--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ছহিদক অপমাণ আৰু তাৰ পাছতেই জীৱন সলনি হ'ল বিতৰ্কিত বিধায়ক শ্বেৰমান আলি আহমেদৰ৷ দুবাৰকৈ গ্ৰেপ্তাৰ হোৱা শ্বেৰমানৰ বহু তথ্যই পোহৰলৈ আহিছে৷ ৰাজনীতিত আহিবলৈ তথা নিৰ্বাচন খেলিবলৈ ক'ত টকা পাইছিল শ্বেৰমান আলিয়ে ? তদাৰকী কোষৰ জেৰাত বহু ক'লা অধ্যায় পোহৰলৈ আহিছে শ্বেৰমানৰ ৷ দুৰ্নীতি নিবাৰক শাখাতো গোচৰ আছে শ্বেৰমানৰ৷ চৰকাৰী চাকৰিৰে নিৰ্বাচন খেলিবলৈ টকা ঘটিছিল শ্বেৰমানে ৷

দুৰ্নীতিৰে কোটি পতি হোৱা শ্বেৰমানৰ ন ন তথ্য উদ্ঘাটন কৰিছে আৰক্ষীয়ে৷ বিধায়ক শ্বেৰমান আলিক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে চলোৱা জেৰাৰ আজি প্ৰথমটো দিন ৷ জেৰাত ওলাইছে শ্বেৰমানৰ বহু ক'লা অধ্যায় ৷ ৰাজনীতিলৈ অহাৰ আগতেই শ্বেৰমানৰ বিৰুদ্ধে আছিল দুৰ্নীতিৰ গোচৰ ৷ সেই সময়ত বন বিভাগত কৰ্মৰত আছিল শ্বেৰমান ৷ এজন বন বিষয়া হৈ সেই সময়তে কোটিপতি হৈছিল শ্বেৰমান ৷

কোটিপতি শ্বেৰমানে পাছত ৰাজনীতিলৈ অহাৰ মন মেলিছিল ৷ ডিমা-হাচাওৰ ৰেঞ্জাৰ হৈ থকা সময়ত হঠাৎ আলাউদ্দিনৰ চাকী হাতত পৰিছিল শ্বেৰমানৰ ৷ আয়তকৈ অধিক সম্পত্তিৰ অধিকাৰী শ্বেৰমানৰ বিৰুদ্ধে তেতিয়াই দুৰ্নীতি নিবাৰক শাখাই ৰুজু কৰিছিল গোচৰ ৷ কিন্তু আজি পৰ্যন্ত তদন্ত নহ'ল সেই গোচৰৰ শুনানি ৷ কাৰণ ধনে জনে সেইসময়ত চৰকাৰক সহায় কৰি থকাৰ বাবে গোচৰটো সিমানতে তল পৰিছিল ৷ ক্ষমতাৰ ৰাগীত বলিয়া হোৱা শ্বেৰমানৰ মুখৰ এটা বাক্যই সলনি কৰিলে জীবনৰ গতি ৷ এতিয়া কেইবাটাও গোৰৰৰ অভিযুক্ত এই শ্বেৰমান আলি ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ