--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী পিতৃৰ ইচ্ছা পূৰণ কৰিলে দুগৰাকী কন্যাই। আহমেদাবাদৰ এখন চিকিৎসালয়ত চিকিৎসকে পিতৃৰ মগজু মৃত বুলি ঘোষণা কৰাৰ পিছতে দুয়ো কন্যাই পিতৃৰ অংগ দান কৰে। ৬২ বছৰীয়া এজন ব্যক্তিৰ দুগৰাকী কন্যাই পিতৃৰ ইচ্ছা পূৰণ কৰি অংগ দান কৰাৰ কথা পোহৰলৈ আহিছে। 

পেছাত দুয়োজন চিকিৎসক, বিশ্ব বৃক্ক দিৱসত পিতৃয়ে নিজৰ অংগ দান কৰাৰ ইচ্ছা প্ৰকাশ কৰাৰ বাবেই কন্যা সন্তানে এই সিদ্ধান্ত গ্ৰহণ কৰে।

যোৱা ২১ আগষ্টত দোকানত পৰি মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ ফলত ভগৱান ভাইৱালা নামৰ লোকজনৰ মগজুৰ ৰক্তক্ষৰণ হয়।

জৰুৰী অস্ত্ৰোপচাৰ কৰাৰ পিছতো ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসকে মগজুৰ পৰা হোৱা ব্যাপক ৰক্তক্ষৰণৰ বাবে তেওঁক বচাব পৰা নাছিল। চিটি স্কেন আৰু এপনিয়া পৰীক্ষাকে ধৰি একাধিক মূল্যায়নৰ পিছত তেওঁৰ মগজু মৃত বুলি ঘোষণা কৰা হয়।

মৃত্যুৰ পূৰ্বে ভগৱান ভাইৱালাই নিজৰ অংগ দানৰ ইচ্ছা প্ৰকাশ কৰিছিল। এই ইচ্ছাক সন্মান জনাই তেওঁৰ কন্যা নেফ্ৰ’লজিষ্ট ডাঃ কিন্নৰী ভালা নামৰ অংক’লজিষ্টে ডাঃ একতা চন্দৰাণ নামৰ অংক’লজিষ্টে পিতৃৰ অংগ দান কৰাৰ সিদ্ধান্ত লয়।

পৰৱৰ্তী সময়ত তেওঁৰ বৃক্ক আৰু যকৃত তিনিজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়, যাৰ ফলত তেওঁলোকে জীৱনৰ দ্বিতীয়টো সুযোগ লাভ কৰে।

"অস্ত্ৰোপচাৰৰ পিছত দেউতাৰ অৱস্থাৰ কোনো উন্নতি হোৱা নাছিল। যেতিয়া তেওঁক মগজু মৃত বুলি ঘোষণা কৰা হৈছিল তেতিয়া আমি আমাৰ পৰিয়ালৰ সৈতে অংগদানৰ বিষয়ে আলোচনা কৰিছিলো। আমি বিশ্বাস কৰিছিলো যে তেওঁৰ অংগবোৰ নষ্ট হ'বলৈ দিয়াৰ সলনি আন আৰ্তজনক বচাব পৰা যাব। দেউতাই তাকে বিচাৰিছিল।" বিশ্ব বৃক্ক দিৱসত নিজৰ অংগ দান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল, গতিকে আমি তেওঁৰ ইচ্ছা পূৰণ কৰাৰ সিদ্ধান্ত লৈছিলো।’-ডাঃ কিন্নৰী ভালাই কয়।

তেওঁ লগতে কয় যে "এগৰাকী নেফ্ৰ'লজিষ্ট হিচাপে মই দেখিছো যেতিয়া কোনো আপোনজনে জীৱন ৰক্ষাকাৰী ট্ৰান্সপ্লাণ্ট লাভ কৰে তেতিয়া পৰিয়াললৈ যি আনন্দ হয়। মোৰ দেউতাই আনক সহায় কৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল, আনকি মৃত্যুৰ সময়তো তেওঁ তিনিজন লোকক নতুন জীৱন দিছে।" 

আহমেদাবাদৰ আই কে ডি হাস্পতালৰ তথ্য অনুসৰি ভগৱান ভাইৰ বৃক্ক ৪০ বছৰীয়া পুৰুষ আৰু এগৰাকী ৪৬ বছৰীয়া মহিলাৰ শৰীৰত সংৰোপণ কৰাৰ বিপৰীতে তেওঁৰ লিভাৰ ৪৩ বছৰীয়া এজন ব্যক্তিক দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ