--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক মৰ্মান্তিক মৃত্যু। টফী মৰ্টন খাই একেটা পৰিয়ালৰ তিনি শিশুৰ মৃত্যু হৈছে! মুঠ চাৰিটা শিশু টফী মৰ্টন খাই মৃত্যুমুখত পৰিছে। পৰিয়ালৰ লোকসকলে দাবী কৰে যে টফী মৰ্টনবোৰ বিষাক্ত আছিল! এই নিৰ্মম ঘটনাটো উত্তৰ প্ৰদেশৰ কুশীনগৰ জিলাত সংঘটিত হৈছে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, মৃত সকলো শিশু জিলাখনৰ কাচাই অঞ্চলৰ বাসিন্দা। তেওঁলোকৰ ভিতৰত, মনজনা, চুইটি আৰু চামাৰৰ বয়স ক্ৰমান্বয়ে ৫, ৪ আৰু ২ বছৰ। একেটা ঘটনাতে আন এটা শিশুৰ মৃত্যু হৈছিল। তেওঁৰ নাম অৰুণ, বয়স মাত্ৰ ৫ বছৰ ঘটনাটোক লৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও শোক প্ৰকাশ কৰিছে। তেওঁ ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰাৰ সমান্তৰালকৈ মৃত শিশুসকলৰ পৰিয়ালৰ সদস্যসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছিল। একে সময়তে, তেওঁ এনে কৰুণ ঘটনা কেনেকৈ সংঘটিত হ’ল, তাক জানিবলৈ তদন্তৰ নিৰ্দেশ দিছে। আৰক্ষীৰ লোক ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে। তেওঁলোকে মৃতসকলৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা পাতিছে। আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ পাইছে যে, কোনোবাই ইচ্ছাকৃতভাৱে টফীবোৰ ৰাস্তাত প্লাষ্টিকৰ মোনাত পেলাই দিছিল, হয়তো তেতিয়াই তাত বিষ মিহলোৱা হৈছিল। অৱশ্যে, মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ পাছতহে আৰক্ষীয়ে এই সন্দৰ্ভত নিশ্চিতভাৱে ক’ৱ পাৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। আনহাতে, স্থানীয় বাসিন্দাসকলে অভিযোগ কৰে যে যদি শিশুসকলক সঠিক সময়ৰ ভিতৰত চিকিৎসালয়লৈ লৈ যোৱা হ’লে, হয়তো তেওঁলোকৰ জীৱন ৰক্ষা কৰিব পৰিলেহেঁতেন। কুশীনগৰৰ এডিএম বৰুণ কুমাৰ পাণ্ডেয়ে ক’য় যে, শিশুসকলে প্ৰথমে টফী খোৱাৰ পাছত মূৰ্ছা গৈছিল। প্ৰথমে, পৰিয়ালৰ সদস্যসকলে তেওঁলোকৰ জ্ঞান ঘূৰাই পাবলৈ চেষ্টা কৰিছিল যদিও, বিফল হোৱাৰ পাছত, চাৰিটা শিশুক স্থানীয় জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। চিকিৎসকসকলে তেওঁলোকক মৃত বুলি ঘোষণা কৰিছিল। ইফালে, বিষাক্ত টফীবোৰৰ ভিতৰত আৰক্ষীয়ে মাত্ৰ এটাহে উদ্ধাৰ কৰিছে। ইয়াক ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। New PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন