--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালিৰ বিয়া যথেষ্ট ব্যয়বহুল হ'ল। বিয়াৰ নামত লাখ লাখ টকা অযথা উৰুৱাই দিয়াৰ উদাহৰণো আমাৰ সমাজত দেখিবলৈ পোৱা যায়। প্ৰায়ে দেখা যায় যে মানুহে তেওঁলোকৰ বিবাহক স্মৰণীয় কৰি তুলিবলৈ বিভিন্ন জাকজমকতাৰ আশ্ৰয় লয়। দৰাই কইনা আনিবলৈ যায় বিলাসী গাড়ীত উঠি। বিয়াখন লাখ লাখ টকা খৰচ কৰি পাতে কেৱল মানুহক দেখুৱাবৰ বাবে। সকলোতে যেন প্ৰতিযোগিতাৰ বাহাৰ। এইখিনিতে এগৰাকী আৰক্ষী বিষয়াৰ বিয়াই সকলোতে চৰ্চা লাভ কৰিছে। চৰ্চা লাভ কৰাৰ কাৰণটো হ'ল আৰক্ষী বিষয়াগৰাকীয়ে সকলো জাকজমকতা পৰিহাৰ কৰি একেবাৰে সাধাৰণভাৱে বিয়াখন অনুষ্ঠিত কৰে। আৰক্ষী বিষয়াগৰাকী হল মধ্য প্ৰদেশৰ পৃথ্বীপুৰৰ ডিএছপি সন্তোষ কুমাৰ পেটেল। ডিএছপি পেটেলে আনৰ সংস্কৃতি অনুসৰণ নকৰি একেবাৰে নিজৰ জাতীয় পৰম্পৰা অনুসৰি বিয়াখন পাতে। কইনা ৰোশনীক চাইকেলত তুলি আনিছিল দৰা ডিএছপি সন্তোষ কুমাৰ পেটেলে। বিয়াখনে মানুহক বহু পুৰণি সংস্কৃতিৰ এক আভাস দিছে। ডিএছপি সন্তোষ কুমাৰ পেটেলে হিন্দু ৰীতি-নীতি আৰু সংস্কৃতি আৰু সংস্কাৰৰ সৈতে অতি সৰলভাৱে বিবাহপাশত আৱদ্ধ হৈছিল। দৰা-কইনায়েও একেবাৰে সাধাৰণ পৰম্পৰাগত পোচাক পৰিধান কৰিছিল। দৰাই পিন্ধিছিল তালপাতেৰে বনোৱা মুকুট। চাইকেলত অহা দৰা-কইনাৰ ফটো আৰু ভিডিঅ' ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। ডিএছপি সন্তোষ কুমাৰ পেটেলে তেওঁৰ কৰ্মৰাজিৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে কিন্তু তেওঁ এইবাৰ অনন্য শৈলীৰে একেবাৰে সাধাৰণভাৱে পতা বিয়াখনৰ বাবে চহৰখনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ইমান এটা ডাঙৰ চাকৰি কৰাৰ পাছতো, সমাজৰ আগশাৰীৰ মানুহ হোৱাৰ পাছতো তেওঁ অত্যাধুনিকতা ত্যাগ কৰি সম্পূৰ্ণ দেশী শৈলীত বিবাহপাশত আৱদ্ধ হৈছিল। ডিএছপি সন্তোষ কুমাৰ পেটেল আৰু ৰোশনীৰ যুগ্ম জীৱন মধুৰ হ'বলৈ সকলোৱে শুভকামনা আৰু আশীৰ্বাদ জনাইছে। আৰু পঢ়কঃ ভূত আছে,বিজ্ঞানে সকলো বস্তু ঢুকি নাপায়! আইআইটি মাণ্ডিৰ সঞ্চালকৰ বক্তব্যক লৈ চৰ্চা    

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন