--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ আজি বিকি কৌশল-কেটৰিনা কাইফৰ বিয়া । দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত আজি দুয়ো পাতনি মেলিব যুগ্মজীৱনৰ। কেটৰিনাই খোজ থ’ব নতুনৰ পদূলিত। ৰজনজনাই উঠিছে বিয়া ৰ প্ৰাংগন। অতিথি আপ্যায়নৰ বাবেও কৰা হৈছে এলানি আয়োজন। জানিবলৈ পোৱা মতে, অতিথিৰ অভ্যৰ্থনাৰ বাবে যোধপুৰৰ এখন প্ৰতিষ্ঠিত দোকানৰ পৰা ৮০ কিলোগ্ৰাম ওজনৰ ১০ প্ৰকাৰৰ মিঠাই অনা হৈছে। একেখন দোকানৰ এজন কৰ্মচাৰীয়ে কয়, ‘মেৱা কছুৰী, দল বৰফী, গুজৰাটী বাখলায়া, কাজু পানৰ উপৰি চকো বাইটৰ দৰে কেইবাটাও মিঠাই অনা হৈছে বিকি-কেটৰিনাৰ অতিথিৰ বাবে। ইয়াৰোপৰি অনা হৈছে, ১০০টা চিঙৰা আৰু ধোকলা।

বিকি-কেটৰিনাৰ অনুষ্ঠানত পুৱাৰ আহাৰৰ বাবেও আছিল ভিন্নৰকমৰ ব্যঞ্জন । লগত আছিল ৰাজস্থানৰ বিখ্যাত কছুৰী। একপ্ৰকাৰ বিকি-কেটৰিনাৰ বিয়াত পেটপূজাৰ বাবে কৰা হৈছে ৰাজকীয় আয়োজন। কাবাব, মাছৰ থালিৰ পৰা আদি কৰি ৰাজস্থানী দাইল, চুৰমা, ১৫ প্ৰকাৰৰ মাহজাতীয় শস্য - তালিকাৰ পৰা একো বাদ পৰা নাই। ফল আৰু পাচলি অনা হৈছে বিদেশৰ পৰা। দৰা-কইনাৰ বাবে বিয়া ত পাঁচ মহলীয়া কেক। উল্লেখ্য যে, আজি ৰাজস্থানৰ যোধপুৰত বিকি-কেটৰিনাই ছিক্স ছেনছেচ বৰৱাৰা ফৰ্টত পৰিদৰ্শন কৰিব। ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে জনসমাগমৰ পৰা আঁতৰি আছে বলীউড কাপল। সেইবাবে পৰিয়ালৰ লগতে বলীউড ইন্ড্ৰাষ্ট্ৰীৰ ঘনিষ্ঠ বন্ধুবৰ্গৰ উপস্থিতিহে কামনা কৰিছে নায়ক-নায়িকাই। কবীৰ খান, নেহা ধুপিয়া আৰু অঙ্গদ বেদীৰ দৰে তাৰকা ইতিমধ্যে ৰাজস্থানত উপস্থিত হৈছে।আজিৰে পৰাই বিকি-কেটৰিনাই এটা নতুন অধ্যায় আৰম্ভ কৰিবলৈ সাজু হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু