--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ‘অখিল গগৈ এটা বিগ জিৰো। ৭০টা সংগঠনে শিৱসাগৰত প্ৰচাৰ কৰাৰ বাবেহে জয় হৈছিল অখিল গগৈ’ - উপ-নিৰ্বাচনৰ ফলাফলৰ পাছতে সংবাদমেলত ৰাইজৰ দলৰ পদত্যাগী ৰাজ্যিক সম্পাদক অনুপ শইকীয়াই বিস্ফোৰক মন্তব্য কৰিছে। ৰাইজৰ দলৰ পৰা পদত্যাগ কৰাৰ পাছতে অনুপ শইকীয়াই অখিল গগৈ আৰু ৰাইজৰ দলৰ ব্যৰ্থতাক উদঙাই দি অখিল তথা দলটোক ক্ষুৰধাৰ সমালোচনা কৰে।

নানা গুৰুতৰ অভিযোগ উত্থাপন কৰি তেওঁ কয়, উপ-নিৰ্বাচনৰ ফলাফলৰ পাছতে মৰিয়নি আৰু থাওৰা সমষ্টিৰ ৰাইজে প্ৰমাণ কৰি দিলে যে, অখিল গগৈ নামৰ কোনো এক সত্বা নাই, অখিল গগৈ বিগ জিৰ৷ ৭০ সংগঠনৰ বেনাৰত গঠন হোৱা ৰাইজৰ দলৰ পৰা প্ৰায় ১২টাকৈ সংগঠনে ইতিমধ্যে অখিল গগৈৰ সৈতে মত বিৰোধ হোৱা বাবে ৰাইজৰ দলৰ পৰা পদত্যাগ কৰিছে৷ ৰাইজৰ দলক ব্যক্তিগত কোম্পানী আখ্যা দি অনুপ শইকীয়াই কয়, অখিল গগৈয়ে বিধায়ক হোৱাৰ পাছত যি মন যাই সেয়াই কৰি আছে৷ উপ-নিৰ্বাচনত বিজেপিক জয়ী কৰাবৰ বাবেই দুটাকৈ সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিলে অখিলে আৰু সেই লক্ষ্যত তেওঁ সফল হৈছে৷


ইয়াৰ উপৰি তেওঁ কয়, যদিহে সঁচা অৰ্থত জাতীয়তাবাদ কৰিব বিচাৰিছে তেন্তে আনৰ বোকোচাত উঠি জাতিয়তাবাদ কৰাটো বন্ধ কৰিব লাগে৷ অখিল গগৈ যে ভুৱা জাতিয়তাবাদী সেয়া এই উপ-নিৰ্বাচনৰ ফলাফলতে স্পষ্টভাৱে প্ৰমাণিত হৈছে৷ তেওঁ লগতে কয়, ‘অখিল গগৈ এজন বিধায়ক নহয়, এজন উদণ্ড যুৱক৷ যি দৰে এজন কলেজীয়া ছাত্ৰক নতুন বাইক কিনি দলে ফিৰফিৰাই চলাই গুচি যায় তেনেদৰে অখিল গগৈয়ে ১২০ত বাইক চলাই যাম বুলি ভাবিছে অসমৰ ৰাজনীতিত৷’ ৭০সংগঠন একলগ হৈ যুঁজ দিয়াৰ বাবেহে আজি অখিল গগৈ শিৱসাগৰত বিধায়ক হৈ আছে বুলিও তেওঁ মন্তব্য কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ