--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিশেষ বিয়া! বলীউডৰ এই বিয়াখনে গৰম কৰি ৰাখিছে মনোৰঞ্জন জগত। ফটো লোৱা নিষেধ, ছিক্ৰেট ক’ডেৰে প্ৰৱেশ… কিমান যে কি এছঅ’পি! বিয়া নহয় যেন ছিক্ৰেট মিছনহে! বিকি-কেটৰিনাৰ বিয়াক লৈ কত কিমান যে গুজব! মোহময়ী কেটৰিনাৰ প্ৰাক্তন প্ৰেমিক বলীউড ভাইজান ছলমান খানক লৈ মিমেৰে ভৰি পৰিছে ছ’চিয়েল মিডিয়া। বিকি কৌশলৰ প্ৰাক্তন প্ৰেয়সীহে চৰ্চালৈ অহা নাছিল। প্ৰাক্তন প্ৰেয়সীয়ে পাহৰিব পৰা নাই বিকিৰে কটোৱা মধুৰ সময়। বিকি-কেটৰ বিয়াৰ সময়তে ভুমুকি মাৰিছে বিকিৰ প্ৰাক্তন প্ৰেয়সী হৰলীন ছেঠীয়ে।

আজিৰেপৰা ৰাজস্থানত বহুচৰ্চিত বিকি কৌশল আৰু কেটৰিনা কাঈফৰ মহাড়ম্বৰপূৰ্ণ বিয়া। ৭, ৮ আৰু ৯ ডিচেম্বৰত হ’বলগীয়া বিয়াখনক লৈ উখল-মাখল পৰিৱেশ। সংবাদ মাধ্যমৰ পৰা সম্পূৰ্ণ আঁতৰি অনুষ্ঠিত কৰা বিয়াখনৰ বাহিৰৰ খবৰ কিন্তু ওলায়েই আছে। কেতিয়াবা যদি বিয়াৰ এছঅ’পি, কেতিয়াবা সুৰক্ষা ব্যৱস্থা। তাৰ মাজত কেটৰিনাৰ প্ৰাক্তন প্ৰেমিকসকল আছেই। পিছে এইবাৰ চৰ্চালৈ বিকি কৌশলৰ এক্স গাৰ্লফ্ৰেণ্ড। ‘উৰি, দ্য চাৰ্জিকেল ষ্ট্ৰাইক’ৰ সময়লৈকে প্ৰেমৰ সম্পৰ্ক আছিল বিকি কৌশল আৰু হৰলীন ছেঠীৰ। ‘উৰি’ৰ সফলতাৰ পাছতেই বিচ্ছেদ ঘটিছিল বিকি-হৰলীনৰ। আঁতৰি থাকিলেও পুৰণি প্ৰেমৰ স্মৃতিয়ে জুমুৰি দি ধৰিছে হৰলীনক। প্ৰাক্তন প্ৰেমিকৰ বিয়া আহি দুৱাৰডলি পোৱাত ভাৱনাক যেন বাধা দি ৰাখিব পৰা নাই হৰলীনে। হৰলীনৰ সেহতীয়া এক ইনষ্টাগ্ৰাম ষ্ট’ৰীয়ে যেন তাকেই বুজাইছে! হৰলীনে শ্বেয়াৰ কৰা ইনষ্টাগ্ৰাম ষ্ট’ৰীটোত লিখা আছিল যে, একেধীৰে জীৱনৰ অৰ্থ অণ্বেষণ কৰাটো এটা টোষ্টৰ গভীৰতালৈ যোৱাৰ লেখিয়া; কেতিয়াবা কেতিয়াবা ইয়াক চিধাই খাই পেলোৱাটোৱেই শ্ৰেয়।

পানী নসৰকা সুৰক্ষা ব্যৱস্থাৰে অনুষ্ঠিত কৰা বিকি-কেটৰ বিয়াত বিধি-পথালি নিদিয়েটো হৰলীনে!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ