--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে আন এজন হিন্দুক। শেহতীয়াকৈ সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে বেংক মেনেজাৰ বিজয় কুমাৰক। বৃহস্পতিবাৰে কুলগামৰ এটা বেংকত সন্ত্ৰাসবাদীয়ে প্ৰৱেশ কৰি বিজয়ৰ ওপৰত গুলীচালনা কৰে। চিকিৎসাৰ বাবে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত তেওঁক মৃত বুলি ঘোষণা কৰে চিকিৎসকে। 

এমাহৰ ভিতৰত ৮জনক হত্যা

যোৱা এমাহত কাশ্মীৰত ৮ জন হিন্দুক হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে। হত্যাৰ বলি হোৱাসকলৰ ভিতৰত আছিল শিক্ষক, অভিনেত্ৰী, বেংক মেনেজাৰ আদি। বিজয় কুমাৰৰ হত্যাকাণ্ডৰ পূৰ্বে ৩১ মে’ত শিক্ষয়িত্ৰী ৰজনী বালাক সন্ত্ৰাসবাদীয়ে হত্যা কৰিছল। জম্মুৰ চাম্বা জিলাৰ বাসিন্দা ৰজনী বালাক কুলগামৰ এখন চৰকাৰী বিদ্যালয়ত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল। তাৰ পূর্বে যোৱা ১২ মে’ত বুডগাম জিলাৰ তহচিলদাৰ চাদুৰাৰ কার্যালয়ত প্রৱেশ কৰি কেৰাণী ৰাহুল ভাটক গুলীয়াই হত্যা কৰা হৈছিল৷

কাশ্মীৰত দুজন সাধাৰণ নাগৰিক আৰু তিনিজন অফ ডিউটি ​​আৰক্ষীক সন্ত্ৰাসবাদীয়ে নিহত কৰে।কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী ঘটনা সন্দৰ্ভত শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাৰ সৈতে এক বৈঠকত মিলিত হ’ব।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা আঁতৰাই জম্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰে। চৰকাৰে কাশ্মীৰ পণ্ডিতসকলক উভতাই আনিবলৈ প্ৰচেষ্টা চলাইছিল। তেওঁলোকক চাকৰি দিয়া হৈছিল আৰু থাকিবলৈ ঘৰ দিয়া হৈছিল। চৰকাৰৰ এই পদক্ষেপক লৈ ক্ষুব্ধ সন্ত্ৰাসবাদীয়ে হিন্দুক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত