--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এয়া যোগীৰ দেশ! ইয়াত যোগীৰ অনুমতি নহ’লে বলিব নোৱাৰে বতাহো। তাৰ পাছত বিৰোধীৰ কাম কি ইয়াত? সেয়েহে উত্তৰ প্ৰদেশত ভৰি দিয়া ইজনৰ পাছত সিজন নেতাক বন্দী কৰিছে যোগীৰ অনুগত বাহিনীয়ে। কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধীৰ পৰা আৰম্ভ কৰি ছত্তিছগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেললৈকে, দীপেন্দৰ হুডা, অজয় কুমাৰ লাল্লুৰ পৰা আপৰ প্ৰতিনিধিদললৈকে সকলো এতিয়া যোগীৰ আৰক্ষীবাহিনীৰ জালত। মন কৰিবলগীয়া কথাটো হৈছে বিৰোধী দলৰ নেতা-প্ৰতিনিধিক লখিমপুৰ খেৰীলৈ যোৱাৰ বাটত আটক কৰিবলৈ ততপৰ হৈ ৰোৱা উত্তৰ প্ৰদেশ আৰক্ষীয়ে পিছে হত্যাৰ গোচৰ ৰুজু কৰিও কাষ চাপিব পৰা নাই কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰক। এইজন আশীষ মিশ্ৰৰ গাড়ীয়ে চাৰিজনকৈ কৃষকক ৰাজপথত মহতীয়াই নি হত্যা কৰাৰ পাছতো তেওঁ মুক্ত হৈ আছে। এতিয়া দুৰ্ঘটনা সংঘটিত কৰা গাড়ীত আশীষ মিশ্ৰ নাছিলেই বুলি দাবী কৰি তেওঁক বচোৱাৰ সৰ্বতোপ্ৰকাৰৰ চেষ্টা চলিছে।


অৱশ্যে, উত্তৰ প্ৰদেশ আৰক্ষীয়ে একো কৰা নাই বুলি ক’লে ভুল হ’ব, কিয়নো এই ভয়াৱহ ঘটনাৰ বুজ ল’বলৈ উত্তৰ প্ৰদেশত ভৰি দিয়া ইজনৰ পাছত সিজন বিৰোধী দলৰ নেতাক তেওঁলোকক আটক কৰি গৈছে। সোমবাৰে আটক কৰা হৈছিল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী সহিতে কংগ্ৰেছৰ এটা প্ৰতিনিধি দলক। সোমবাৰৰ পৰা এখন সীতাপুৰৰ এটা গেষ্ট হাউছত প্ৰিয়ংকা গান্ধী আৰু তেওঁৰ সহযোগীসকলক বন্দী কৰি ৰখা হৈছে। যি কাৰ্যক অনৈতিক আৰু অসাংবিধানিক আখ্যা দিছে উচ্চতম ন্যায়লয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ মদন লোকুৰে। তেওঁ চৰকাৰৰ এই কাৰ্যক গৰিহনা দি এয়া আইনবিৰুদ্ধ বুলি আখ্যা দিছে।

ইফালে, গাড়ীৰে মহতীয়াই চাৰিজন কৃষকক হত্যা কৰা ঘটনা সন্দৰ্ভতো তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয়, এয়া ভয়ংকৰ। এয়া স্পষ্টভাৱেই এটা হত্যাৰ ঘটনা। ইতিমধ্যে হত্যাৰ গোচৰ ৰুজু হৈছে কিন্তু হত্যাত অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাটো দুৰ্ভাগ্যজনক বিবেচিত হৈছে।
উল্লেখ্য যে, দেওবাৰে সংঘটিত এই ভয়াৱহ ঘটনাত চাৰিজনকৈ কৃষকে প্ৰাণ হেৰুৱাইছিল। তাৰ পাছত হোৱা হিংসাত্মক পৰিস্থিতিত আন চাৰিজনে প্ৰাণ হেৰুৱায়। এই ঘটনাৰ মূল অভিযুক্ত হিচাপে চিহ্নিত কৰা হৈছিল কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰক। কিন্তু আৰক্ষীয়ে মিশ্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে ঘটনাস্থলীলৈ যোৱা বিৰোধী দলৰ নেতাসকলক গ্ৰেপ্তাৰ কৰি বীৰত্ব প্ৰদৰ্শন কৰি গৈছে। ন্যায়াধীশ লোকুৰে এই গোচৰ উচ্চতম ন্যায়ালয়ে লোৱা উচিত বুলি মন্তব্য কৰিছে। তেওঁ কয়, মৌলিক অধিকাৰ, সাংবিধানিক অধিকাৰ অতি নিৰ্লজ্জভাৱে উলংঘা কৰা এনে ঘটনাক লৈ উচ্চতম ন্যায়ালয় সজাগ হৈ থাকিব লাগিব।

কোনো ৰাজনীতিক উত্তৰ প্ৰদেশলৈ যাব নোৱাৰে


ইফালে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীকো লখিমপুৰ খেৰীলৈ যোৱাৰ অনুমতি দিয়া নহ’ল। বুধবাৰে এখন সংবাদ মেলযোগে ৰাহুলে সমগ্ৰ পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয়, কালি প্ৰধানমন্ত্ৰী মোদীয়ে লক্ষ্ণৌ ভ্ৰমণ কৰিছিল যদিও তেওঁ লখিমপুৰ খেৰীলৈ নগ’ল। এয়া কৃষকৰ ওপৰত হোৱা পৰিকল্পতি আৰু প্ৰণালীবদ্ধ আক্ৰমণ। আনহাতে বিৰোধী দলৰ নেতাসকলক আৰক্ষীয়ে বাধা দিয়াক লৈও তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আৰু কয়, ভাৰতত এতিয়া একনায়কত্ববাদ চলিছে। কোনো ৰাজনীতিক উত্তৰ প্ৰদেশলৈ যাব নোৱাৰে। কালিৰ পৰা মোক কোৱা হৈছে যে, ময়ো যাব নোৱাৰোঁ। চত্তিছগড়ৰ মুখ্যমন্ত্ৰীকো বাধা দিয়া হ’ল।

কিয়? কিয়নো ভয়ংকৰ অপৰাধ চলি আছে। উল্লেখ্য যে, প্ৰিয়ংকা গান্ধীক গ্ৰেপ্তাৰক লৈও তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে দেশৰ ৰাজনীতিত। প্ৰিয়ংকা, দীপেন্দৰ হুদা আৰু অজয় লাল্লুৰ বিৰু্দ্ধে ইতিমধ্যে গোচৰো ৰুজু কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। আনহাতে চত্তিছগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক বিমানবন্দৰতে বাধা প্ৰদান কৰাক লৈও তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সম্প্ৰতি লখিমপুৰ খেৰীত ১৪৪ধাৰা জাৰি কৰি চাৰিজনতকৈ অধিক লোকক প্ৰৱেশত বাধা দিয়া হৈছে। তাৰ পাছতো ৰাহুল গান্ধীয়ে লখিমপুৰ খেৰীলৈ যাব বুলি প্ৰকাশ কৰিছে দলৰ এগৰাকী নেতাই। ১৪৪ধাৰা জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত ৰাহুলসহিতে তিনিজন লোক যাব লখিমপুৰলৈ।


মন কৰিবলগীয়া যে, হত্যা, ধৰ্ষণ, অপহৰণৰ দৰে নানা অপাৰাধিক কাম-কাজৰ ৰম্যভূমি উত্তৰপ্ৰদেশত অপৰাধ ৰোধ সম্ভৱ নহ’লেও গণতান্ত্ৰিক ব্যৱস্থাৰ গতিৰোধ সময়ে সময়ে হৈ আহিছে। হাথৰছ কাণ্ডৰ সময়তো এনেদৰে বিৰোধীৰ প্ৰৱেশত বাধা দিয়া হৈছিল উত্তৰ প্ৰদেশত। হাথৰছ কাণ্ডৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা কেৰালাৰ কাপ্পান ছিদ্দিকীৰ দৰে সাংবাদিকক এতিয়াও ভুৱা গোচৰত কাৰাবন্দী কৰি ৰখা হৈছে। এনে কাৰ্যৰ সফল পুনৰাবৃত্তিয়ে গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি যোগী চৰকাৰৰ আস্থাহীনতাৰ কথাকে যেন প্ৰতিপন্ন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক