--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক মৰ্মান্তিক মৃত্যু। টফী মৰ্টন খাই একেটা পৰিয়ালৰ তিনি শিশুৰ মৃত্যু হৈছে! মুঠ চাৰিটা শিশু টফী মৰ্টন খাই মৃত্যুমুখত পৰিছে। পৰিয়ালৰ লোকসকলে দাবী কৰে যে টফী মৰ্টনবোৰ বিষাক্ত আছিল! এই নিৰ্মম ঘটনাটো উত্তৰ প্ৰদেশৰ কুশীনগৰ জিলাত সংঘটিত হৈছে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, মৃত সকলো শিশু জিলাখনৰ কাচাই অঞ্চলৰ বাসিন্দা। তেওঁলোকৰ ভিতৰত, মনজনা, চুইটি আৰু চামাৰৰ বয়স ক্ৰমান্বয়ে ৫, ৪ আৰু ২ বছৰ। একেটা ঘটনাতে আন এটা শিশুৰ মৃত্যু হৈছিল। তেওঁৰ নাম অৰুণ, বয়স মাত্ৰ ৫ বছৰ ঘটনাটোক লৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও শোক প্ৰকাশ কৰিছে। তেওঁ ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰাৰ সমান্তৰালকৈ মৃত শিশুসকলৰ পৰিয়ালৰ সদস্যসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছিল। একে সময়তে, তেওঁ এনে কৰুণ ঘটনা কেনেকৈ সংঘটিত হ’ল, তাক জানিবলৈ তদন্তৰ নিৰ্দেশ দিছে। আৰক্ষীৰ লোক ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে। তেওঁলোকে মৃতসকলৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা পাতিছে। আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ পাইছে যে, কোনোবাই ইচ্ছাকৃতভাৱে টফীবোৰ ৰাস্তাত প্লাষ্টিকৰ মোনাত পেলাই দিছিল, হয়তো তেতিয়াই তাত বিষ মিহলোৱা হৈছিল। অৱশ্যে, মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ পাছতহে আৰক্ষীয়ে এই সন্দৰ্ভত নিশ্চিতভাৱে ক’ৱ পাৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। আনহাতে, স্থানীয় বাসিন্দাসকলে অভিযোগ কৰে যে যদি শিশুসকলক সঠিক সময়ৰ ভিতৰত চিকিৎসালয়লৈ লৈ যোৱা হ’লে, হয়তো তেওঁলোকৰ জীৱন ৰক্ষা কৰিব পৰিলেহেঁতেন। কুশীনগৰৰ এডিএম বৰুণ কুমাৰ পাণ্ডেয়ে ক’য় যে, শিশুসকলে প্ৰথমে টফী খোৱাৰ পাছত মূৰ্ছা গৈছিল। প্ৰথমে, পৰিয়ালৰ সদস্যসকলে তেওঁলোকৰ জ্ঞান ঘূৰাই পাবলৈ চেষ্টা কৰিছিল যদিও, বিফল হোৱাৰ পাছত, চাৰিটা শিশুক স্থানীয় জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। চিকিৎসকসকলে তেওঁলোকক মৃত বুলি ঘোষণা কৰিছিল। ইফালে, বিষাক্ত টফীবোৰৰ ভিতৰত আৰক্ষীয়ে মাত্ৰ এটাহে উদ্ধাৰ কৰিছে। ইয়াক ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। New PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান