--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এহাল প্ৰেমিক চৰাই! প্ৰেমৰ উন্মাদনাত পৰি দুয়ো ফুৰিবলৈ গৈছিল সেই অভিশপ্ত ঠাইখনলৈ৷ কিন্তু ঘূৰি আহে নশ্বৰদেহ৷ সঁচাকৈ ভূলণ্ঠিত হ’ল নেকি মানৱতা! চোৰ বুলি নিমৰ্মভাৱে হত্যা কৰিলে এজন যুৱকক৷ যুৱকজনৰ নাম আবিক মুখাৰ্জী৷ চোৰ কৰাৰ সন্দেহত গাঁওবাসীৰ প্ৰহাৰত মৃত্যু হয় আবিকৰ৷ ঘটনাটো সংঘটিত হৈছে কলকাতাৰ বাৰুইপুৰ বিধানসভা সমষ্টিৰ বেগমপুৰ গাঁও পঞ্চায়তৰ ২০০ নম্বৰ ক’লনীত। জানিব পৰা মতে, যুৱকজনক চিমেণ্টৰ লেম্পপোষ্টত বান্ধি ৰখা হৈছিল। আৰক্ষীসূত্ৰই জনোৱা অনুসৰি, বিগত কেইদিনমানত অঞ্চলটোত কেইবাটাও স্থানত চুৰিকাণ্ড সংঘটিত হৈছিল। বৃহস্পতিবাৰে অঞ্চলটোত যুৱকজনক দেখাৰ পাছত, আৱাসীসকলে চোৰ হোৱাৰ সন্দেহত তেওঁক প্ৰহাৰ কৰিছিল। আৰু পাছত তেওঁক এটা লেম্পপোষ্টত বান্ধি মাৰপিট কৰা হৈছিল বুলি জনা গৈছে। এই ঘটনাৰ খবৰ আৰক্ষীয়ে পোৱাৰ পাছত বাৰুইপুৰ আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীলৈ আহিছিল। আৰক্ষী সূত্ৰই জনোৱা মতে, গাঁওবাসীয়ে প্ৰেমিক যুগলক ঘেৰি ৰাখিছিল। আৰক্ষীয়ে যুৱকজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল। অভিযোগ অনুসৰি, সেই সময়ত গাঁওবাসীয়ে তেওঁলোকক আক্ৰমণ কৰিছিল। তেওঁলোকে দাবী কৰিছিল যে, আৰক্ষীয়ে এজন চোৰক উদ্ধাৰ কৰিবলৈ আহিছে। তাৰ পাছত তেওঁক বাৰুইপুৰ মহকুমা চিকিৎসালয়লৈ লৈ যোৱা হৈছিল য’ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল। আৰক্ষীৰ অনুসন্ধানতহে ওলাল ওৰহীৰ ওৰ৷ মৃতযুৱকজনৰ পৰিয়ালৰ সদস্যসকলে দাবী কৰিছিল যে, মৃত যুৱকজন এজন প্ৰচাৰক আছিল আৰু যিহেতু তেওঁৰ বহুতো শত্ৰু আছিল, তেওঁলোকে তেওঁক প্ৰহাৰ কৰিব পাৰে। ফলস্বৰূপে, যুৱকজনৰ মৃত্যুৱে প্ৰকৃততে পৰিয়ালৰ সদস্যসকলৰ 'ষড়যন্ত্ৰৰ হত্যা'ৰ ফালে আঙুলিয়াই দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত মালবাহী ৰে'লৰ প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনত! কথমপি প্ৰাণ ৰক্ষা তিনি ছাত্ৰীসহ এজন লোকৰ
চণ্ডীগড়ত হ'ব IAFৰ ঐতিহাসিক অধ্যায়ৰ সামৰণি অনুষ্ঠান!  মিগ-২১ৰ শেষ উৰণ, প্রতীকী বিদায়
কি ৰঙৰ গণপতিৰ মূৰ্তি ঘৰত ৰাখিলে জীৱনলৈ সুখ-সমৃদ্ধিৰ আগমন ঘটে? নিশ্চিতভাৱে গণেশ চতুৰ্থীত জানি লওক
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে