--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালিৰ বিয়া যথেষ্ট ব্যয়বহুল হ'ল। বিয়াৰ নামত লাখ লাখ টকা অযথা উৰুৱাই দিয়াৰ উদাহৰণো আমাৰ সমাজত দেখিবলৈ পোৱা যায়। প্ৰায়ে দেখা যায় যে মানুহে তেওঁলোকৰ বিবাহক স্মৰণীয় কৰি তুলিবলৈ বিভিন্ন জাকজমকতাৰ আশ্ৰয় লয়। দৰাই কইনা আনিবলৈ যায় বিলাসী গাড়ীত উঠি। বিয়াখন লাখ লাখ টকা খৰচ কৰি পাতে কেৱল মানুহক দেখুৱাবৰ বাবে। সকলোতে যেন প্ৰতিযোগিতাৰ বাহাৰ। এইখিনিতে এগৰাকী আৰক্ষী বিষয়াৰ বিয়াই সকলোতে চৰ্চা লাভ কৰিছে। চৰ্চা লাভ কৰাৰ কাৰণটো হ'ল আৰক্ষী বিষয়াগৰাকীয়ে সকলো জাকজমকতা পৰিহাৰ কৰি একেবাৰে সাধাৰণভাৱে বিয়াখন অনুষ্ঠিত কৰে। আৰক্ষী বিষয়াগৰাকী হল মধ্য প্ৰদেশৰ পৃথ্বীপুৰৰ ডিএছপি সন্তোষ কুমাৰ পেটেল। ডিএছপি পেটেলে আনৰ সংস্কৃতি অনুসৰণ নকৰি একেবাৰে নিজৰ জাতীয় পৰম্পৰা অনুসৰি বিয়াখন পাতে। কইনা ৰোশনীক চাইকেলত তুলি আনিছিল দৰা ডিএছপি সন্তোষ কুমাৰ পেটেলে। বিয়াখনে মানুহক বহু পুৰণি সংস্কৃতিৰ এক আভাস দিছে। ডিএছপি সন্তোষ কুমাৰ পেটেলে হিন্দু ৰীতি-নীতি আৰু সংস্কৃতি আৰু সংস্কাৰৰ সৈতে অতি সৰলভাৱে বিবাহপাশত আৱদ্ধ হৈছিল। দৰা-কইনায়েও একেবাৰে সাধাৰণ পৰম্পৰাগত পোচাক পৰিধান কৰিছিল। দৰাই পিন্ধিছিল তালপাতেৰে বনোৱা মুকুট। চাইকেলত অহা দৰা-কইনাৰ ফটো আৰু ভিডিঅ' ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। ডিএছপি সন্তোষ কুমাৰ পেটেলে তেওঁৰ কৰ্মৰাজিৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে কিন্তু তেওঁ এইবাৰ অনন্য শৈলীৰে একেবাৰে সাধাৰণভাৱে পতা বিয়াখনৰ বাবে চহৰখনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ইমান এটা ডাঙৰ চাকৰি কৰাৰ পাছতো, সমাজৰ আগশাৰীৰ মানুহ হোৱাৰ পাছতো তেওঁ অত্যাধুনিকতা ত্যাগ কৰি সম্পূৰ্ণ দেশী শৈলীত বিবাহপাশত আৱদ্ধ হৈছিল। ডিএছপি সন্তোষ কুমাৰ পেটেল আৰু ৰোশনীৰ যুগ্ম জীৱন মধুৰ হ'বলৈ সকলোৱে শুভকামনা আৰু আশীৰ্বাদ জনাইছে। আৰু পঢ়কঃ ভূত আছে,বিজ্ঞানে সকলো বস্তু ঢুকি নাপায়! আইআইটি মাণ্ডিৰ সঞ্চালকৰ বক্তব্যক লৈ চৰ্চা    
FOLLOW US F
POPULAR
FEATURE
TRENDY
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ