--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰমবৰ্ধমান আত্মহত্যাৰ ঘটনাই জোকাৰি গৈছে ক’ভিড-জৰ্জৰিত ভাৰতক৷ ২০১০ বৰ্ষত ভাৰতত আত্মহত্যা কৰিছে সৰ্বাধিক নিবনুৱাই৷ কেন্দ্ৰীয় চৰকাৰৰ গৃহ-মন্ত্ৰণালয়ে বুধবাৰে ৰাজ্যসভাত এই সম্পৰ্কত তথ্য সদৰী কৰি কয় যে, দেউলীয়া বা ঋণগ্ৰস্ততাৰ বাবে ১৬,০০০ৰো অধিক লোকে আত্মহত্যা কৰিছে ভাৰতবৰ্ষত৷ আনহাতে, ২০১৮ৰ পৰা ২০২০চনৰ ভিতৰত কৰ্মসংস্থাপনহীনতাৰ বাবে ৯,১৪০গৰাকী লোকে আত্মহত্যা কৰিছে৷ কৰ্মসংস্থাপনহীনতাৰ বাবে দুবছৰত ৯,১৪০গৰাকী লোকে আত্মহত্যা কৰিছিল‍৷ অথচ, এটা বছৰতে, অৰ্থাৎ ২০২০ বৰ্ষত ৩,৫৪৮গৰাকী লোকে আত্মহত্যা কৰিছে৷ ২০২০ বৰ্ষত এই তিনি সহস্ৰাধিক লোকে, এনে সময়ত আত্মহত্যা কৰিছে, সিসময়ত ক’ভিড-১৯ৰ বাবে দেশত লকডাউন আৰোপ কৰা হৈছিল আৰু বহুতো খণ্ডত কৰ্মৰত শ্ৰমিক আৰু কৰ্মচাৰীয়ে চাকৰি হেৰুওৱা আৰু অৰ্থনৈতিক মন্দাৱস্থাৰ খবৰ পোৱা গৈছিল। গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে, ২০২০ চনত দেউলীয়া বা ঋণগ্ৰস্ততাৰ বাবে ৫,২১৩ জন, ২০১৯ চনত ৫,৯০৮ জন আৰু ২০১৮ চনত ৪,৯৭০ জন লোকে আত্মহত্যা কৰিছিল। ২০২০ চনত নিবনুৱাৰ বাবে মুঠ ৩,৫৪৮ জন, ২০১৯ চনত ২,৮৫১ জন আৰু ২০১৮ চনত ২,৭৪১ জন লোকে আত্মহত্যা কৰিছিল৷ সমাজবাদী পাৰ্টীৰ সুখৰাম সিং যাদৱৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে সামাজিক সুৰক্ষাৰ লাভালাভ আৰু নিযুক্তি পুনৰুদ্ধাৰৰ লগতে নিয়োগকৰ্তাসকলক নতুন চাকৰি সৃষ্টিৰ বাবে উৎসাহিত কৰাৰ বাবে আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ যোজনাৰ জৰিয়তে নাগৰিকসকলৰ বাবে নিযুক্তি আৰু উপাৰ্জন উৎপাদনৰ বাবে কেইবাটাও কাৰ্যসূচী আৰম্ভ কৰিছে। লিখিত উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে মেক ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, স্বচ্ছ ভাৰত মিছন, স্মাৰ্ট চিটী মিছন, পুনৰুজ্জীৱিতকৰণ আৰু নগৰ পৰিৱৰ্তনৰ বাবে অটল মিছন, সকলোৰে বাবে গৃহ নিৰ্মাণ, আন্তঃগাঁথনি উন্নয়ন আৰু ঔদ্যোগিক কৰিড’ৰ আদি কাৰ্যসূচীৰ কথাও উল্লেখ কৰে৷ যিবোৰ আঁচনিয়ে ভৱিষ্যতে নিযুক্তিৰ সুযোগ সৃষ্টি কৰাৰ সম্ভাৱনা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম