--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্য এখনৰ কাম-কাজ সুকলমে পালন কৰা ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু ৰাজ্যপাল ৰ মাজত এটা সু-সম্পৰ্ক থকাটো অতীৱ প্ৰয়োজন। কিন্তু সকলো সম্পৰ্ক চেৰাই পশ্চিম বংগত দেখিবলৈ পোৱা গ’ল এক বিপৰীত ছবি। পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ ৰাজ্য চৰকাৰ আৰু সাংবিধানিক মুৰব্বী ৰাজ্যপালৰ মাজত সংঘাট তীব্ৰতৰ হৈ উঠিছিল। তৃণমূল কংগ্ৰেছৰ অভিযোগ মতে, ৰাজ্যপালে সময়ে সময়ে বিজেপিৰ মুখপাত্ৰৰ দৰে আচৰণ কৰে। পূৰ্বে ৰাজ্যপালে তেওঁৰ কাৰ্যালয়ৰ ক্ষমতা প্ৰয়োগেৰে ৰাজ্যৰ বিধানসভা অধিৱেশন স্থগিত ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল। যাৰ বাবে পুনৰ তুংগত উঠিছিল চৰকাৰ আৰু ৰাজ্যপালৰ বাদ-বিবাদ। তাৰ পৰিণতিত কলিকতা উচ্চ ন্যায়ালয়ে শুকুৰবাৰে জগদীপ ধনখৰক পশ্চিম বংগৰ ৰাজ্যপাল পদৰ পৰা অপসাৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিবলৈ বিচৰা এখন পিআইএল নাকচ কৰিছে। মুখ্য ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱ আৰু ন্যায়াধীশ আৰ ভৰদ্বাজক লৈ গঠিত এটা খণ্ড বিচাৰপীঠে কৈছিল যে সংবিধানৰ ৩৬১ অনুচ্ছেদৰ অধীনত ৰাজ্যপালে তেওঁৰ কাৰ্যালয়ৰ ক্ষমতা আৰু কৰ্তব্যৰ প্ৰয়োগ তথা প্ৰদৰ্শনৰ বাবে তেওঁ কোনো আদালতৰ ওচৰত উত্তৰ দিবলগীয়া নহয়। বিচাৰপীঠখনে ধনখৰক পশ্চিম বংগৰ ৰাজ্যপাল পদৰ পৰা অপসাৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ বিচৰা আৱেদনখন নাকচ কৰিছিল। কলিকতা উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তা তথা আবেদনকাৰী ৰামা প্ৰসাদ সৰকাৰে আদালতত এখন ৰিট আবেদন দাখিল কৰি দাবী কৰিছিল যে ৰাজ্যপাল গৰাকীয়ে ৰাজ্যখনৰ কাম-কাজত হস্তক্ষেপ কৰিছে আৰু ইয়াৰ বিৰুদ্ধে নানা মন্তব্যৰে পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছ চৰকাৰক বদনাম কৰিছে। আবেদনকাৰীয়ে লগতে দাবী কৰিছিল যে ৰাজ্যপাল ধানখৰে পশ্চিম বংগত ‘ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) মুখপাত্ৰ হিচাপে কাম কৰি আছে’। আবেদনখনত এইটোও দাবী কৰা হৈছে যে ৰাজ্যপালে ৰাজ্যিক মন্ত্ৰী পৰিষদ আৰু বিষয়াসকলক পোনপটীয়াকৈ উপেক্ষা কৰি আছে। যাৰ দ্বাৰা সংবিধান উলংঘন হৈ আহিছে। বিধান পালিকাৰ কাৰ্য পদ্ধতিৰ সৈতে কাৰ্যপালিকাৰ মূৰব্বীৰ এনে দুই মেৰু বিভাজনে ৰাজ্যখনৰ প্ৰগতি কিমান দূৰ আগবাঢ়াই নিব সেয়া লক্ষণীয় হ’ব। কিন্তু দেশৰ সংবিধান বিশেষজ্ঞ আৰু ৰাজনৈতিক বিশ্লেষকৰ মতে এনে পৰিস্থিতি সঁচাই অনাহূত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ