--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিছে দুষ্কাৰ্য। উপত্যকাটোৰ তিনিটা স্থানত তিনিগৰাকীকৈ লোকক গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীৰ দলে। ইয়াৰে এগৰাকী হৈছে কেমিষ্ট, এগৰাকী ষ্টিট ফুডৰ ব্যৱসায়ী আৰু এগৰাকী কেব ড্ৰাইভাৰ। এঘণ্টাৰ ভিতৰতে তিনিটা ভিন্ন স্থানত তিনিওজন লোককে গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীৰ দলে। বিন্দৰো ফাৰ্মাচীৰ স্বত্বাধিকাৰী তথা এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী মাখন লাল বিন্দৰো নামৰ ৭০ লোকজনক শ্ৰীনগৰৰ ইকবাল পাৰ্কত থকা তেওঁৰ ফাৰ্মাচীৰ ভিতৰতে গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে।

মঙলবাৰে সন্ধিয়া প্ৰায় ৭ বজাত শূন্য দূৰত্বৰ পৰা তেওঁক গুলীয়াই হত্যা কৰাৰ কথা প্ৰকাশ কৰিছে আৰক্ষীয়ে। গুলীবিদ্ধ অৱস্থাত তেওঁক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও তেওঁক মৃত বুলি ঘোষণা কৰে চিকিতসকে। ঘটনাস্থলীত আৰক্ষী আৰু নিৰাপত্তাবাহিনীৰ লোক উপস্থিত হোৱালৈ পলাই যাবলৈ সক্ষম হয় হত্যাকাৰী। ফাৰ্মাচীখনৰ আশ-পাশৰ অঞ্চল নিৰাপত্তাবাহিনীয়ে ছীল কৰি দিছে আৰু তাত তালাচী অভিযান চলাই থকা হৈছে। এগৰাকী কাশ্মীৰী পণ্ডিত ভিন্দৰোৱে ১৯৯০ দশকৰ সন্ত্ৰাসবাদৰ ভৰপক সময়তো কাশ্মীৰত থাকি এই ফাৰ্মাচী চলাই গৈছিল। জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এই আক্ৰমণক নিন্দা কৰিছে ভিন্দৰোৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।


এই ঘটনাৰ কিছুসময়ৰ পাছতে সন্ত্ৰাসবাদীয়ে লাল বাজাৰ এলেকাত এজন ষ্ট্ৰীট ফুড ব্যৱসায়ীক গুলীয়াই হত্যা কৰে। নিহত লোকজন বীৰেন্দ্ৰ পাছোৱান বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।বিহাৰৰ ভাগলপুৰৰ বাসিন্দা আছিল পাছোৱান। তেওঁ তাত ফুচকা বিক্ৰী কৰি আহিছিল। তৃতীয়টো আক্ৰমণ সংঘটিত কৰে বান্দিপোৰাত। মহম্মদ ছাফী নামৰ কেব চালক এজনক গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে। শেহতীয়াকৈ কেন্দ্ৰ শাসিত অঞ্চলটোত সন্ত্ৰাসবাদীয়ে অসামৰিক লোকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে। এই ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে সাধাৰণ নাগৰিক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক