ডিজিটেল ডেস্ক: ৰাজ্য এখনৰ কাম-কাজ সুকলমে পালন কৰা ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু ৰাজ্যপাল ৰ মাজত এটা সু-সম্পৰ্ক থকাটো অতীৱ প্ৰয়োজন। কিন্তু সকলো সম্পৰ্ক চেৰাই পশ্চিম বংগত দেখিবলৈ পোৱা গ’ল এক বিপৰীত ছবি। পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ ৰাজ্য চৰকাৰ আৰু সাংবিধানিক মুৰব্বী ৰাজ্যপালৰ মাজত সংঘাট তীব্ৰতৰ হৈ উঠিছিল। তৃণমূল কংগ্ৰেছৰ অভিযোগ মতে, ৰাজ্যপালে সময়ে সময়ে বিজেপিৰ মুখপাত্ৰৰ দৰে আচৰণ কৰে।
পূৰ্বে ৰাজ্যপালে তেওঁৰ কাৰ্যালয়ৰ ক্ষমতা প্ৰয়োগেৰে ৰাজ্যৰ বিধানসভা অধিৱেশন স্থগিত ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল। যাৰ বাবে পুনৰ তুংগত উঠিছিল চৰকাৰ আৰু ৰাজ্যপালৰ বাদ-বিবাদ। তাৰ পৰিণতিত কলিকতা উচ্চ ন্যায়ালয়ে শুকুৰবাৰে জগদীপ ধনখৰক পশ্চিম বংগৰ ৰাজ্যপাল পদৰ পৰা অপসাৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিবলৈ বিচৰা এখন পিআইএল নাকচ কৰিছে।
মুখ্য ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱ আৰু ন্যায়াধীশ আৰ ভৰদ্বাজক লৈ গঠিত এটা খণ্ড বিচাৰপীঠে কৈছিল যে সংবিধানৰ ৩৬১ অনুচ্ছেদৰ অধীনত ৰাজ্যপালে তেওঁৰ কাৰ্যালয়ৰ ক্ষমতা আৰু কৰ্তব্যৰ প্ৰয়োগ তথা প্ৰদৰ্শনৰ বাবে তেওঁ কোনো আদালতৰ ওচৰত উত্তৰ দিবলগীয়া নহয়। বিচাৰপীঠখনে ধনখৰক পশ্চিম বংগৰ ৰাজ্যপাল পদৰ পৰা অপসাৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ বিচৰা আৱেদনখন নাকচ কৰিছিল।
কলিকতা উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তা তথা আবেদনকাৰী ৰামা প্ৰসাদ সৰকাৰে আদালতত এখন ৰিট আবেদন দাখিল কৰি দাবী কৰিছিল যে ৰাজ্যপাল গৰাকীয়ে ৰাজ্যখনৰ কাম-কাজত হস্তক্ষেপ কৰিছে আৰু ইয়াৰ বিৰুদ্ধে নানা মন্তব্যৰে পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছ চৰকাৰক বদনাম কৰিছে। আবেদনকাৰীয়ে লগতে দাবী কৰিছিল যে ৰাজ্যপাল ধানখৰে পশ্চিম বংগত ‘ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) মুখপাত্ৰ হিচাপে কাম কৰি আছে’। আবেদনখনত এইটোও দাবী কৰা হৈছে যে ৰাজ্যপালে ৰাজ্যিক মন্ত্ৰী পৰিষদ আৰু বিষয়াসকলক পোনপটীয়াকৈ উপেক্ষা কৰি আছে। যাৰ দ্বাৰা সংবিধান উলংঘন হৈ আহিছে।
বিধান পালিকাৰ কাৰ্য পদ্ধতিৰ সৈতে কাৰ্যপালিকাৰ মূৰব্বীৰ এনে দুই মেৰু বিভাজনে ৰাজ্যখনৰ প্ৰগতি কিমান দূৰ আগবাঢ়াই নিব সেয়া লক্ষণীয় হ’ব। কিন্তু দেশৰ সংবিধান বিশেষজ্ঞ আৰু ৰাজনৈতিক বিশ্লেষকৰ মতে এনে পৰিস্থিতি সঁচাই অনাহূত।