--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ আজি বিকি কৌশল-কেটৰিনা কাইফৰ বিয়া । দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত আজি দুয়ো পাতনি মেলিব যুগ্মজীৱনৰ। কেটৰিনাই খোজ থ’ব নতুনৰ পদূলিত। ৰজনজনাই উঠিছে বিয়া ৰ প্ৰাংগন। অতিথি আপ্যায়নৰ বাবেও কৰা হৈছে এলানি আয়োজন। জানিবলৈ পোৱা মতে, অতিথিৰ অভ্যৰ্থনাৰ বাবে যোধপুৰৰ এখন প্ৰতিষ্ঠিত দোকানৰ পৰা ৮০ কিলোগ্ৰাম ওজনৰ ১০ প্ৰকাৰৰ মিঠাই অনা হৈছে। একেখন দোকানৰ এজন কৰ্মচাৰীয়ে কয়, ‘মেৱা কছুৰী, দল বৰফী, গুজৰাটী বাখলায়া, কাজু পানৰ উপৰি চকো বাইটৰ দৰে কেইবাটাও মিঠাই অনা হৈছে বিকি-কেটৰিনাৰ অতিথিৰ বাবে। ইয়াৰোপৰি অনা হৈছে, ১০০টা চিঙৰা আৰু ধোকলা।

বিকি-কেটৰিনাৰ অনুষ্ঠানত পুৱাৰ আহাৰৰ বাবেও আছিল ভিন্নৰকমৰ ব্যঞ্জন । লগত আছিল ৰাজস্থানৰ বিখ্যাত কছুৰী। একপ্ৰকাৰ বিকি-কেটৰিনাৰ বিয়াত পেটপূজাৰ বাবে কৰা হৈছে ৰাজকীয় আয়োজন। কাবাব, মাছৰ থালিৰ পৰা আদি কৰি ৰাজস্থানী দাইল, চুৰমা, ১৫ প্ৰকাৰৰ মাহজাতীয় শস্য - তালিকাৰ পৰা একো বাদ পৰা নাই। ফল আৰু পাচলি অনা হৈছে বিদেশৰ পৰা। দৰা-কইনাৰ বাবে বিয়া ত পাঁচ মহলীয়া কেক। উল্লেখ্য যে, আজি ৰাজস্থানৰ যোধপুৰত বিকি-কেটৰিনাই ছিক্স ছেনছেচ বৰৱাৰা ফৰ্টত পৰিদৰ্শন কৰিব। ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে জনসমাগমৰ পৰা আঁতৰি আছে বলীউড কাপল। সেইবাবে পৰিয়ালৰ লগতে বলীউড ইন্ড্ৰাষ্ট্ৰীৰ ঘনিষ্ঠ বন্ধুবৰ্গৰ উপস্থিতিহে কামনা কৰিছে নায়ক-নায়িকাই। কবীৰ খান, নেহা ধুপিয়া আৰু অঙ্গদ বেদীৰ দৰে তাৰকা ইতিমধ্যে ৰাজস্থানত উপস্থিত হৈছে।আজিৰে পৰাই বিকি-কেটৰিনাই এটা নতুন অধ্যায় আৰম্ভ কৰিবলৈ সাজু হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ