--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত সম্পন্ন হ’ল বিকী কৌশল আৰু কেটৰিনা কাঈফৰ বিয়া। দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত বিকি- কেটক মেলিলে যুগ্মজীৱনৰ। ন-কইনা কেটৰিনাই খোজ থ’ব নতুনৰ পদূলিত। নৱবিবাহিত দম্পতীয়ে কালি নিশা বিবাহৰ ফটো আনুষ্ঠানিকভাৱে বিকী কৌশল আৰু কেটৰিনাই কাঈফৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত ৰাজহুৱা কৰিছিল। ইয়াৰ পাছতে দুয়োগৰাকী অনুৰাগীৰ মাজত উছাহে নধৰা হৈছে৷


বিকী আৰু কেটক দৰা-কইনাৰ পোছাকত সাইলাখ ৰজা আৰু ৰাণীৰ দৰে দেখা গৈছিল। কেটে পৰিধান কৰা বিয়াৰ আঙুঠিটো বিখ্যাত আন্তৰ্জাতিক গহনা ব্ৰেণ্ড ‘টিফানি’ৰ পৰা ক্ৰয় কৰা হৈছিল যদিও বিয়াৰ অন্য কাপোৰ আৰু গহনা সামগ্ৰীত ভাৰতীয় স্পৰ্শ আছিল। টিফানি চোলেষ্টে নীলা চেফায়াৰ হীৰাৰ বাগদানৰ আঙুঠিটোৱে কেটৰ আঙুলিত বিকিয়ে পৰিধান কৰাই দিছিল। এই বিশেষ আঙুঠিটোৰ দাম ভাৰতীয় মুদ্ৰাত ৭ লাখ ৪০ হাজাৰ ৭০৮ টকা৷ তদুপৰি বিকীয়ে কেটক পৰিধান কৰোৱা মংগলসূত্ৰও হীৰাৰে নিৰ্মিত।


ইফালে, ৮০ কোটি টকাৰ চুক্তিৰ বিনিময়ত আমাজন প্ৰাইমে কেটৰিনা কাঈফ আৰু বিকী কৌশলৰ বিবাহৰ ফুটেজ ক্ৰয় কৰিছিল। এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি, বিকী আৰু কেটৰিনাৰ সংগীত আৰু মেহেন্দী অনুষ্ঠানত দুয়োজন তাৰকাৰ পৰা এটকাও ধন খৰচ হোৱা নাই। আমাজন প্ৰাইম ভিডিঅ’ই ইয়াৰ বাবে সমগ্ৰ দায়িত্ব বহন কৰিছে। অ'টিটি প্লেটফৰ্মে আনকি শংকৰ-এহচান-লয় আৰু অন্যান্য শিল্পীসকলৰ প্ৰদৰ্শনৰ বাবেও পাৰিশ্ৰমিক প্ৰদান কৰিছিল৷

আনহাতে, ৮ ডিচেম্বৰত গুগলেও কেটৰিনা কাইফক বিকী কৌশলৰ পত্নী হিচাপে দেখুৱাইছিল। এতিয়া যদি আপুনি গুগলত বিকী-কেটক সন্ধান কৰে, বিকী কৌশলৰ স্পাউছ কেটৰিনা কাঈফৰ নাম আহিব। দৰাচলতে, বিকী-কেটৰ এজন অনুৰাগীয়ে বিকিৰ ৱিকিপিডিয়াত এই তথ্য আপডেট কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ