--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘‘ৰিণিকি ৰিণিকি ৰাঙলী বেলিটি, জিলিকে মাজুলীতে ঐ…” - শীৰ্ষক গীতটিৰে সংগীতপ্ৰেমীৰ মন জয় কৰিছিল যোৰহাটৰ নীলোৎপল বৰাই৷ যোৰহাটৰ পৰা মায়ানগৰী মুম্বাইলৈ এক সফল সংগীতময় যাত্ৰা নীলোৎপলৰ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত সংগীতৰ ক্ষেত্ৰত অসমক গৌৰাৱান্বিত কৰাৰ এক সুযোগ দিলে নীলোৎপলে৷ সন্মানীয় ‘ফিল্মফেয়াৰ বঁটা’ৰ বাবে নীলোৎপলক মনোনিত কৰা হৈছিল৷

বৃহস্পতিবাৰে মুম্বাইৰ ‘তাজ হোটেল’ত অনুষ্টুপিয়াকৈ আয়োজিত হৈ যোৱা নীলোৎপলক ৱেব ছিৰিজ ‘Aspirants’ত তেওঁৰ কামৰ বাবে শ্ৰেষ্ঠ মূল ছাউণ্ডট্ৰেক শ্ৰেণীত ফিল্মফেয়াৰ অ’টিটি বঁটাৰ বাবে মনোনীত হৈছিল। সংগীতশিল্পী ৰোহিত শৰ্মাৰ সৈতে ৱেব ছিৰিজখনৰ বাবে সংগীত সৃষ্টি কৰিছিল নীলোৎপলে। তেওঁ ছিৰিজখনৰ বাবে দুটা সংগীত কৰিছিল। সংগীতশিল্পীৰ যুটিটোৱে বঁটা লাভ নকৰিলে যদিও তেঁওলোক মনোনিত হোৱাৰ খবৰটোৱে যথেষ্ট আনন্দিত কৰিছে ৰাজ্যবাসীক৷ ‘Aspirants’ত ‘‘দে ম’কা জিন্দেগী…” শীৰ্ষক গীতটিৰ বাবে মনোনিত হৈছিল৷

কেঁচা মাটিৰ সুবাসেৰে সমৃদ্ধ নীলোৎপল ডাঙৰ-দীঘল হৈছিল এটা সংস্কৃতিৱান পৰিৱেশৰ মাজত৷ সংগীতৰ ক্ষেত্ৰত সৰুৰে পৰা ইচ্ছা নাথাকিলেও সময়ৰ গতিত সংগীতযাত্ৰাত এক সফলতাৰ মুখ দেখিছে সংগীত শিল্পীগৰাকীয়ে৷ কম বয়সতে সংগীতৰ ক্ষেত্ৰখনত খোজ পেলোৱা নীলোৎপলে বহু পুৰস্কাৰো লাভ কৰিছে৷ ‘যোৰহাট জগন্নাথ মহাবিদ্যালয়’ত কলেজীয়া শিক্ষা গ্ৰহণ কৰা নীলোৎপলে নিজৰ চেষ্টা আৰু কৰ্মোদ্যমৰে আজি উজলি উঠিছে৷

গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, সংগীত ব্যৱস্থাপক হিচাপেও বৰ্তমান প্ৰতিষ্ঠা লাভ কৰিছে নীলোৎপলে৷ পত্নী আৰু একমাত্ৰ কন্যাৰ সৈতে মুম্বাইত বসবাস কৰা নীলোৎপল যথেষ্ট ভ্ৰমণপ্ৰিয় বুলি জানিব পৰা গৈছে৷ বৰ্তমান সময়ত মুম্বাইতে নেটফ্লিক্স অৰিজিনেলৰ ‘যাদুকৰ’ নামৰ এখন চিনেমাৰ কামত ব্যস্ত হৈ আছে নীলোৎপল৷ নীলোৎপল বৰাৰ সংগীতময় এই যাত্ৰা আৰু অধিক উজলি উঠক লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজলাই তোলাৰ চেষ্টাত শুভকামনা থাকিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু