--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সদ্যোঘোষিত উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনী ফলাফলত কেৱল বিজেপিয়ে ৪১শতাংশতকৈ অধিক ভোট লাভ কৰিছে। অখিলেশৰ সমাজবাদী দলে ৩২ শতাংশতকৈ অধিক ভোট লাভ কৰিছে। ২০১৭ বৰ্ষৰ তুলনাত, এইবাৰ বিজেপিৰ ভোটৰ প্ৰায় ৩ শতাংশ আৰু সমাদবাদীৰ ভোটৰ অংশ প্ৰায় ১১ শতাংশ বৃদ্ধি পাইছে। আনহাতে, বহুজন সমাজবাদী দলে ২০২১৭ চনতকৈ ২২% তকৈ অধিক ভোট লাভ কৰিছিল, কিন্তু এইবাৰ ই ১২%লৈ হ্ৰাস পাইছে। মায়াৱতীয়ে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত বিএছপিৰ বিপৰ্যয়ৰ বাবে সংবাদ মাধ্যমক দোষাৰোপ কৰিছে। শনিবাৰে, তেওঁ অভিযোগ কৰে যে বিভিন্ন টিভি চেনেলে একপক্ষীয়ভাৱে বিজেপিৰ হৈ প্ৰচাৰ কৰিছে। বহুজন সমাজবাদী দলৰ নেত্ৰীগৰাকীয়ে কয় যে, ‘জাতি-আধাৰিত কাৰ্যসূচীসমূহত বিশেষ কেইটামান ৰাজনৈতিক দলে পৰিকল্পিত ভাৱে প্ৰচাৰ চলাই আহিছে। গতিকে এনে পৰিস্থিতিত আমি সিদ্ধান্ত লৈছো যে, কোনো বিএছপি প্ৰতিনিধিয়ে টিভি চেনেলৰ কোনো অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে।’ লক্ষ্ণৌত কুৰ্চি দখলৰ যুঁজত বিজেপিয়ে একেৰাহে দুবাৰকৈ জয়লাভ কৰাৰ আঁৰত দলিত ভোটসমূহে, উচ্চ বৰ্ণৰ লগতে এইবাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা গৈছে। যদিও বিএছপিয়ে ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত ২২%তকৈ অধিক ভোট লাভ কৰিছিল, এইবাৰ ই ১২%লৈ হ্ৰাস পাইছে। বিএছপিয়ে ৪০৩ আসনৰ উত্তৰ প্ৰদেশ বিধানসভাত মাত্ৰ এখন আসন হে জিকিছে। চাৰে তিনি দশক পুৰণি দলটোৰ দলিত ভোটৰ অংশ পদুম শিবিৰলৈ যোৱাৰ বাবে যোৱা পাঁচ বছৰ তুলনাত বিজেপিৰ ভোটৰ অংশ ৩ শতাংশতকৈও অধিক বৃদ্ধি হোৱা দেখা গৈছে। উত্তৰ প্ৰদেশত দলিত সম্প্ৰদায়ৰ পৰা ৬০ টাতকৈয়ো অধিক উপগোট আছে। তাৰে ভিতৰত আটাইতকৈ ডাঙৰ হৈছে জাটাভ (চামাৰ) উপগোট। মায়াও হৈছে সেই সমাজৰ প্ৰতিনিধি। যদিও বিএছপিয়ে এইবাৰ জাটাৱসকলৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হ’ল যদিও, বহু ৰাজনৈতিক বিশ্লেষকে বিশ্বাস কৰে যে কোৰি, পাচী আৰু খতিকৰ দৰে আন ডাঙৰ দলিত উপ-গোটৰ ভোট বিজেপিৰ পক্ষলৈ গৈছে। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু