--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে সাতটা পৰ্যায়ত হ’বলগীয়া উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। বৃহস্পতিবাৰে ৰাজ্যখনৰ পশ্চিম অংশৰ ১১ খন জিলাত ব্যাপ্ত হৈ থকা ৫৮ খন বিধানসভা আসনৰ বাবে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। দেশৰ নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা মতে ক’ভিড প্ৰট’কল অনুসৰি এই সমষ্টি সমূহত পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে। ভোটগ্ৰহণ সন্ধিয়া ৬ বজাত সমাপ্ত হ’ব।ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডী আৰু মুখ্যমন্ত্ৰী যোগীয়ে টুইটযোগে জনসাধাৰণক ভোট দিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে পুৱাই টুইট কৰি কয়-'প্ৰথমে ভোটদান,পাছত জলপান' প্ৰধানমন্ত্ৰী মোদীয়ে কয় "আজি উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। মই সকলো ভোটাৰক গণতন্ত্ৰৰ এই পবিত্ৰ উৎসৱত কোভিড নিয়ম অনুসৰণ কৰি সকলোকে ভোট দিবলৈ আহ্বান জনাইছো। মনত ৰাখিব-'প্ৰথমে ভোটদান,পাছত জলপান!' প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰতে সুৰ মিলাই মুখ্যমন্ত্ৰী যোগীয়ে তেওঁৰ টুইটত লিখিছিল-"আজি গণতন্ত্ৰৰ মহাযজ্ঞৰ প্ৰথম পৰ্যায়। আপোনাৰ অমূল্য ভোটৰ ত্যাগ অবিহনে এই ৰীতি-নীতি সম্পূৰ্ণ নহ'ব। আপোনাৰ এটা ভোটে অপৰাধমুক্ত, ভয়মুক্ত, সন্ত্ৰাসমুক্ত উত্তৰ প্ৰদেশৰ সংকল্প শক্তিশালী কৰিব। গতিকে 'প্ৰথমে ভোটদান, পাছত জলপান' তাৰপাছতহে অন্য কোনো কাম..."। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁৰ টুইটাৰ একাউণ্টত এটা ভিডিঅ' টুইট কৰিছিল। এই ভিডিঅ'টোত তেওঁ সকলোকে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাবী কৰিছে যে ”২০১৪ চনৰ পৰা, ৰাইজে বিজেপিৰ কাম দেখিছে। গতিকে ২০১৭ চনতো ৰাইজে আমাক উত্তৰ প্ৰদেশত নিৰ্বাচিত কৰিছিল। একেদৰে, ২০১৯ চনত শাসনলৈ অহাৰ পিছত অধিক কাম দেখি, ২০২২ চনতো মানুহে আমাক উত্তৰ প্ৰদেশতো গ্ৰহণ কৰিব।” উল্লেখ্য যে ৭ মাৰ্চত সমাপ্ত হ’বলগীয়া এই সাতটা পৰ্যায়ৰ নিৰ্বাচনে উত্তৰ প্ৰদেশৰ বিধান সভাৰ ৪০৩ জন সদস্যৰ ভাগ্য নিৰ্ণয় কৰিব। নিৰ্বাচনী আয়োগৰ অধিসূচনা অনুসৰি ১০ মাৰ্চত ভোট গণনা হ’ব। উত্তৰ প্ৰদেশৰ উপৰিও এই বৰ্ষত পঞ্জাৱ, গোৱা, মণিপুৰ আৰু উত্তৰাখণ্ডতো নিৰ্বাচন অনুষ্ঠিত হ’ব । পঞ্জাৱ, উত্তৰাখণ্ড আৰু গোৱাত ১৪ ফেব্ৰুৱাৰীত এটা পৰ্য্যায়ত ভোটগ্ৰহণ অনুস্থিত হ’ব যদিও মণিপুৰত ২৭ ফেব্ৰুৱাৰী আৰু ৩ মাৰ্চত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। আৰু পঢ়কঃ হিজাব বিতৰ্কঃ”ইউনিফৰ্মক সন্মান কৰা উচিত,বাহিৰত যি ইচ্ছা তাকে পিন্ধক”-হেমা মালিনী

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র