--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ চৰম ব্যৰ্থতাৰ পাছত এতিয়া কংগ্ৰেছৰ ভিতৰচ’ৰাতে আৰম্ভ হৈছে মুকলি বিদ্ৰোহ৷ ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব সলনিৰ প্ৰসংগৰে নিৰ্বাচনী ফলাফলৰ পাছতে মুখ খুলিছিল জ্যেষ্ঠ কংগ্ৰেছ নেতা শশী থাৰুৰে৷ নিৰ্বাচনী ফলাফলত দলীয় অৱনতিৰ পাছত জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা গোলাম নবী আজাদৰ বাসভৱনত কংগ্ৰেছৰ ‘জি-২৩’ নেতাৰ বৈঠক অনুষ্ঠিত হৈছে৷ কংগ্ৰেছৰ ‘জি-২৩’ দলৰ নেতাসকল শুকুৰবাৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা গোলাম নবী আজাদৰ দিল্লীস্থ বাসভৱনত মিলিত হয়৷ বৈঠকখন অনুষ্ঠিত হৈ থকাৰ মাজতে কংগ্ৰেছ নেতৃত্বই কৈছে যে দলৰ মুৰব্বী ছোনিয়া গান্ধীয়ে শীঘ্ৰেই দলৰ কাৰ্যকৰী সমিতিৰ এখন বৈঠক আহ্বান কৰিব। বৈঠকত উপস্থিত থকা সকলৰ ভিতৰত কংগ্ৰেছ নেতা ভূপিন্দৰ সিং হুডা, মনীষ তিৱাৰী, কপিল ছিবাল আৰু আনন্দ শৰ্মা, অখিলেশ প্ৰসাদ সিং অন্যতম৷ উল্লেখযোগ্য যে, ‘জি-২৩’ নেতাসকলে ২০২০ৰ আগষ্টত দলৰ মুৰব্বী ছোনিয়া গান্ধীলৈ চিঠি লিখি বিভিন্ন পৰ্যায়ত প্ৰত্যক্ষ নিৰ্বাচনকে ধৰি দলটোত ব্যাপক সংস্কাৰৰ আহ্বান জনাইছিল। কংগ্ৰেছে বৃহস্পতিবাৰে কৈছিল যে পাঁচখন ৰাজ্যৰ ফলাফল দলটোৰ আশাৰ বিপৰীতে আহিছে৷ দলৰ নেতা ৰণদীপ সিং সুৰজেৱালাই কৈছিল যে ৰাজনৈতিক পদবীৰ দৌৰে দলটোৰ স্থিতি এনেদৰে হ্ৰাস কৰিছে নেকি য’ত আমি আমাৰ অজানিতে বিৰোধী দলক সহায় কৰি আছোঁ৷ তেওঁ লগতে কয় যে, এই প্ৰশ্নৰ উত্তৰ কেৱল পঞ্জাব অথবা উত্তৰাখণ্ডতে নহয়, সমগ্ৰ দেশতে দিয়া প্ৰয়োজন। সুৰজেৱালাই পঞ্জাবত ক্ষমতা-বিৰোধীৰ কথাও উল্লেখ কৰিছিল৷ তেওঁ কয়, পঞ্জাবত কংগ্ৰেছে মাটিৰ পুত্ৰ চৰণজিৎ সিং চান্নীৰ জৰিয়তে এক নতুন নেতৃত্ব প্ৰদান কৰে, কিন্তু কেপ্টেইন অমৰিন্দৰ সিঙৰ অধীনত ৪.৫ বছৰৰ সমগ্ৰ ক্ষমতা-বিৰোধিতা অতিক্ৰম কৰিব পৰা নগ’ল আৰু সেয়েহে মানুহে পৰিৱৰ্তনৰ বাবে আপক ভোট দিলে৷ এনেদৰেই এতিয়া বাদ-বিবাদেৰে জৰ্জৰিত হৈ পৰিছে কংগ্ৰেছ দল‍৷ আৰু, নেতৃত্ব সলনিৰ প্ৰসংগ উচ্চাৰিত হৈছে পূৰ্বতকৈ অধিক তীব্ৰতাৰে৷ তাৰেই প্ৰতিফলন দেখা গ’ল শশী থাৰুৰৰ টুইটৰ পৰা গোলাম নবী আজাদৰ বাসভৱনৰ বৈঠকলৈকে৷ BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য