--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বিতৰ্কিত তিনিওখন কৃষি আইন বাতিল কৰাৰ পাছত অসমতো পুনৰ ‘কা’ বিৰোধী আন্দোলনে মূৰ দাঙি উঠিছে৷ কিছুদিনৰ আগতে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে অসমত পুনৰ বিস্তৃত ৰূপত ‘কা আন্দোলন’ গঢ়ি তুলিব লাগে ৰাইজলৈ এক আহ্বান জনাইছিল৷ অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ লগতে সকলো জনজাতীয় ৰাজ্যই পূৰ্বৰে পৰাই ‘কা’বিৰোধিতা কৰি আহিছে৷ শেহতীয়াকৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ভগ্নী আগাথা চাংমাই ‘কা’ বিৰোধিতা কৰিছে৷

ভাৰতীয় জনতা পাৰ্টীৰ সহযোগী দল নেচনেল পিপলছ পাৰ্টীৰ নেতা আগাথা চাংমাই সৰ্বদলীয় বৈঠকত নাগৰিকত্ব (সংশোধনী) আইন বাতিল কৰিবলৈ দাবী জনায়, বিতৰ্কিত এই আইনখন তেওঁ আগন্তুক সংসদৰ শীতকালীন অধিৱেশনতে বাতিল কৰিবলৈ দাবী জনাইছে৷ মেঘালয়ৰ তুৰাৰ সাংসদ আগাথা চাংমাই নেচনেল ডেমক্ৰেটিক এলায়েন্সৰ অংশীদাৰসকলৰ সভাত ‘কা’ বাতিল কৰিবলৈও দাবী জনায়। এই বৈঠকত উপস্থিত আছিল ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় মন্ত্ৰী প্ৰলহাদ যোশী আৰু পীয়ুষ গোৱেল।

আগাথাই লগতে কয় যে, কৃষি আইন বাতিল কৰাৰ দৰে যেনেদৰে কৃষিজীৱী জনসাধাৰণৰ আৱেগক প্ৰাধান্য দিয়া হৈছিল, একেদৰে উত্তৰ-পূবৰ জনসাধাৰণৰ আৱেগৰ কথা মনত ৰাখি কেন্দ্ৰক ‘কা’ বাতিল কৰিবলৈ সাংসদগৰাকীয়ে অনুৰোধ জনাইছে৷ উল্লেখ্য যে, নেচনেল পিপলছ পাৰ্টী কেন্দ্ৰীয় চৰকাৰৰ সহযোগী দল হৈয়ো আগাথা চাংমাই ‘কা’ বিৰোধিতা কৰাটো এক বিশেষ তাৎপৰ্য বহন কৰিছে৷ পূৰ্বৰ মেঘালয়ৰ মুখ্যমন্ত্ৰী মুকুল চাংমাসহ ১১জন বিধায়ক তৃণমূল কংগ্ৰেছত যোগ দিয়াৰ দৰে, আগাথা চাংমাই সেই একে পথ লৈ, তৃণমুল কংগ্ৰেছত যোগদান কৰিব পাৰে বুলি এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে৷ উল্লেখ্য যে, তৃণমূল কংগ্ৰেছে পূৰ্বৰে পৰা আগ্ৰাসী ৰূপত ‘কা’ বিৰোধিতা কৰি আহিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র