--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিছে দুষ্কাৰ্য। উপত্যকাটোৰ তিনিটা স্থানত তিনিগৰাকীকৈ লোকক গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীৰ দলে। ইয়াৰে এগৰাকী হৈছে কেমিষ্ট, এগৰাকী ষ্টিট ফুডৰ ব্যৱসায়ী আৰু এগৰাকী কেব ড্ৰাইভাৰ। এঘণ্টাৰ ভিতৰতে তিনিটা ভিন্ন স্থানত তিনিওজন লোককে গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীৰ দলে। বিন্দৰো ফাৰ্মাচীৰ স্বত্বাধিকাৰী তথা এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী মাখন লাল বিন্দৰো নামৰ ৭০ লোকজনক শ্ৰীনগৰৰ ইকবাল পাৰ্কত থকা তেওঁৰ ফাৰ্মাচীৰ ভিতৰতে গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে।

মঙলবাৰে সন্ধিয়া প্ৰায় ৭ বজাত শূন্য দূৰত্বৰ পৰা তেওঁক গুলীয়াই হত্যা কৰাৰ কথা প্ৰকাশ কৰিছে আৰক্ষীয়ে। গুলীবিদ্ধ অৱস্থাত তেওঁক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও তেওঁক মৃত বুলি ঘোষণা কৰে চিকিতসকে। ঘটনাস্থলীত আৰক্ষী আৰু নিৰাপত্তাবাহিনীৰ লোক উপস্থিত হোৱালৈ পলাই যাবলৈ সক্ষম হয় হত্যাকাৰী। ফাৰ্মাচীখনৰ আশ-পাশৰ অঞ্চল নিৰাপত্তাবাহিনীয়ে ছীল কৰি দিছে আৰু তাত তালাচী অভিযান চলাই থকা হৈছে। এগৰাকী কাশ্মীৰী পণ্ডিত ভিন্দৰোৱে ১৯৯০ দশকৰ সন্ত্ৰাসবাদৰ ভৰপক সময়তো কাশ্মীৰত থাকি এই ফাৰ্মাচী চলাই গৈছিল। জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এই আক্ৰমণক নিন্দা কৰিছে ভিন্দৰোৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

এই ঘটনাৰ কিছুসময়ৰ পাছতে সন্ত্ৰাসবাদীয়ে লাল বাজাৰ এলেকাত এজন ষ্ট্ৰীট ফুড ব্যৱসায়ীক গুলীয়াই হত্যা কৰে। নিহত লোকজন বীৰেন্দ্ৰ পাছোৱান বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।বিহাৰৰ ভাগলপুৰৰ বাসিন্দা আছিল পাছোৱান। তেওঁ তাত ফুচকা বিক্ৰী কৰি আহিছিল। তৃতীয়টো আক্ৰমণ সংঘটিত কৰে বান্দিপোৰাত। মহম্মদ ছাফী নামৰ কেব চালক এজনক গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে। শেহতীয়াকৈ কেন্দ্ৰ শাসিত অঞ্চলটোত সন্ত্ৰাসবাদীয়ে অসামৰিক লোকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে। এই ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে সাধাৰণ নাগৰিক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোৱণশিৰিৰ বান্ধৰ নামনিত সুৰক্ষাৰ নামত বৃহৎ কেলেংকাৰি, খহনীয়া প্ৰতিৰোধৰ নামত আবণ্টিত বিশাল ধনৰ অপচয়
মানকাচৰ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী জিয়াদুল মিঞা
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
ছিংগাপুৰলৈ ৰাওনা হোৱা SITৰ দলে চেষ্টা কৰিব জুবিন গাৰ্গ থকা পেন-পেচিফিক হোটেলৰ চি চি টিভি ফুটেজ সংগ্ৰহৰ
'জুবিন ক্ষেত্ৰ'ত বিচাৰি পাব লাগিব প্ৰাণৰ শিল্পীৰ আত্মাক , প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা সমিতিৰ বৈঠকত কি ক'লে পত্নী গৰিমাই
দীপাৱলীত ভয়াৱহ প্ৰদূষণৰ কবলত দিল্লী, এ কিউ আই ৪০০ৰো অধিক
দীপাৱলীৰ অচিলা লৈ গুৱাহাটী মহানগৰীত সক্ৰিয় হৈ পৰিছে জুৱাৰী চক্ৰ; জালত পৰিল ৪
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰঙীন কেছেটৰ কভাৰেৰে ব্যতিক্ৰমী শ্যামা পূজা