--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে আন এজন হিন্দুক। শেহতীয়াকৈ সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে বেংক মেনেজাৰ বিজয় কুমাৰক। বৃহস্পতিবাৰে কুলগামৰ এটা বেংকত সন্ত্ৰাসবাদীয়ে প্ৰৱেশ কৰি বিজয়ৰ ওপৰত গুলীচালনা কৰে। চিকিৎসাৰ বাবে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত তেওঁক মৃত বুলি ঘোষণা কৰে চিকিৎসকে। 

এমাহৰ ভিতৰত ৮জনক হত্যা

যোৱা এমাহত কাশ্মীৰত ৮ জন হিন্দুক হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে। হত্যাৰ বলি হোৱাসকলৰ ভিতৰত আছিল শিক্ষক, অভিনেত্ৰী, বেংক মেনেজাৰ আদি। বিজয় কুমাৰৰ হত্যাকাণ্ডৰ পূৰ্বে ৩১ মে’ত শিক্ষয়িত্ৰী ৰজনী বালাক সন্ত্ৰাসবাদীয়ে হত্যা কৰিছল। জম্মুৰ চাম্বা জিলাৰ বাসিন্দা ৰজনী বালাক কুলগামৰ এখন চৰকাৰী বিদ্যালয়ত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল। তাৰ পূর্বে যোৱা ১২ মে’ত বুডগাম জিলাৰ তহচিলদাৰ চাদুৰাৰ কার্যালয়ত প্রৱেশ কৰি কেৰাণী ৰাহুল ভাটক গুলীয়াই হত্যা কৰা হৈছিল৷

কাশ্মীৰত দুজন সাধাৰণ নাগৰিক আৰু তিনিজন অফ ডিউটি ​​আৰক্ষীক সন্ত্ৰাসবাদীয়ে নিহত কৰে।কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী ঘটনা সন্দৰ্ভত শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাৰ সৈতে এক বৈঠকত মিলিত হ’ব।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা আঁতৰাই জম্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰে। চৰকাৰে কাশ্মীৰ পণ্ডিতসকলক উভতাই আনিবলৈ প্ৰচেষ্টা চলাইছিল। তেওঁলোকক চাকৰি দিয়া হৈছিল আৰু থাকিবলৈ ঘৰ দিয়া হৈছিল। চৰকাৰৰ এই পদক্ষেপক লৈ ক্ষুব্ধ সন্ত্ৰাসবাদীয়ে হিন্দুক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন