--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বিতৰ্কিত তিনিওখন কৃষি আইন বাতিল কৰাৰ পাছত অসমতো পুনৰ ‘কা’ বিৰোধী আন্দোলনে মূৰ দাঙি উঠিছে৷ কিছুদিনৰ আগতে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে অসমত পুনৰ বিস্তৃত ৰূপত ‘কা আন্দোলন’ গঢ়ি তুলিব লাগে ৰাইজলৈ এক আহ্বান জনাইছিল৷ অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ লগতে সকলো জনজাতীয় ৰাজ্যই পূৰ্বৰে পৰাই ‘কা’বিৰোধিতা কৰি আহিছে৷ শেহতীয়াকৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ভগ্নী আগাথা চাংমাই ‘কা’ বিৰোধিতা কৰিছে৷

ভাৰতীয় জনতা পাৰ্টীৰ সহযোগী দল নেচনেল পিপলছ পাৰ্টীৰ নেতা আগাথা চাংমাই সৰ্বদলীয় বৈঠকত নাগৰিকত্ব (সংশোধনী) আইন বাতিল কৰিবলৈ দাবী জনায়, বিতৰ্কিত এই আইনখন তেওঁ আগন্তুক সংসদৰ শীতকালীন অধিৱেশনতে বাতিল কৰিবলৈ দাবী জনাইছে৷ মেঘালয়ৰ তুৰাৰ সাংসদ আগাথা চাংমাই নেচনেল ডেমক্ৰেটিক এলায়েন্সৰ অংশীদাৰসকলৰ সভাত ‘কা’ বাতিল কৰিবলৈও দাবী জনায়। এই বৈঠকত উপস্থিত আছিল ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় মন্ত্ৰী প্ৰলহাদ যোশী আৰু পীয়ুষ গোৱেল।

আগাথাই লগতে কয় যে, কৃষি আইন বাতিল কৰাৰ দৰে যেনেদৰে কৃষিজীৱী জনসাধাৰণৰ আৱেগক প্ৰাধান্য দিয়া হৈছিল, একেদৰে উত্তৰ-পূবৰ জনসাধাৰণৰ আৱেগৰ কথা মনত ৰাখি কেন্দ্ৰক ‘কা’ বাতিল কৰিবলৈ সাংসদগৰাকীয়ে অনুৰোধ জনাইছে৷ উল্লেখ্য যে, নেচনেল পিপলছ পাৰ্টী কেন্দ্ৰীয় চৰকাৰৰ সহযোগী দল হৈয়ো আগাথা চাংমাই ‘কা’ বিৰোধিতা কৰাটো এক বিশেষ তাৎপৰ্য বহন কৰিছে৷ পূৰ্বৰ মেঘালয়ৰ মুখ্যমন্ত্ৰী মুকুল চাংমাসহ ১১জন বিধায়ক তৃণমূল কংগ্ৰেছত যোগ দিয়াৰ দৰে, আগাথা চাংমাই সেই একে পথ লৈ, তৃণমুল কংগ্ৰেছত যোগদান কৰিব পাৰে বুলি এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে৷ উল্লেখ্য যে, তৃণমূল কংগ্ৰেছে পূৰ্বৰে পৰা আগ্ৰাসী ৰূপত ‘কা’ বিৰোধিতা কৰি আহিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক