--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ সমস্যাগ্ৰস্ত কৃষকৰ পক্ষ লৈ বিজেপিত এঘৰীয়া হ’ল বিজেপিৰে সাংসদ বৰুণ গান্ধী। উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰিত কৃষক হত্যাৰ ন্যায় বিচৰাৰ বাবে একপ্ৰকাৰ শাস্তি দিয়া হ’ল বিজেপিৰ সাংসদজনক। বৃহস্পতিবাৰে ঘোষিত হোৱা বিজেপিৰ নতুন ৰাষ্ট্রীয় কাৰ্যনিৰ্বাহকত স্থান দিয়া নহ’ল বৰুণ গান্ধীক। তেওঁৰ লগতে স্থান দিয়া নহ’ল মাতৃ, প্ৰাক্তন সাংসদ মানেকা গান্ধীকো।

ইয়াৰ পূৰ্বে দুয়োগৰাকীয়েই বিজেপি কাৰ্যনিৰ্বাহকৰ সদস্য আছিল। গুৰুত্বপূৰ্ণ যে, কেৱল লখিমপুৰ খেৰিৰ ঘটনাৰ ক্ষেত্ৰতে নহয়, বিগত কেইটামান মাহত প্ৰতিবাদী কৃষকৰ পক্ষ লৈ যথেষ্ট সৰব আছিল সঞ্জয় গান্ধীৰ পুত্ৰ বৰুণ। বৰুণৰ এই স্থিতি বিজেপিৰ বাবে অস্বস্তিকৰ হৈ পৰিছিল। লখিমপুৰ খেৰিত প্ৰতিবাদী কৃষকৰ ওপৰেদি অতি নিৰ্মমভাৱে গাড়ী চলাই নিছিল কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশিস মিশ্ৰই। যাৰ বাবে মৃত্যু হৈছিল ৮ জনকৈ কৃষকৰ। দেশ কঁপোৱা এই কাণ্ডৰ বিৰুদ্ধে সামাজিক মাধ্যমত সৰব হৈছিল বৰুণ। তেওঁ টুইট কৰি মৃত কৃষকসকলক ‘ছহিদ’ আখ্যা দি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। সমগ্ৰ কাণ্ডটো সংঘটিত কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক আহ্বান জনাইছিল। এই সন্দৰ্ভত সাংসদজনে যোগীলৈ পত্ৰও প্ৰেৰণ কৰিছিল। সমগ্ৰ ঘটনাটোৰ ভিডিঅ’ টুইটাৰত আপলোড কৰি তেওঁ নিৰীহ কৃষকসকলৰ বাবে ন্যায় বিচাৰিছিল। ইয়াৰ পূৰ্বে ১২ ছেপ্টেম্বৰত কুঁহিয়াৰ খেতিয়কৰ সমস্যা সমাধানৰ বাবেও বৰুণ গান্ধীয়ে মুখ্যমন্ত্ৰী আদিত্যনাথলৈ পত্ৰ লিখিছিল। কুঁহিয়াৰ খেতিয়কসকলক ৪০০টকা বৰ্ধিত দৰত নূন্যতম সমৰ্থন মূল্য প্ৰদান কৰাৰ তেওঁ দাবী কৰিছিল।

দেশৰ ৰাজধানী দিল্লী আৰু পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ কৃষি আইন বাতিলৰ দাবীত কৃষকসকলে আন্দোলন কৰি আছে। কিন্তু কেন্দ্ৰীয় মোদী চৰকাৰে কোনোপধ্যেই মানি ল’ব বিচৰা নাই প্ৰতিবাদী কৃষকৰ দাবী। এনে পৰিস্থিতিত কৃষকৰ পক্ষ লোৱা বিজেপিৰে সাংসদ বৰুণ গান্ধী যেন চকুৰ কুটা, দাঁতৰ শাল হৈ পৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপি অধ্যক্ষ জে পি নাড্ডাৰ বাবে। বিজেপিত থাকিও বিৰোধী দলৰ হৈ বৰুণে কাম কৰা যেন অনুভৱ হৈছিল বিজেপিৰ হাইকমাণ্ডৰ। যাৰ বাবে বিজেপি কাৰ্যনিৰ্বাহকত বৰুণৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা হিচাপেই সাংসদগৰাকীৰ নাম অন্তৰ্ভুক্ত কৰা নহ’ল। এসময়ৰ শক্তিশালী কংগ্ৰেছ নেতা সঞ্জয় গান্ধীৰ পুত্ৰ বৰুণৰ পদক্ষেপসমূহত সমৰ্থন আগবঢ়াই অহাৰ বাবে মাতৃ মানেকা গান্ধীৰ ওপৰতো অসন্তুষ্ট বিজেপিৰ হাইকমাণ্ড। যাৰ বাবে জ্যেষ্ঠ বিজেপি নেত্ৰীগৰাকীৰ নামো কৰ্তন কৰিলে কাৰ্যনিৰ্বাহকৰ পৰা। উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে মানেকা তনয়ৰ তেনে কোনো সু-সম্পৰ্ক নাই। ২০১৭ চনৰ পূৰ্বে প্ৰকাশ পোৱা কেইবাটাও সমীক্ষাত বৰুণ গান্ধী উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে বিজেপি নেতাসকলৰ ভিতৰত জনতাৰ সৰ্বাধিক পচন্দ বুলি প্ৰকাশ পাইছিল। কিন্তু নিৰ্বাচনত জয়লাভৰ পাছত যোগী আদিত্যনাথক মুখ্যমন্ত্ৰী হিচাপে হাইকমাণ্ডে নিযুক্তি দিয়াত অসন্তুষ্ট হৈ পৰিছিল বৰুণ। সেই অসন্তুষ্টিৰ বাবেই যোগী আৰু বৰুণৰ মাজত বৰ্তমানলৈ অব্যাহত আছে শীতল যুদ্ধ। বিজেপি কাৰ্যনিৰ্বাহকৰপৰা বৰুণ গান্ধীক আঁতৰ কৰাৰ ক্ষেত্ৰত এই শীতল যুদ্ধৰো ভূমিকা আছে বুলি এতিয়া চৰ্চা অব্যাহত আছে!


FOLLOW US F
POPULAR
FEATURE
TRENDY
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ