--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ছহিদক অপমাণ আৰু তাৰ পাছতেই জীৱন সলনি হ'ল বিতৰ্কিত বিধায়ক শ্বেৰমান আলি আহমেদৰ৷ দুবাৰকৈ গ্ৰেপ্তাৰ হোৱা শ্বেৰমানৰ বহু তথ্যই পোহৰলৈ আহিছে৷ ৰাজনীতিত আহিবলৈ তথা নিৰ্বাচন খেলিবলৈ ক'ত টকা পাইছিল শ্বেৰমান আলিয়ে ? তদাৰকী কোষৰ জেৰাত বহু ক'লা অধ্যায় পোহৰলৈ আহিছে শ্বেৰমানৰ ৷ দুৰ্নীতি নিবাৰক শাখাতো গোচৰ আছে শ্বেৰমানৰ৷ চৰকাৰী চাকৰিৰে নিৰ্বাচন খেলিবলৈ টকা ঘটিছিল শ্বেৰমানে ৷

দুৰ্নীতিৰে কোটি পতি হোৱা শ্বেৰমানৰ ন ন তথ্য উদ্ঘাটন কৰিছে আৰক্ষীয়ে৷ বিধায়ক শ্বেৰমান আলিক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে চলোৱা জেৰাৰ আজি প্ৰথমটো দিন ৷ জেৰাত ওলাইছে শ্বেৰমানৰ বহু ক'লা অধ্যায় ৷ ৰাজনীতিলৈ অহাৰ আগতেই শ্বেৰমানৰ বিৰুদ্ধে আছিল দুৰ্নীতিৰ গোচৰ ৷ সেই সময়ত বন বিভাগত কৰ্মৰত আছিল শ্বেৰমান ৷ এজন বন বিষয়া হৈ সেই সময়তে কোটিপতি হৈছিল শ্বেৰমান ৷

কোটিপতি শ্বেৰমানে পাছত ৰাজনীতিলৈ অহাৰ মন মেলিছিল ৷ ডিমা-হাচাওৰ ৰেঞ্জাৰ হৈ থকা সময়ত হঠাৎ আলাউদ্দিনৰ চাকী হাতত পৰিছিল শ্বেৰমানৰ ৷ আয়তকৈ অধিক সম্পত্তিৰ অধিকাৰী শ্বেৰমানৰ বিৰুদ্ধে তেতিয়াই দুৰ্নীতি নিবাৰক শাখাই ৰুজু কৰিছিল গোচৰ ৷ কিন্তু আজি পৰ্যন্ত তদন্ত নহ'ল সেই গোচৰৰ শুনানি ৷ কাৰণ ধনে জনে সেইসময়ত চৰকাৰক সহায় কৰি থকাৰ বাবে গোচৰটো সিমানতে তল পৰিছিল ৷ ক্ষমতাৰ ৰাগীত বলিয়া হোৱা শ্বেৰমানৰ মুখৰ এটা বাক্যই সলনি কৰিলে জীবনৰ গতি ৷ এতিয়া কেইবাটাও গোৰৰৰ অভিযুক্ত এই শ্বেৰমান আলি ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু