--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ‘অখিল গগৈ এটা বিগ জিৰো। ৭০টা সংগঠনে শিৱসাগৰত প্ৰচাৰ কৰাৰ বাবেহে জয় হৈছিল অখিল গগৈ’ - উপ-নিৰ্বাচনৰ ফলাফলৰ পাছতে সংবাদমেলত ৰাইজৰ দলৰ পদত্যাগী ৰাজ্যিক সম্পাদক অনুপ শইকীয়াই বিস্ফোৰক মন্তব্য কৰিছে। ৰাইজৰ দলৰ পৰা পদত্যাগ কৰাৰ পাছতে অনুপ শইকীয়াই অখিল গগৈ আৰু ৰাইজৰ দলৰ ব্যৰ্থতাক উদঙাই দি অখিল তথা দলটোক ক্ষুৰধাৰ সমালোচনা কৰে।

নানা গুৰুতৰ অভিযোগ উত্থাপন কৰি তেওঁ কয়, উপ-নিৰ্বাচনৰ ফলাফলৰ পাছতে মৰিয়নি আৰু থাওৰা সমষ্টিৰ ৰাইজে প্ৰমাণ কৰি দিলে যে, অখিল গগৈ নামৰ কোনো এক সত্বা নাই, অখিল গগৈ বিগ জিৰ৷ ৭০ সংগঠনৰ বেনাৰত গঠন হোৱা ৰাইজৰ দলৰ পৰা প্ৰায় ১২টাকৈ সংগঠনে ইতিমধ্যে অখিল গগৈৰ সৈতে মত বিৰোধ হোৱা বাবে ৰাইজৰ দলৰ পৰা পদত্যাগ কৰিছে৷ ৰাইজৰ দলক ব্যক্তিগত কোম্পানী আখ্যা দি অনুপ শইকীয়াই কয়, অখিল গগৈয়ে বিধায়ক হোৱাৰ পাছত যি মন যাই সেয়াই কৰি আছে৷ উপ-নিৰ্বাচনত বিজেপিক জয়ী কৰাবৰ বাবেই দুটাকৈ সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিলে অখিলে আৰু সেই লক্ষ্যত তেওঁ সফল হৈছে৷


ইয়াৰ উপৰি তেওঁ কয়, যদিহে সঁচা অৰ্থত জাতীয়তাবাদ কৰিব বিচাৰিছে তেন্তে আনৰ বোকোচাত উঠি জাতিয়তাবাদ কৰাটো বন্ধ কৰিব লাগে৷ অখিল গগৈ যে ভুৱা জাতিয়তাবাদী সেয়া এই উপ-নিৰ্বাচনৰ ফলাফলতে স্পষ্টভাৱে প্ৰমাণিত হৈছে৷ তেওঁ লগতে কয়, ‘অখিল গগৈ এজন বিধায়ক নহয়, এজন উদণ্ড যুৱক৷ যি দৰে এজন কলেজীয়া ছাত্ৰক নতুন বাইক কিনি দলে ফিৰফিৰাই চলাই গুচি যায় তেনেদৰে অখিল গগৈয়ে ১২০ত বাইক চলাই যাম বুলি ভাবিছে অসমৰ ৰাজনীতিত৷’ ৭০সংগঠন একলগ হৈ যুঁজ দিয়াৰ বাবেহে আজি অখিল গগৈ শিৱসাগৰত বিধায়ক হৈ আছে বুলিও তেওঁ মন্তব্য কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু