ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰ বিধানসভাৰ নতুন অধ্যক্ষৰূপে নিৰ্বাচিত হৈছে ৰাহুল নাৰ্ৱেকাৰ৷ ৰাজ্যখনৰ কোবালা সমষ্টিৰ বিধায়কগৰাকীয়ে ১৬৪টা ভোট লাভ কৰি অধ্যক্ষৰূপে নিৰ্বাচিত হয়৷ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়ে শপতগ্ৰহণ কৰাৰ পাছত আজি মহাৰাষ্ট্ৰ বিধানসভাই নিৰ্বাচন কৰিছিল অধ্যক্ষ৷ সিন্দেৰ ১০দিনীয়া বিসম্বাদৰ পৰিণতিত উদ্ধৱ থাকৰে চৰকাৰৰ পতন আৰু মুখ্যমন্ত্ৰীপদৰ পৰা তেওঁৰ পদত্যাগ কৰাৰ পাছৰে পৰা সলনি হৈছিল মহাৰাষ্ট্ৰৰ ৰাজনৈতিক প্ৰেক্ষাপট৷
আজি আৰু কাইলৈ অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন৷ আজি বিধানসভাৰ অধ্যক্ষ নিৰ্বাচন কাৰ্যসূচীৰ প্ৰথম বিষয় হিচাপে পৰিগণিত হৈছিল। বিজেপিৰ ৰাহুল নাৰ্ৱেকাৰ এই পদৰ বাবে শাসকীয় মিত্ৰজোঁটৰ বাচনিত উঠিছিল। আনহাতে, তেওঁৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ, শিৱসেনা-এনচিপি-কংগ্ৰেছ মিত্ৰজোঁটে শিৱসেনাৰ ৰাজেন চালভিক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল।
ইয়াৰ পূৰ্বে ২০১৯ চনত এজন কংগ্ৰেছ নেতাক এই পদৰ বাবে বাচনি কৰিবলগীয়া হৈছিল৷ অৱশ্যে, উদ্ধৱ থাকৰেয়ে সাম্প্ৰতিক সময়ত শিৱসেনাত সৰ্ববৃহৎ বিদ্ৰোহৰ সাক্ষী হোৱাৰ সময়তে তেওঁৰ মিত্ৰশক্তিয়ে এতিয়া এই পদৰ বাবে এজন সেনা নেতাকে সমৰ্থন কৰিছে।
মহাৰাষ্ট্ৰৰ বিজেপি নেতা সুধীৰ মুংগন্তিৱাৰে অধ্যক্ষ পদৰ বাবে বিজেপি প্ৰাৰ্থী ৰাহুল নাৰ্ৱেকাৰৰ নাম প্ৰস্তাৱ কৰা হ’ব বুলি ঘোষণা কৰিছিল। বিজেপি প্ৰাৰ্থীগৰাকীয়ে ১৬৫-১৭০ টা ভোট লাভ কৰাৰ আশা কৰিছিল বিজেপি নেতাগৰাকীয়ে৷
একনাথ সিন্দেৰ সৈতে ৫০জনতকৈও অধিক বিধায়কৰ সমৰ্থন আছে, যাৰ ভিতৰত আছে ৩৮জন বিসম্বাদী বিধায়ক৷ ইফালে, ২৮৮জনীয়া সদনত ১০৫জন বিধায়ক আছে।
বিদ্ৰোহীসকলে গোৱাৰ পৰা মুম্বাইলৈ উভতি অহাৰ লগে লগে শনিবাৰে নিশা সিন্দে আৰু ফাড়নবীশে এখন সভা অনুষ্ঠিত কৰিছিল, যাক শক্তি প্ৰদৰ্শন হিচাপে দেখা গৈছিল মহাৰাষ্ট্ৰৰ ৰাজনৈতিক প্ৰেক্ষাপটত৷
এনচিপি আৰু কংগ্ৰেছৰ সৈতে ‘অপ্ৰাকৃতিক’ মিত্ৰতাৰ বিৰুদ্ধে বিদ্ৰোহৰ পিছত শিৱসেনাৰ শক্তি ৫৫ৰ পৰা হ্ৰাস পাইছে।