--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এহাল প্ৰেমিক চৰাই! প্ৰেমৰ উন্মাদনাত পৰি দুয়ো ফুৰিবলৈ গৈছিল সেই অভিশপ্ত ঠাইখনলৈ৷ কিন্তু ঘূৰি আহে নশ্বৰদেহ৷ সঁচাকৈ ভূলণ্ঠিত হ’ল নেকি মানৱতা! চোৰ বুলি নিমৰ্মভাৱে হত্যা কৰিলে এজন যুৱকক৷ যুৱকজনৰ নাম আবিক মুখাৰ্জী৷ চোৰ কৰাৰ সন্দেহত গাঁওবাসীৰ প্ৰহাৰত মৃত্যু হয় আবিকৰ৷ ঘটনাটো সংঘটিত হৈছে কলকাতাৰ বাৰুইপুৰ বিধানসভা সমষ্টিৰ বেগমপুৰ গাঁও পঞ্চায়তৰ ২০০ নম্বৰ ক’লনীত। জানিব পৰা মতে, যুৱকজনক চিমেণ্টৰ লেম্পপোষ্টত বান্ধি ৰখা হৈছিল। আৰক্ষীসূত্ৰই জনোৱা অনুসৰি, বিগত কেইদিনমানত অঞ্চলটোত কেইবাটাও স্থানত চুৰিকাণ্ড সংঘটিত হৈছিল। বৃহস্পতিবাৰে অঞ্চলটোত যুৱকজনক দেখাৰ পাছত, আৱাসীসকলে চোৰ হোৱাৰ সন্দেহত তেওঁক প্ৰহাৰ কৰিছিল। আৰু পাছত তেওঁক এটা লেম্পপোষ্টত বান্ধি মাৰপিট কৰা হৈছিল বুলি জনা গৈছে। এই ঘটনাৰ খবৰ আৰক্ষীয়ে পোৱাৰ পাছত বাৰুইপুৰ আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীলৈ আহিছিল। আৰক্ষী সূত্ৰই জনোৱা মতে, গাঁওবাসীয়ে প্ৰেমিক যুগলক ঘেৰি ৰাখিছিল। আৰক্ষীয়ে যুৱকজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল। অভিযোগ অনুসৰি, সেই সময়ত গাঁওবাসীয়ে তেওঁলোকক আক্ৰমণ কৰিছিল। তেওঁলোকে দাবী কৰিছিল যে, আৰক্ষীয়ে এজন চোৰক উদ্ধাৰ কৰিবলৈ আহিছে। তাৰ পাছত তেওঁক বাৰুইপুৰ মহকুমা চিকিৎসালয়লৈ লৈ যোৱা হৈছিল য’ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল। আৰক্ষীৰ অনুসন্ধানতহে ওলাল ওৰহীৰ ওৰ৷ মৃতযুৱকজনৰ পৰিয়ালৰ সদস্যসকলে দাবী কৰিছিল যে, মৃত যুৱকজন এজন প্ৰচাৰক আছিল আৰু যিহেতু তেওঁৰ বহুতো শত্ৰু আছিল, তেওঁলোকে তেওঁক প্ৰহাৰ কৰিব পাৰে। ফলস্বৰূপে, যুৱকজনৰ মৃত্যুৱে প্ৰকৃততে পৰিয়ালৰ সদস্যসকলৰ 'ষড়যন্ত্ৰৰ হত্যা'ৰ ফালে আঙুলিয়াই দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন