--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এয়া যোগীৰ দেশ! ইয়াত যোগীৰ অনুমতি নহ’লে বলিব নোৱাৰে বতাহো। তাৰ পাছত বিৰোধীৰ কাম কি ইয়াত? সেয়েহে উত্তৰ প্ৰদেশত ভৰি দিয়া ইজনৰ পাছত সিজন নেতাক বন্দী কৰিছে যোগীৰ অনুগত বাহিনীয়ে। কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধীৰ পৰা আৰম্ভ কৰি ছত্তিছগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেললৈকে, দীপেন্দৰ হুডা, অজয় কুমাৰ লাল্লুৰ পৰা আপৰ প্ৰতিনিধিদললৈকে সকলো এতিয়া যোগীৰ আৰক্ষীবাহিনীৰ জালত। মন কৰিবলগীয়া কথাটো হৈছে বিৰোধী দলৰ নেতা-প্ৰতিনিধিক লখিমপুৰ খেৰীলৈ যোৱাৰ বাটত আটক কৰিবলৈ ততপৰ হৈ ৰোৱা উত্তৰ প্ৰদেশ আৰক্ষীয়ে পিছে হত্যাৰ গোচৰ ৰুজু কৰিও কাষ চাপিব পৰা নাই কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰক। এইজন আশীষ মিশ্ৰৰ গাড়ীয়ে চাৰিজনকৈ কৃষকক ৰাজপথত মহতীয়াই নি হত্যা কৰাৰ পাছতো তেওঁ মুক্ত হৈ আছে। এতিয়া দুৰ্ঘটনা সংঘটিত কৰা গাড়ীত আশীষ মিশ্ৰ নাছিলেই বুলি দাবী কৰি তেওঁক বচোৱাৰ সৰ্বতোপ্ৰকাৰৰ চেষ্টা চলিছে।


অৱশ্যে, উত্তৰ প্ৰদেশ আৰক্ষীয়ে একো কৰা নাই বুলি ক’লে ভুল হ’ব, কিয়নো এই ভয়াৱহ ঘটনাৰ বুজ ল’বলৈ উত্তৰ প্ৰদেশত ভৰি দিয়া ইজনৰ পাছত সিজন বিৰোধী দলৰ নেতাক তেওঁলোকক আটক কৰি গৈছে। সোমবাৰে আটক কৰা হৈছিল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী সহিতে কংগ্ৰেছৰ এটা প্ৰতিনিধি দলক। সোমবাৰৰ পৰা এখন সীতাপুৰৰ এটা গেষ্ট হাউছত প্ৰিয়ংকা গান্ধী আৰু তেওঁৰ সহযোগীসকলক বন্দী কৰি ৰখা হৈছে। যি কাৰ্যক অনৈতিক আৰু অসাংবিধানিক আখ্যা দিছে উচ্চতম ন্যায়লয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ মদন লোকুৰে। তেওঁ চৰকাৰৰ এই কাৰ্যক গৰিহনা দি এয়া আইনবিৰুদ্ধ বুলি আখ্যা দিছে।

ইফালে, গাড়ীৰে মহতীয়াই চাৰিজন কৃষকক হত্যা কৰা ঘটনা সন্দৰ্ভতো তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয়, এয়া ভয়ংকৰ। এয়া স্পষ্টভাৱেই এটা হত্যাৰ ঘটনা। ইতিমধ্যে হত্যাৰ গোচৰ ৰুজু হৈছে কিন্তু হত্যাত অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাটো দুৰ্ভাগ্যজনক বিবেচিত হৈছে।
উল্লেখ্য যে, দেওবাৰে সংঘটিত এই ভয়াৱহ ঘটনাত চাৰিজনকৈ কৃষকে প্ৰাণ হেৰুৱাইছিল। তাৰ পাছত হোৱা হিংসাত্মক পৰিস্থিতিত আন চাৰিজনে প্ৰাণ হেৰুৱায়। এই ঘটনাৰ মূল অভিযুক্ত হিচাপে চিহ্নিত কৰা হৈছিল কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰক। কিন্তু আৰক্ষীয়ে মিশ্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে ঘটনাস্থলীলৈ যোৱা বিৰোধী দলৰ নেতাসকলক গ্ৰেপ্তাৰ কৰি বীৰত্ব প্ৰদৰ্শন কৰি গৈছে। ন্যায়াধীশ লোকুৰে এই গোচৰ উচ্চতম ন্যায়ালয়ে লোৱা উচিত বুলি মন্তব্য কৰিছে। তেওঁ কয়, মৌলিক অধিকাৰ, সাংবিধানিক অধিকাৰ অতি নিৰ্লজ্জভাৱে উলংঘা কৰা এনে ঘটনাক লৈ উচ্চতম ন্যায়ালয় সজাগ হৈ থাকিব লাগিব।

কোনো ৰাজনীতিক উত্তৰ প্ৰদেশলৈ যাব নোৱাৰে


ইফালে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীকো লখিমপুৰ খেৰীলৈ যোৱাৰ অনুমতি দিয়া নহ’ল। বুধবাৰে এখন সংবাদ মেলযোগে ৰাহুলে সমগ্ৰ পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয়, কালি প্ৰধানমন্ত্ৰী মোদীয়ে লক্ষ্ণৌ ভ্ৰমণ কৰিছিল যদিও তেওঁ লখিমপুৰ খেৰীলৈ নগ’ল। এয়া কৃষকৰ ওপৰত হোৱা পৰিকল্পতি আৰু প্ৰণালীবদ্ধ আক্ৰমণ। আনহাতে বিৰোধী দলৰ নেতাসকলক আৰক্ষীয়ে বাধা দিয়াক লৈও তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আৰু কয়, ভাৰতত এতিয়া একনায়কত্ববাদ চলিছে। কোনো ৰাজনীতিক উত্তৰ প্ৰদেশলৈ যাব নোৱাৰে। কালিৰ পৰা মোক কোৱা হৈছে যে, ময়ো যাব নোৱাৰোঁ। চত্তিছগড়ৰ মুখ্যমন্ত্ৰীকো বাধা দিয়া হ’ল।

কিয়? কিয়নো ভয়ংকৰ অপৰাধ চলি আছে। উল্লেখ্য যে, প্ৰিয়ংকা গান্ধীক গ্ৰেপ্তাৰক লৈও তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে দেশৰ ৰাজনীতিত। প্ৰিয়ংকা, দীপেন্দৰ হুদা আৰু অজয় লাল্লুৰ বিৰু্দ্ধে ইতিমধ্যে গোচৰো ৰুজু কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। আনহাতে চত্তিছগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক বিমানবন্দৰতে বাধা প্ৰদান কৰাক লৈও তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সম্প্ৰতি লখিমপুৰ খেৰীত ১৪৪ধাৰা জাৰি কৰি চাৰিজনতকৈ অধিক লোকক প্ৰৱেশত বাধা দিয়া হৈছে। তাৰ পাছতো ৰাহুল গান্ধীয়ে লখিমপুৰ খেৰীলৈ যাব বুলি প্ৰকাশ কৰিছে দলৰ এগৰাকী নেতাই। ১৪৪ধাৰা জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত ৰাহুলসহিতে তিনিজন লোক যাব লখিমপুৰলৈ।


মন কৰিবলগীয়া যে, হত্যা, ধৰ্ষণ, অপহৰণৰ দৰে নানা অপাৰাধিক কাম-কাজৰ ৰম্যভূমি উত্তৰপ্ৰদেশত অপৰাধ ৰোধ সম্ভৱ নহ’লেও গণতান্ত্ৰিক ব্যৱস্থাৰ গতিৰোধ সময়ে সময়ে হৈ আহিছে। হাথৰছ কাণ্ডৰ সময়তো এনেদৰে বিৰোধীৰ প্ৰৱেশত বাধা দিয়া হৈছিল উত্তৰ প্ৰদেশত। হাথৰছ কাণ্ডৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা কেৰালাৰ কাপ্পান ছিদ্দিকীৰ দৰে সাংবাদিকক এতিয়াও ভুৱা গোচৰত কাৰাবন্দী কৰি ৰখা হৈছে। এনে কাৰ্যৰ সফল পুনৰাবৃত্তিয়ে গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি যোগী চৰকাৰৰ আস্থাহীনতাৰ কথাকে যেন প্ৰতিপন্ন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দীপাৱলীৰ বতৰত জয়পুৰত দেশৰ সবাতোকৈ দামী মিঠাই
বালিত পোত গ'ল পঞ্জাবৰ ৩ লাখ হেক্টৰ কৃষিভূমি
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
গৰৈমাৰীত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক