--°C
Loading...
Listen to Article
2 min read
80%

বিজেপিৰ সোণৰ কণী পৰা হাঁহ ‘‘দ্য কাশ্মীৰ ফাইলছ’ !

ডিজিটেল ডেস্ক : চলিছে মহা আয়োজন। দ্বিতীয়বাৰলৈ মু্খ্যমন্ত্ৰীৰূপে শপত ল’বলৈ সাজু হৈছে যোগী আদিত্যনাথে। শুকুৰবাৰে লক্ষ্ণৌৰ ‘ভাৰতৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একানা ক্ৰিকেট ষ্টেডিয়াম’ত অনুষ্ঠিত হ’ব ভব্য শপতগ্ৰহণ সমাৰোহ। অংশ ল’ব দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ শীৰ্ষ নেতাসকলে। দেশৰ ৰাজনীতিৰ আটাইতকৈ গুৰু্ত্বপূৰ্ণ ৰাজ্যখনৰ নতুন চৰকাৰ গঠনৰ শুভ ক্ষণটোক বিজেপিয়ে নিজৰ শক্তি প্ৰদৰ্শনৰ কাৰ্যসূচীলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা পূৰ্ণোদ্যমে যে কৰিব সেয়া নিশ্চিত। পিছে যোগীৰ শপতগ্ৰহণ সমাৰোহলৈ আমন্ত্ৰণ জনোৱা অতিথিৰ তালিকাত থকা কেইটামান নামে বিশেষ চৰ্চা লাভ কৰিছে। ‘দ্য কাশ্মীৰ ফাইলছ’ ৰ টীমক আমন্ত্ৰণ জনোৱা হৈছে যোগীৰ শপতগ্ৰহণ সমাৰোহলৈ। ‘দ্য কাশ্মীৰ ফাইলছ’ৰ পৰিচালক বিবেক অগ্নিহোত্ৰী, ছবিখনৰ এটা মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেতা অনুপম খেৰকে ধৰি ভালেকেইগৰাকী শিল্পী আৰু কলা-কুশলীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছে। এফালৰ পৰা চাবলৈ গ’লে এগৰাকী চলচ্চিত্ৰ পৰিচালক তথা শিল্পীক এগৰাকী মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ সমাৰোহলৈ আমন্ত্ৰণ জনোৱা কথাটোত বিশেষ অস্বাভাৱিকতা নাই। কিন্তু এখন বিশেষ ছবিৰ পৰিচালক আৰু অভিনেতা-অভিনেত্ৰীক আমন্ত্ৰণ জনোৱাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। কিয়নো এতিয়া দেশৰ সাংস্কৃতিক জগততকৈও ৰাজনীতিকসকলৰ বাবেহে যেন বেছি প্ৰয়োজনীয় হৈ পৰিছে এই ছবিখন। বিজেপিৰ বাবে ‘দ্য কাশ্মীৰ ফাইলছ’ যেন হৈ পৰিছে সোণৰ কণী পৰা হাঁহ। তাৰ বহু প্ৰমাণ ছবিখনক লৈ বিজেপিৰ অত্যুৎসাহেই দিছে।

২০০ কোটি টকা উপাৰ্জন কৰি অভিলেখ গঢ়িছে ‘দ্য কাশ্মীৰ ফাইলছ’

‘দ্য কাশ্মীৰ ফাইলছ’। এখন তথ্যচিত্ৰৰ সমান গুৰুত্বৰে ছবিখনৰ বিচাৰ কৰিব বিচৰা হৈছে আৰু সেইদৰেই ছবিখনক লৈ শাসকীয় পক্ষই প্ৰচাৰো কৰিছে। ইতিমধ্যে ব্যাপকসংখ্যক দৰ্শকে আদৰি লোৱা ছবিখনে ২০০ কোটি টকা উপাৰ্জন কৰি অভিলেখ গঢ়িছে। ছবিখনক লৈ যি ৰাজনৈতিক ঢৌ সৃষ্টি কৰাৰ কাৰণ নথকা নহয়। ইয়াৰ মূল কাৰণ হৈছে ছবিখনৰ বিষয়বস্তু। ‘দ্য কাশ্মীৰ ফাইলছ’ত কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত ১৯৯০ৰ দশকটোত হোৱা নিৰ্মম অত্যাচাৰ আৰু তেওঁলোকক গৃহভূমিৰ পৰা উচ্ছেদিত কৰাৰ কৰুণ কাহিনী বৰ্ণনা কৰা হৈছে। সন্ত্ৰাসজৰ্জৰ তদানীন্তত কাশ্মীৰত কিদৰে ধৰ্মীয় সংখ্যালঘু পণ্ডিতসকল নিৰ্যাতনৰ বলি হৈছিল, তেওঁলোকৰ হত্যা হৈছিল আৰু তেওঁলোকক ঘৰ এৰি যাবলৈ বাধ্য কৰোঁৱা হৈছিল তাৰ এক প্ৰামাণিক ৰূপ ছবিখনত তুলি ধৰিবলৈ চেষ্টা কৰা বুলি কোৱা হৈছে। এইকথা অনস্বীকাৰ্য যে, জম্মু-কাশ্মীৰৰ কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত হোৱা অমানৱীয় আচৰণ, তেওঁলোকৰ হত্যা, তেওঁলোক গৃহহাৰা হ’বলগীয়া হোৱা পৰিস্থিতি দেশৰ ইতিহাসৰ বাবে এৰাব নোৱৰা এটা কলংক হিচাপে বিবেচিত হৈ আছে। এসময়ৰ দেশৰ মূল ভূখণ্ডৰ নিয়ন্ত্ৰণৰ পৰা একধৰণে মুক্ত হৈ থকা জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদী শক্তিৰ ব্যাপক আগ্ৰাসনে উপত্যকাটোৰ পৰিস্থিতি অতি অস্থিৰ কৰি তুলিছিল। আৰু ১৯৯০ৰ দশকটোত একাংশ মুছলিম সন্ত্ৰাসবাদীৰ নিষ্ঠুৰতাৰ বলি হ’বলগীয়া হৈছিল কাশ্মীৰী পণ্ডিতসকল। কিন্তু এই ছবিখনত সেই সত্যকে কৌশলপূৰ্ণ আৰু অসত্যৰ ছাঁ-পোহৰৰ মাজেৰে দেখুৱাবলৈ যত্ন কৰা বুলি অভিযোগ উঠিছে। সত্যৰ অপলাপ, অতিৰঞ্জন আৰু অৰ্ধসত্য প্ৰকাশেৰে এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে ছবিখনে ঘৃণা বিয়পোৱা বুলিও অভিযোগ কৰিছে বিভিন্নজনে। এই ঘৃণাই যে, বিজেপিকেই লাভান্বিত কৰিবলৈ গৈ আছে সেয়া স্পষ্ট। যাৰ বাবে এতিয়া বিজেপিয়ে দেশৰ সৰ্বাধিকসংখ্যক লোকৰ মাজলৈ ছবিখন লৈ যোৱাৰ চেষ্টা কৰিছে। বিভিন্ন বিজেপিশাসিত ৰাজ্যত ছবিখন কৰমুক্ত ঘোষণা কৰাৰ লগতে বিভিন্ন ঠাইত বিজেপিৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাতে ছবিখনৰ প্ৰচাৰ চলিছে। প্ৰধানমন্ত্ৰী মোদীয়েও ছবিখন চোৱাৰ আহ্বান জনাইছে। বিজেপিৰ এনে অত্যুসাহে ছবিখনৰ আঁৰৰ উদ্দেশ্য সম্পৰ্কত একাংশক সন্দিহান কৰাটোও অস্বাভাৱিক নহয়। এতিয়া দেশৰ আন সকলো খ্যাতিমান শিল্পী, পৰিচালক, অভিনেতাক একাষৰীয়া কৰি যোগীৰ শপতগ্ৰহণলৈ ‘দ্য কাশ্মীৰ ফাইলছ’ৰ টীমক আমন্ত্ৰণ জনোৱাটোৰ আঁৰৰ তাৎপৰ্যও কাৰো কাৰণে অবিদিত হৈ থকা নাই। New PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ