--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিমন্ত শৰ্মা কেবিনেটে অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা সমিতিয়ে প্ৰদান কৰা ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫৭ টা পৰামৰ্শ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ বাকী ১০ টা দফা ৰূপায়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে কথা পাতিব বুলি ব্যক্ত কৰিছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ প্লৱ শৰ্মা সমিতিৰ ৫৭ টা পৰামৰ্শ ৰাজ্য চৰকাৰে ৰূপায়নৰ সিদ্ধান্ত গ্ৰহণ কৰি বাকী ১০ টা কেন্দ্ৰীয় চৰকাৰৰ বিষয় বুলি কৈ খিলঞ্জীয়া জনসাধাৰণৰ সাংবিধানিক সুৰক্ষাৰ বিষয়টো পুনৰ এক অনিশ্চয়তাৰ দিশলৈ ঠেলি দিছে চৰকাৰ খনে।  বিৰোধী ঐক্যৰ হেঁচাত গাপ দি থোৱা প্ৰতিবেদনক লৈ শেহতীয়কৈ কেবিনেটত আলোচনা চলিছে।সমিতিৰ ৫৭ টা পৰামৰ্শ ৰূপায়ন কৰিম বুলি প্ৰথমে প্ৰথমে প্ৰতিশ্ৰুতি প্ৰদান কৰি এতিয়া ৪০ টা পৰামৰ্শ ৰূপায়ন কৰিব বুলি ৰাজ্য চৰকাৰে সদৰি কৰিছে। সম্প্ৰতি এইলৈ সৰৱ হৈ উঠিছে বিৰোধী ঐক্যমঞ্চ৷

জানো আহক কোনে কি কলে এই সন্দৰ্ভত-
 
অসম প্ৰদেশ কংগ্ৰেছৰ নেতা ভূপেন বৰাই কয় যে, স্মাৰ্ট মিটাৰ, মুখ্যমন্ত্ৰী ৰ পৰিয়ালৰ দুৰ্নীতি এই ইছ্যু দাইভাৰ্ট কৰিবলৈ এই চেষ্টা।চৰকাৰে ৫৭ তা পৰামৰ্শ ৰূপায়ন কৰিম বুলি প্ৰথমে কৈ এতিয়া কৈছে ৪০ টা ৰূপায়ন কৰিব ৰাজ্য চৰকাৰে। ৰাজনৈতিক বিষয় সমূহ বাদ দি কেনেকৈ সম্ভৱ হ’ব ৰূপায়ন কৰ! লগতে কয়, অসম আন্দোলনত আমিও জড়িত আছিলো। মুখ্যমন্ত্ৰীৰ মতে জাতিৰ সংজ্ঞা নিৰূপণ হ’লে বিপদজনক হ’ব। এটা জাতিৰ দুটা সংজ্ঞা কেনেকৈ? মুখ্যমন্ত্ৰী য়ে অসম চুক্তিক ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে নেকি প্ৰশ্ন উত্থান কৰি কয়, মুখ্যমন্ত্ৰী য়ে কোৱাৰ দৰে শিলসাকোত উচ্ছেদ কৰিবলৈ বিপ্লৱ শৰ্মাই পৰামৰ্শ দিছিল যদি জিনজাৰ আৰু আজমল ৰ বিল্ডিং ত কিয় উচ্ছেদ নহ’ল। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন ৪ বছৰ পাছত কল্ড স্তৰেজৰ পৰা উলিয়াই অনাৰ দৰে NRC আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰনৰ বিষয়টো ও উলিয়াই আনক।
  
লুৰিন জ্যোতি গগৈয়ে এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এতিয়ালৈ স্বীকৃতি দিয়া নাই বিপ্লৱ শৰ্মা প্ৰতিবেদনক। গৃহ বিভাগৰ যুটীয়া সচিবে এতিয়ালৈ স্বাক্ষৰ কৰা নাই। এই প্ৰতিবেদন বৰাকত প্ৰযোজ্য নহয় বুলি মুখ্যমন্ত্ৰীয়ে কৈছে কিন্তু বৰাকৰ বিভিন্ন দল সংগঠন ৰাইজৰ পৰামৰ্শ লোৱা হৈছিল। যি কথা প্ৰতিবেদনত উল্লেখ আছে। মুখ্যমন্ত্ৰী বৰাকৰ ৰাইজৰ শত্ৰু সেই কথা প্ৰতিফলিত হৈছে।

বিৰোধী ঐক্যৰ নেতা তথা সাংসদ অজিত ভূঞাই এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে মানুহে ভাবিব পাৰে মুখ্যমন্ত্ৰী য়ে বহুত ভাল কাম এটা কৰিছে যত সমূজ্বল ভট্টাচাৰ্যও জড়িত হৈছে। খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাক লৈ মুখ্যমন্ত্ৰী কিমান চিন্তিত তাক দেখুৱাবলৈ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন খন উলিয়াই আনিছে। মুখ্যমন্ত্ৰী য়ে টেঙা আম বেচিব আৰম্ভ কৰিছে মানুহ সজাগ নহলে ভয়ংকৰ অৱস্থালৈ গতি কৰিব। 26 ৰ নিৰ্বাচনৰ বাবে এই প্ৰস্তুতি। কেন্দ্ৰীয় গৃহ বিভাগে গ্ৰহণ নকৰাকৈ  কেনেকৈ ৰূপায়ন কৰিব। প্ৰতিবেদনত উল্লেখ কৰা অসমীয়াৰ সংজ্ঞা কিয় গ্ৰহণযোগ্য নহয় মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব লাগিব। মুখ্যমন্ত্ৰীৰ ভয়ংকৰ ষড়যন্ত্ৰ আছুয়ে যদি বুজি পোৱা নাই কি কৰিব। সমূজ্বল ভট্টাচাৰ্যইও উত্তৰ দিব লাগিব।মুখ্যমন্ত্ৰীৰ মূল উদ্দেশ্য খিলঞ্জীয়া ৰ ভূমি বিদেশীক গতাই দিয়া। এই কথা আমি প্ৰমাণ কৰি দিম।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু