--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

পয়গম্বৰ মহম্মদৰ বিৰুদ্ধে অপমানজনক মন্তব্যৰ অভিযোগত মঙলবাৰে তেলেংগানা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তেলেংগানাৰ বিজেপি বিধায়ক টি ৰাজা সিঙক বিজেপিয়ে সোনকালেই নিলম্বন কৰে।  বিতৰ্কিত মন্তব্যৰ বাবে সকলোতে চৰ্চিত হৈ পৰিছে এই বিধায়কজন৷  বিতৰ্কিত মন্তব্য সমূহে  আইনী সমস্যাতো পেলাইছে বিধায়কজনক৷ 

বিজেপিৰ কেন্দ্ৰীয় অনুশাসন সমিতিৰ সম্পাদক ওম পাঠকে এক বিবৃতিত কৈছে যে ,"আপুনি বিভিন্ন বিষয়ত দলৰ স্থিতিৰ বিপৰীতে মতামত প্ৰকাশ কৰিছে, যিটো ভাৰতীয় জনতা পাৰ্টিৰ গঠনৰ নিয়ম  ১০ (ক)ৰ স্পষ্ট উলংঘন।  আপোনাক জনাবলৈ  নিৰ্দেশ দিয়া হৈছে যে পৰৱৰ্তী তদন্ত সম্পূৰ্ণ নোহোৱালৈকে  আপোনাক দলৰ পৰা আৰু আপোনাৰ দায়িত্বৰ পৰা নিলম্বিত কৰা হৈছে৷ ” 


নবী মহম্মদৰ বিৰুদ্ধে মন্তব্যৰ বাবে নিলম্বিত বিজেপি বিধায়ক টি ৰাজা সিঙক গ্ৰেপ্তাৰো  কৰা হৈছে৷ 
এ এন আইৰ মতে, হায়দৰাবাদ দক্ষিণ মণ্ডল আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৫৩এ, ২৯৫ আৰু ৫০৫ ধাৰাৰ অধীনত দবীৰপুৰা আৰক্ষী থানাত ৰাজা সিঙৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছিল। সোমবাৰে   বিজেপি বিধায়কজনে এটা ভিডিঅ' মুকলি কৰাৰ পিছত হায়দৰাবাদৰ কিছু অংশত প্ৰতিবাদৰ সূত্ৰপাত হৈছিল য'ত তেওঁ পয়গম্বৰৰ বিৰুদ্ধে কটু  মন্তব্য কৰিছিল। 

দবীৰপুৰা আৰক্ষী থানাৰ পৰিদৰ্শকৰ মতে, যোৱা নিশা দবীৰপুৰা আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ ২৫০ ৰো অধিক লোক সমবেত হৈছিল৷ 
উল্লেখযোগ্য  যে ৰাজা সিঙে পয়গম্বৰৰ বিষয়ে এটা অপমানজনক ভিডিঅ' শ্বেয়াৰ কৰিছিল আৰু লগতে সম্প্ৰদায়টোৰ ধৰ্মীয় অনুভূতিক  আঘাত কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু