--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

পয়গম্বৰ মহম্মদৰ বিৰুদ্ধে অপমানজনক মন্তব্যৰ অভিযোগত মঙলবাৰে তেলেংগানা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তেলেংগানাৰ বিজেপি বিধায়ক টি ৰাজা সিঙক বিজেপিয়ে সোনকালেই নিলম্বন কৰে।  বিতৰ্কিত মন্তব্যৰ বাবে সকলোতে চৰ্চিত হৈ পৰিছে এই বিধায়কজন৷  বিতৰ্কিত মন্তব্য সমূহে  আইনী সমস্যাতো পেলাইছে বিধায়কজনক৷ 

বিজেপিৰ কেন্দ্ৰীয় অনুশাসন সমিতিৰ সম্পাদক ওম পাঠকে এক বিবৃতিত কৈছে যে ,"আপুনি বিভিন্ন বিষয়ত দলৰ স্থিতিৰ বিপৰীতে মতামত প্ৰকাশ কৰিছে, যিটো ভাৰতীয় জনতা পাৰ্টিৰ গঠনৰ নিয়ম  ১০ (ক)ৰ স্পষ্ট উলংঘন।  আপোনাক জনাবলৈ  নিৰ্দেশ দিয়া হৈছে যে পৰৱৰ্তী তদন্ত সম্পূৰ্ণ নোহোৱালৈকে  আপোনাক দলৰ পৰা আৰু আপোনাৰ দায়িত্বৰ পৰা নিলম্বিত কৰা হৈছে৷ ” 


নবী মহম্মদৰ বিৰুদ্ধে মন্তব্যৰ বাবে নিলম্বিত বিজেপি বিধায়ক টি ৰাজা সিঙক গ্ৰেপ্তাৰো  কৰা হৈছে৷ 
এ এন আইৰ মতে, হায়দৰাবাদ দক্ষিণ মণ্ডল আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৫৩এ, ২৯৫ আৰু ৫০৫ ধাৰাৰ অধীনত দবীৰপুৰা আৰক্ষী থানাত ৰাজা সিঙৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছিল। সোমবাৰে   বিজেপি বিধায়কজনে এটা ভিডিঅ' মুকলি কৰাৰ পিছত হায়দৰাবাদৰ কিছু অংশত প্ৰতিবাদৰ সূত্ৰপাত হৈছিল য'ত তেওঁ পয়গম্বৰৰ বিৰুদ্ধে কটু  মন্তব্য কৰিছিল। 

দবীৰপুৰা আৰক্ষী থানাৰ পৰিদৰ্শকৰ মতে, যোৱা নিশা দবীৰপুৰা আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ ২৫০ ৰো অধিক লোক সমবেত হৈছিল৷ 
উল্লেখযোগ্য  যে ৰাজা সিঙে পয়গম্বৰৰ বিষয়ে এটা অপমানজনক ভিডিঅ' শ্বেয়াৰ কৰিছিল আৰু লগতে সম্প্ৰদায়টোৰ ধৰ্মীয় অনুভূতিক  আঘাত কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ