে এখন বৃহৎ ৰাজ্যৰ প্ৰতি বিজেপিৰ লোভনীয় দৃষ্টি স্বাভাৱিক। পশ্চিম বংগৰ ভোটাৰৰ মন জয় কৰিবলৈ গত দিনবোৰত বিজেপিয়ে বহু চেষ্টা অব্যাহত ৰখা দেখা গৈছে। বিশেষকৈ পশ্চিম বংগত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা বঙালী সম্প্ৰদায়ৰ লোকসকলক মোহাচ্ছন্ন কৰিবলৈ বিজেপিৰ ন ন কৌশলে সময়ে সময়ে চকু চাট মাৰি ধৰে। যোৱা দিনবোৰত বিজেপিয়ে ‘কা’ৰ জৰিয়তে বাংলাদেশৰ নিৰ্যাতিত বঙালী হিন্দুসকলক ভাৰতবৰ্ষত সংস্থাপন দিম বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু, শিক্ষিত জাতি হিচাপে বঙালীসকলে বুজি পালে বিজেপিৰ চতুৰামি। বঙালীসকলে বুজি পায় কি সঁচা-কি মিছা, কি শুদ্ধ-কি অশুদ্ধ। যাৰ বাবে উচিত প্ৰত্যুত্তৰ পালে বিজেপিয়ে। বঙালীসকলক ভুলাবলৈ এইবাৰ বিজেপিয়ে গ্ৰহণ কৰিছে আন এক পন্থা। ভাৰতৰ প্ৰাতঃস্মৰণীয় পুৰোধা ব্যক্তি, স্বাধীনতা সেনানী নেতাজী সুভাষ চন্দ্ৰ বসুক সন্মান জনাই বঙালী সম্প্ৰদায়ৰ মন জয়ৰ প্ৰচেষ্টা বিজেপিৰ। জাত্যাভিমানী বঙালীসকলৰ নেতাজী, ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰে ব্যক্তিৰ প্ৰতি থকা অধিক আদৰ-সন্মানৰ লাভ উঠাব বিচাৰিছে নেকি বিজেপিয়ে, তাক লৈ এতিয়া চৌদিশে সৰব চৰ্চা অব্যাহত। প্ৰতিবছৰে ২৪ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা গণৰাজ্য দিৱস সমাৰোহ এইবাৰ এটা দিন আগৰে পৰা অনুস্থিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ২৩ জানুৱাৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনৰ দিনাৰ পৰাই এইবাৰ আৰম্ভ হ’ব গণৰাজ্য দিৱস সমাৰোহ। নেতাজীক সন্মান জনোৱাৰ স্বাৰ্থতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে কেন্দ্ৰীয় চৰকাৰে। শ্বহীদ আৰু স্বাধীনতা সেনানীক সন্মান জনোৱাতো চৰকাৰ দেশৰ প্ৰতিজন নাগৰিকৰ কৰ্তব্য। তাৰ বাবে চৰকাৰৰ এই সিদ্ধান্তক অকপটে আদৰি ল’ব দেশৰ প্ৰতিজন নাগৰিকে। কিন্তু, ২০২৪ চনৰ লোকসভা নিৰ্বাচনত জাত্যাভিমানী বঙালী সম্প্ৰদায় অধ্যুষিত পশ্চিম বংগত খোপনি পোতাৰ উদ্দেশ্যে এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বুলি ওলোৱা গুজবে এতিয়া স্বাভাৱিকতেই প্ৰাধান্য লাভ কৰিছে। অসমৰ নিৰ্বাচনৰ আগে আগে কান্ধত গামোচা লোৱা, পশ্চিম বংগৰ নিৰ্বাচনৰ আগে আগে ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰে মুখাৱয়বৰ গঢ় দিয়া নৰেন্দ্ৰ মোদীয়ে পুনৰ নতুন পদ্ধতিৰে আগবাঢ়িছে বুলি সমালোচিত হৈছে দেশৰ প্ৰতিটো প্ৰান্তত। শ্বহীদ আৰু স্বাধীনতা সেনানীক দিয়া চৰকাৰৰ এই সন্মান নিশ্চিতভাৱে এক সন্মানীয় সিদ্ধান্ত। কিন্তু, যিদৰে আলোচিত হৈছে, সেয়াই যদি চৰকাৰৰ মূল লক্ষ্য হয়, তেনেহ’লে এয়া অতি উদ্বেগজনক হিচাপে বিবেচিত হ’ব। জাতিৰ পিতা মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেক পূজা কৰা বিজেপিৰ বাবে নেতাজীক নিৰ্বাচনী আহিলা হিচাপে ব্যৱহাৰ কৰাতো কোনো দ্বিধাগ্ৰস্ততাৰ কাৰণ হ’ব নোৱাৰে বুলিও সচেতন মহলত এতিয়া সৰব চৰ্চা চলিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ