--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়াত প্ৰায়ে কিছুমান বিষয় আলোচনাৰ বিষয় হৈ পৰে। সেয়া ভিডিঅ' হওঁক বা ফটোৱেই হওঁক। এইবাৰ এখন বিয়াক লৈ ছ'চিয়েল মিডিয়াত চলিছে চৰ্চা। আপুনি হয়তো ভাবি আছে যে বিয়াখনৰ বিশেষত্ব কি? এই বিয়াখন সম্পন্ন হৈছে এগৰাকী মহিলা ব্ৰিটিছ বিষয়া আৰু এজন ভাৰতীয় যুৱকৰ মাজত। দক্ষিণ এছিয়াৰ উপ বাণিজ্য আয়ুক্ত হিচাপে ৰাজধানী দিল্লীত কাম কৰি থকা ব্ৰিটেইনৰ ৰিয়ানান হেৰিজ নামৰ যুৱতীগৰাকীয়ে এজন ভাৰতীয় যুৱকৰ লগত বিবাহপাশত আৱদ্ধ হয়। ৰিয়ানান হেৰিজে নিজৰ বিয়াৰ খবৰ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ পাছতে ই ভাইৰেল হৈ পৰে। ফটোত উত্তৰ ভাৰতীয় কইনাৰ সাজত ৰিয়ানানক খুব সুন্দৰ দেখা গৈছে। ৰঙা লেহেংগা আৰু কম গহনা পিন্ধি মুখত মিচিকিয়া হাঁহিটিৰে সৈতে দৰাৰ হাতত ধৰি আছিল ৰিয়ানানে। হিন্দু ধৰ্মৰ ৰীতি-নীতি অনুসৰি বিয়াখন সম্পন্ন হয়। ছ'চিয়েল মিডিয়াৰ নেটিজেনসকলেও তেওঁলোকক বিবাহৰ হিয়াভৰা শুভেচ্ছা জনাইছে। ৰিয়ানান হেৰিজে তেওঁৰ টুইটত লিখিছে-''চাৰি বছৰ আগতে মই বহুতো আশা আৰু সপোন লৈ ভাৰতলৈ আহিছিলোঁ। কিন্তু মই কেতিয়াও ভবা নাছিলো যে ভাৰতত মই জীৱনজোৰা প্ৰেম পাম আৰু বিয়া পাতিম। মই ভাৰতত অতুলনীয় সুখ বিচাৰি পাইছোঁ। মই সুখী যে ভাৰতো এতিয়া মোৰ ঘৰ হৈ পৰিল।'' হেৰিজে তেওঁলোকৰ বিবাহৰ ফটো টুইটাৰত শ্বেয়াৰ কৰি #IncredibleIndia হেশ্বটেগ ব্যৱহাৰ কৰিছে। প্ৰেমে কোনো পৰিসীমা নামানে এই বিবাহে যেন পুনৰবাৰ তাকে প্ৰমাণ কৰিলে। আৰু পঢ়কঃ ১৯ ফেব্ৰুৱাৰী কেনে যাব…চাওঁক ৰাশিফল

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন