--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কেটৰিনা কাঈফ আৰু বিকি কৌশলৰ হ'বলগীয়া বিয়াখনে এই কেইদিন গৰম কৰি ৰাখিছে বলীউড। প্ৰতিজন অনুৰাগীয়ে তেওঁলোকৰ বিয়াখনৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছে। কেট-বিকিয়ে যদিও তেওঁলোকৰ বিয়াক লৈ এতিয়ালৈকে মুখ খোলা নাই তথাপিও বলীউডত এক খবৰ বিয়পি পৰিছে যে অহা ৭ ৰ পৰা ৯ ডিচেম্বৰৰ ভিতৰত হোমৰ গুৰিত বহিব কেটৰিনা কাঈফ আৰু বিকি কৌশল। ৰাজস্থানৰ জয়পুৰত এই বহু চৰ্চিত বিয়াখন হ'ব বুলি খবৰ ওলাইছে। বিয়াৰ প্ৰস্তুতি সুন্দৰকৈ চলি আছে নে নাই সেয়া চাবৰ বাবে দুই তাৰকাৰ টীম উপস্থিত হৈছেগৈ জয়পুৰত।

এই সময়ৰ বহু চৰ্চিত যুটীটো

বিয়াখনত ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যসকলহে উপস্থিত থাকিব। কেটৰিনা কাঈফৰ প্ৰাক্তন প্ৰেমিক ছলমান খান আৰু তেওঁৰ পৰিয়াল এই বিয়াখনত উপস্থিত নাথাকে বুলি জানিব পৰা গৈছে। কেটৰিনাই কিন্তু নিজৰ বিয়াৰ প্ৰথম নিমন্ত্ৰণ ছলমান খান আৰু তেওঁৰ পৰিয়ালকে দিছিল। প্ৰায় ৬ বছৰীয়া প্ৰেমৰ সম্পৰ্কত আছিল চল্লু ভাই আৰু কেট। বলীউডত খোপনি পুতিবলৈ কেটৰিনাক সহায় কৰিছিল ছলমান খানে। প্ৰেমৰ সম্পৰ্কৰ যতি পৰাৰ পাছতো কিন্তু দুয়োৰে মাজত বন্ধুত্বসুলভ সম্পৰ্ক বৰ্তি আছে। কেটৰিনাৰ ভাল আৰু বেয়া সময়ত সদায়ে কাষত থিয় দি আহিছে ছলমান খান। ইয়াৰ পাছতো কিয় ছলমান খান কেটৰিনাৰ বিয়াত উপস্থিত নহয় তাৰে ভূ পোৱা নাই কোনেও। এই বিষয়টো এতিয়া বলীউডৰ ভিতৰে-বাহিৰে গৰম খবৰ হৈ পৰিছে।

এটা সময়ৰ বহু চৰ্চিত যুটীটো

কেট-বিকিৰ বিবাহ অনুষ্ঠানত উপস্থিত থাকিব কৰণ জোহৰ, কিয়াৰা আদৱানী, সিদ্ধাৰ্থ মালহোত্ৰা, মিনি মাথুৰ,ৰোহিত চেট্টী, বৰুণ ধাৱান,নাতাশা দালাল আদি। বিয়াৰ পূৰ্বে কৰিবলগীয়া ৰীতি-নীতিসমূহ কেটৰিনাই পৰিচালক কবীৰ খানৰ মুম্বাইৰ ঘৰত পালন কৰিছিল। কেটৰিনা কবীৰ খানৰ খুব ঘনিষ্ঠ আৰু তেওঁৰ সৈতে আছে পাৰিবাৰিক সম্পৰ্ক। কেটৰিনাৰ ৰাখী ভাতৃ কবীৰ খান। এতিয়া মাথোঁ কেট-বিকিয়ে মাহ-হালধি সনা দিনটোলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে অনুৰাগীসকল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ