--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সদ্যোঘোষিত উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনী ফলাফলত কেৱল বিজেপিয়ে ৪১শতাংশতকৈ অধিক ভোট লাভ কৰিছে। অখিলেশৰ সমাজবাদী দলে ৩২ শতাংশতকৈ অধিক ভোট লাভ কৰিছে। ২০১৭ বৰ্ষৰ তুলনাত, এইবাৰ বিজেপিৰ ভোটৰ প্ৰায় ৩ শতাংশ আৰু সমাদবাদীৰ ভোটৰ অংশ প্ৰায় ১১ শতাংশ বৃদ্ধি পাইছে। আনহাতে, বহুজন সমাজবাদী দলে ২০২১৭ চনতকৈ ২২% তকৈ অধিক ভোট লাভ কৰিছিল, কিন্তু এইবাৰ ই ১২%লৈ হ্ৰাস পাইছে। মায়াৱতীয়ে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত বিএছপিৰ বিপৰ্যয়ৰ বাবে সংবাদ মাধ্যমক দোষাৰোপ কৰিছে। শনিবাৰে, তেওঁ অভিযোগ কৰে যে বিভিন্ন টিভি চেনেলে একপক্ষীয়ভাৱে বিজেপিৰ হৈ প্ৰচাৰ কৰিছে। বহুজন সমাজবাদী দলৰ নেত্ৰীগৰাকীয়ে কয় যে, ‘জাতি-আধাৰিত কাৰ্যসূচীসমূহত বিশেষ কেইটামান ৰাজনৈতিক দলে পৰিকল্পিত ভাৱে প্ৰচাৰ চলাই আহিছে। গতিকে এনে পৰিস্থিতিত আমি সিদ্ধান্ত লৈছো যে, কোনো বিএছপি প্ৰতিনিধিয়ে টিভি চেনেলৰ কোনো অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে।’ লক্ষ্ণৌত কুৰ্চি দখলৰ যুঁজত বিজেপিয়ে একেৰাহে দুবাৰকৈ জয়লাভ কৰাৰ আঁৰত দলিত ভোটসমূহে, উচ্চ বৰ্ণৰ লগতে এইবাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা গৈছে। যদিও বিএছপিয়ে ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত ২২%তকৈ অধিক ভোট লাভ কৰিছিল, এইবাৰ ই ১২%লৈ হ্ৰাস পাইছে। বিএছপিয়ে ৪০৩ আসনৰ উত্তৰ প্ৰদেশ বিধানসভাত মাত্ৰ এখন আসন হে জিকিছে। চাৰে তিনি দশক পুৰণি দলটোৰ দলিত ভোটৰ অংশ পদুম শিবিৰলৈ যোৱাৰ বাবে যোৱা পাঁচ বছৰ তুলনাত বিজেপিৰ ভোটৰ অংশ ৩ শতাংশতকৈও অধিক বৃদ্ধি হোৱা দেখা গৈছে। উত্তৰ প্ৰদেশত দলিত সম্প্ৰদায়ৰ পৰা ৬০ টাতকৈয়ো অধিক উপগোট আছে। তাৰে ভিতৰত আটাইতকৈ ডাঙৰ হৈছে জাটাভ (চামাৰ) উপগোট। মায়াও হৈছে সেই সমাজৰ প্ৰতিনিধি। যদিও বিএছপিয়ে এইবাৰ জাটাৱসকলৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হ’ল যদিও, বহু ৰাজনৈতিক বিশ্লেষকে বিশ্বাস কৰে যে কোৰি, পাচী আৰু খতিকৰ দৰে আন ডাঙৰ দলিত উপ-গোটৰ ভোট বিজেপিৰ পক্ষলৈ গৈছে। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক