--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে পালে এক মোক্ষম আঘাত। বিজেপিত থকাৰ বাবে গভীৰ অনুশোচনাৰে দল ত্যাগ কৰিছে শাসকীয় দলৰ এগৰাকী বিধায়কে। ৰাজহুৱাভাৱে মুণ্ডন কৰি, যজ্ঞ পাতি তেওঁ কৰিলে বিজেপিলৈ যোৱাৰ পাপৰ প্ৰায়শ্চিত্ত। ত্ৰিপুৰাৰ সুৰমাৰ বিধায়ক তথা দীৰ্ঘকালৰ বিজেপি নেতা আশিস দাসে মঙলবাৰে কলকাতাৰ কালীঘাট কালী মন্দিৰত মুণ্ডন কৰে আৰু বিজেপিৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।

মুণ্ডন কৰাৰ পাছত আশিস দাসে কয় যে ‘‘বিজেপিত যোৱাটোৱেই আছিল মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল৷ গেৰুৱা দলৰ হৈ সেৱা আগবঢ়োৱাটো মোৰ জীৱনৰ অন্যতম ডাঙৰ ভুল বুলি গণ্য কৰি কলকাতাৰ কালীঘাট মন্দিৰত মূৰৰ চুলি খুৰাই যজ্ঞ কৰিলোঁ। এনেকুৱা কৰি নিজকে মই শুদ্ধি কৰিলোঁ৷ বিজেপি শাসিত ত্ৰিপুৰাত ৰাজনৈতিক অৰাজকতা আৰু বিশৃংখলতা বিৰাজ কৰিছে, যাক লৈ জনসাধাৰণ অসন্তুষ্ট৷’’

ত্ৰিপুৰাত বিজেপি নেতৃত্বাধীন চৰকাৰক ক্ষমতাৰপৰা অপসাৰণ কৰাটো তেওঁৰ একমাত্ৰ সংকল্প বুলিও তেওঁ মন্তব্য কৰে। কালীঘাট মন্দিৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ঘৰৰ পৰা বেছি দূৰত নহয়। বিজেপি ত্যাগ কৰাৰ পূৰ্বে ত্ৰিপুৰাৰ বিধায়ক আশিস দাসে মমতা বেনাৰ্জীক বংগৰ মাতৃ, মাটি, মানুহৰ প্ৰকৃত নেতা বুলি অভিহিত কৰি কয় যে মমতা বেনাৰ্জী ভৱিষ্যতে প্ৰধানমন্ত্ৰী হ'লে এয়া প্ৰতিজন বঙালীৰ বাবে গৌৰৱৰ বিষয় হ'ব। ভৱানীপুৰ নিৰ্বাচনত মমতা বেনাৰ্জীয়ে যিদৰে অভিলেখ অৰ্জন কৰিছে সেয়া তেওঁৰ অপৰিসীম জনপ্ৰিয়তাৰ আন এটা প্ৰমাণ। মমতা বেনাৰ্জীক প্ৰশংসাৰে ওপচাই দিয়ালৈ চাই সদ্য বিজেপি ত্যাগী বিধায়ক দাসে তৃণমূল কংগ্ৰেছ দলত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক