--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ চৰম ব্যৰ্থতাৰ পাছত এতিয়া কংগ্ৰেছৰ ভিতৰচ’ৰাতে আৰম্ভ হৈছে মুকলি বিদ্ৰোহ৷ ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব সলনিৰ প্ৰসংগৰে নিৰ্বাচনী ফলাফলৰ পাছতে মুখ খুলিছিল জ্যেষ্ঠ কংগ্ৰেছ নেতা শশী থাৰুৰে৷ নিৰ্বাচনী ফলাফলত দলীয় অৱনতিৰ পাছত জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা গোলাম নবী আজাদৰ বাসভৱনত কংগ্ৰেছৰ ‘জি-২৩’ নেতাৰ বৈঠক অনুষ্ঠিত হৈছে৷ কংগ্ৰেছৰ ‘জি-২৩’ দলৰ নেতাসকল শুকুৰবাৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা গোলাম নবী আজাদৰ দিল্লীস্থ বাসভৱনত মিলিত হয়৷ বৈঠকখন অনুষ্ঠিত হৈ থকাৰ মাজতে কংগ্ৰেছ নেতৃত্বই কৈছে যে দলৰ মুৰব্বী ছোনিয়া গান্ধীয়ে শীঘ্ৰেই দলৰ কাৰ্যকৰী সমিতিৰ এখন বৈঠক আহ্বান কৰিব। বৈঠকত উপস্থিত থকা সকলৰ ভিতৰত কংগ্ৰেছ নেতা ভূপিন্দৰ সিং হুডা, মনীষ তিৱাৰী, কপিল ছিবাল আৰু আনন্দ শৰ্মা, অখিলেশ প্ৰসাদ সিং অন্যতম৷ উল্লেখযোগ্য যে, ‘জি-২৩’ নেতাসকলে ২০২০ৰ আগষ্টত দলৰ মুৰব্বী ছোনিয়া গান্ধীলৈ চিঠি লিখি বিভিন্ন পৰ্যায়ত প্ৰত্যক্ষ নিৰ্বাচনকে ধৰি দলটোত ব্যাপক সংস্কাৰৰ আহ্বান জনাইছিল। কংগ্ৰেছে বৃহস্পতিবাৰে কৈছিল যে পাঁচখন ৰাজ্যৰ ফলাফল দলটোৰ আশাৰ বিপৰীতে আহিছে৷ দলৰ নেতা ৰণদীপ সিং সুৰজেৱালাই কৈছিল যে ৰাজনৈতিক পদবীৰ দৌৰে দলটোৰ স্থিতি এনেদৰে হ্ৰাস কৰিছে নেকি য’ত আমি আমাৰ অজানিতে বিৰোধী দলক সহায় কৰি আছোঁ৷ তেওঁ লগতে কয় যে, এই প্ৰশ্নৰ উত্তৰ কেৱল পঞ্জাব অথবা উত্তৰাখণ্ডতে নহয়, সমগ্ৰ দেশতে দিয়া প্ৰয়োজন। সুৰজেৱালাই পঞ্জাবত ক্ষমতা-বিৰোধীৰ কথাও উল্লেখ কৰিছিল৷ তেওঁ কয়, পঞ্জাবত কংগ্ৰেছে মাটিৰ পুত্ৰ চৰণজিৎ সিং চান্নীৰ জৰিয়তে এক নতুন নেতৃত্ব প্ৰদান কৰে, কিন্তু কেপ্টেইন অমৰিন্দৰ সিঙৰ অধীনত ৪.৫ বছৰৰ সমগ্ৰ ক্ষমতা-বিৰোধিতা অতিক্ৰম কৰিব পৰা নগ’ল আৰু সেয়েহে মানুহে পৰিৱৰ্তনৰ বাবে আপক ভোট দিলে৷ এনেদৰেই এতিয়া বাদ-বিবাদেৰে জৰ্জৰিত হৈ পৰিছে কংগ্ৰেছ দল‍৷ আৰু, নেতৃত্ব সলনিৰ প্ৰসংগ উচ্চাৰিত হৈছে পূৰ্বতকৈ অধিক তীব্ৰতাৰে৷ তাৰেই প্ৰতিফলন দেখা গ’ল শশী থাৰুৰৰ টুইটৰ পৰা গোলাম নবী আজাদৰ বাসভৱনৰ বৈঠকলৈকে৷ BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক