--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘‘ৰিণিকি ৰিণিকি ৰাঙলী বেলিটি, জিলিকে মাজুলীতে ঐ…” - শীৰ্ষক গীতটিৰে সংগীতপ্ৰেমীৰ মন জয় কৰিছিল যোৰহাটৰ নীলোৎপল বৰাই৷ যোৰহাটৰ পৰা মায়ানগৰী মুম্বাইলৈ এক সফল সংগীতময় যাত্ৰা নীলোৎপলৰ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত সংগীতৰ ক্ষেত্ৰত অসমক গৌৰাৱান্বিত কৰাৰ এক সুযোগ দিলে নীলোৎপলে৷ সন্মানীয় ‘ফিল্মফেয়াৰ বঁটা’ৰ বাবে নীলোৎপলক মনোনিত কৰা হৈছিল৷

বৃহস্পতিবাৰে মুম্বাইৰ ‘তাজ হোটেল’ত অনুষ্টুপিয়াকৈ আয়োজিত হৈ যোৱা নীলোৎপলক ৱেব ছিৰিজ ‘Aspirants’ত তেওঁৰ কামৰ বাবে শ্ৰেষ্ঠ মূল ছাউণ্ডট্ৰেক শ্ৰেণীত ফিল্মফেয়াৰ অ’টিটি বঁটাৰ বাবে মনোনীত হৈছিল। সংগীতশিল্পী ৰোহিত শৰ্মাৰ সৈতে ৱেব ছিৰিজখনৰ বাবে সংগীত সৃষ্টি কৰিছিল নীলোৎপলে। তেওঁ ছিৰিজখনৰ বাবে দুটা সংগীত কৰিছিল। সংগীতশিল্পীৰ যুটিটোৱে বঁটা লাভ নকৰিলে যদিও তেঁওলোক মনোনিত হোৱাৰ খবৰটোৱে যথেষ্ট আনন্দিত কৰিছে ৰাজ্যবাসীক৷ ‘Aspirants’ত ‘‘দে ম’কা জিন্দেগী…” শীৰ্ষক গীতটিৰ বাবে মনোনিত হৈছিল৷

কেঁচা মাটিৰ সুবাসেৰে সমৃদ্ধ নীলোৎপল ডাঙৰ-দীঘল হৈছিল এটা সংস্কৃতিৱান পৰিৱেশৰ মাজত৷ সংগীতৰ ক্ষেত্ৰত সৰুৰে পৰা ইচ্ছা নাথাকিলেও সময়ৰ গতিত সংগীতযাত্ৰাত এক সফলতাৰ মুখ দেখিছে সংগীত শিল্পীগৰাকীয়ে৷ কম বয়সতে সংগীতৰ ক্ষেত্ৰখনত খোজ পেলোৱা নীলোৎপলে বহু পুৰস্কাৰো লাভ কৰিছে৷ ‘যোৰহাট জগন্নাথ মহাবিদ্যালয়’ত কলেজীয়া শিক্ষা গ্ৰহণ কৰা নীলোৎপলে নিজৰ চেষ্টা আৰু কৰ্মোদ্যমৰে আজি উজলি উঠিছে৷

গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, সংগীত ব্যৱস্থাপক হিচাপেও বৰ্তমান প্ৰতিষ্ঠা লাভ কৰিছে নীলোৎপলে৷ পত্নী আৰু একমাত্ৰ কন্যাৰ সৈতে মুম্বাইত বসবাস কৰা নীলোৎপল যথেষ্ট ভ্ৰমণপ্ৰিয় বুলি জানিব পৰা গৈছে৷ বৰ্তমান সময়ত মুম্বাইতে নেটফ্লিক্স অৰিজিনেলৰ ‘যাদুকৰ’ নামৰ এখন চিনেমাৰ কামত ব্যস্ত হৈ আছে নীলোৎপল৷ নীলোৎপল বৰাৰ সংগীতময় এই যাত্ৰা আৰু অধিক উজলি উঠক লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজলাই তোলাৰ চেষ্টাত শুভকামনা থাকিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ