--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মল্লযুঁজৰ ক্ষেত্ৰ এৰি ৰাজনীতিৰ পথাৰত নামিল WWEৰ তাৰকা ৰেষ্টলাৰ দ্য গ্ৰেট খালী। দিল্লীত বিজেপিত যোগদান কৰে দ্য গ্ৰেট খালীয়ে। বিজেপিত যোগদান কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে খালী। বিজেপিত যোগদান কৰি তেওঁৰ ভাল লগা বুলি সদৰী কৰে। তেওঁ কয় যে ''এনেকুৱা এখন দেশ নাই য’ত মই ৰেষ্টলিং কৰা নাই। টকা উপাৰ্জন কৰিম বুলি ভবা হ’লে মই আমেৰিকাতে থাকিলোহেঁতেন। কিন্তু মই ভাৰতলৈ আহিছো কাৰণ দেশৰ প্ৰতি মোৰ প্ৰেম আছে। মই দেখিছো যে মোদীৰ ৰূপত দেশে এগৰাকী সঠিক প্ৰধানমন্ত্ৰী পাইছে। মই ভাবিলো দেশত থাকি, একেলগে যোগদান কৰি দেশক আগুৱাই নিয়াত অৰিহণা যোগাওঁ। মই প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈছোঁ।'' উল্লেখযোগ্য যে পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দ্য গ্ৰেট খালীৰ বিজেপিত যোগদান দলটোৰ বাবে লাভজনক হ’ব পাৰে। বিগত বৰ্ষত খালীয়ে সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱকো সাক্ষাৎ কৰিছিল। তেতিয়া অখিলেশ যাদৱৰ সৈতে কি কথা পাতিছিল সেয়া পোহৰলৈ অহা নাছিল, কিন্তু সমাজবাদী পাৰ্টীত যোগদান কৰিব বুলি অনুমান কৰা হৈছিল। উল্লেখ্য যে দ্য গ্ৰেট খালী হিমাচল প্ৰদেশৰ বাসিন্দা। তেওঁৰ প্ৰকৃত নাম দলীপ সিং ৰাণা। ২০০২ চনত তেওঁ হৰমিন্দৰ কৌৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ৭ ফুট ১ ইঞ্চি উচ্চতাৰ দ্য গ্ৰেট খালীয়ে WWEৰ লগতে চলচ্চিত্ৰতো কাম কৰিছে। তেওঁ জনপ্ৰিয় টিভি অনুষ্ঠান 'বিগ বছ'ত প্ৰতিযোগী হিচাপেও আছিল। খালীয়ে WWEত যোগদান কৰাৰ আগতে পঞ্জাৱ আৰক্ষীত এএছআইৰ পদত অধিষ্ঠিত আছিল। আৰু পঢ়কঃ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ ভোটগ্ৰহণক লৈ প্ৰধানমন্ত্ৰীয়ে ক’লে-‘প্ৰথমে ভোটদান,পাছত জলপান’


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম