--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী পিতৃৰ ইচ্ছা পূৰণ কৰিলে দুগৰাকী কন্যাই। আহমেদাবাদৰ এখন চিকিৎসালয়ত চিকিৎসকে পিতৃৰ মগজু মৃত বুলি ঘোষণা কৰাৰ পিছতে দুয়ো কন্যাই পিতৃৰ অংগ দান কৰে। ৬২ বছৰীয়া এজন ব্যক্তিৰ দুগৰাকী কন্যাই পিতৃৰ ইচ্ছা পূৰণ কৰি অংগ দান কৰাৰ কথা পোহৰলৈ আহিছে। 

পেছাত দুয়োজন চিকিৎসক, বিশ্ব বৃক্ক দিৱসত পিতৃয়ে নিজৰ অংগ দান কৰাৰ ইচ্ছা প্ৰকাশ কৰাৰ বাবেই কন্যা সন্তানে এই সিদ্ধান্ত গ্ৰহণ কৰে।

যোৱা ২১ আগষ্টত দোকানত পৰি মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ ফলত ভগৱান ভাইৱালা নামৰ লোকজনৰ মগজুৰ ৰক্তক্ষৰণ হয়।

জৰুৰী অস্ত্ৰোপচাৰ কৰাৰ পিছতো ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসকে মগজুৰ পৰা হোৱা ব্যাপক ৰক্তক্ষৰণৰ বাবে তেওঁক বচাব পৰা নাছিল। চিটি স্কেন আৰু এপনিয়া পৰীক্ষাকে ধৰি একাধিক মূল্যায়নৰ পিছত তেওঁৰ মগজু মৃত বুলি ঘোষণা কৰা হয়।

মৃত্যুৰ পূৰ্বে ভগৱান ভাইৱালাই নিজৰ অংগ দানৰ ইচ্ছা প্ৰকাশ কৰিছিল। এই ইচ্ছাক সন্মান জনাই তেওঁৰ কন্যা নেফ্ৰ’লজিষ্ট ডাঃ কিন্নৰী ভালা নামৰ অংক’লজিষ্টে ডাঃ একতা চন্দৰাণ নামৰ অংক’লজিষ্টে পিতৃৰ অংগ দান কৰাৰ সিদ্ধান্ত লয়।

পৰৱৰ্তী সময়ত তেওঁৰ বৃক্ক আৰু যকৃত তিনিজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়, যাৰ ফলত তেওঁলোকে জীৱনৰ দ্বিতীয়টো সুযোগ লাভ কৰে।

"অস্ত্ৰোপচাৰৰ পিছত দেউতাৰ অৱস্থাৰ কোনো উন্নতি হোৱা নাছিল। যেতিয়া তেওঁক মগজু মৃত বুলি ঘোষণা কৰা হৈছিল তেতিয়া আমি আমাৰ পৰিয়ালৰ সৈতে অংগদানৰ বিষয়ে আলোচনা কৰিছিলো। আমি বিশ্বাস কৰিছিলো যে তেওঁৰ অংগবোৰ নষ্ট হ'বলৈ দিয়াৰ সলনি আন আৰ্তজনক বচাব পৰা যাব। দেউতাই তাকে বিচাৰিছিল।" বিশ্ব বৃক্ক দিৱসত নিজৰ অংগ দান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল, গতিকে আমি তেওঁৰ ইচ্ছা পূৰণ কৰাৰ সিদ্ধান্ত লৈছিলো।’-ডাঃ কিন্নৰী ভালাই কয়।

তেওঁ লগতে কয় যে "এগৰাকী নেফ্ৰ'লজিষ্ট হিচাপে মই দেখিছো যেতিয়া কোনো আপোনজনে জীৱন ৰক্ষাকাৰী ট্ৰান্সপ্লাণ্ট লাভ কৰে তেতিয়া পৰিয়াললৈ যি আনন্দ হয়। মোৰ দেউতাই আনক সহায় কৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল, আনকি মৃত্যুৰ সময়তো তেওঁ তিনিজন লোকক নতুন জীৱন দিছে।" 

আহমেদাবাদৰ আই কে ডি হাস্পতালৰ তথ্য অনুসৰি ভগৱান ভাইৰ বৃক্ক ৪০ বছৰীয়া পুৰুষ আৰু এগৰাকী ৪৬ বছৰীয়া মহিলাৰ শৰীৰত সংৰোপণ কৰাৰ বিপৰীতে তেওঁৰ লিভাৰ ৪৩ বছৰীয়া এজন ব্যক্তিক দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু