--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টী আৰু তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাক ইটোৰ পিছত সিটো সমস্যাই লগ নেৰা হৈছে। এটাৰ পৰা সমস্যামু্ক্ত হৈ উঠাৰ পাছতেই মূৰ ডাঙি উঠে আন এটা সমস্যাই। বিপদ যেন লগৰী হৈ পৰিছে কুন্দ্ৰা দম্পতীৰ বাবে। এইবাৰ এক প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত হৈছে ৰাজ কুন্দ্ৰা আৰু শিল্পা চেট্টী। মুম্বাইৰ বান্দ্ৰা আৰক্ষীয়ে দুয়োকে প্ৰৱঞ্চনাৰ গোচৰটোত অভিযুক্ত কৰিছে। নীতিন বৰাই নামৰ এজন ব্যক্তিয়ে শিল্পা চেট্টী আৰু তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ তুলি থানাত এজাহাৰ দাখিল কৰিছিল।

নীতিন বৰাইয়ে শিল্পা আৰু ৰাজৰ বিৰুদ্ধে ১.৫১ কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰিছে। নীতিনে কয় যে শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰাই ২০১৪-২০১৫ বৰ্ষত এটা ফিটনেছ কোম্পানীৰ জৰিয়তে তেওঁক ১.৫১ কোটি টকাৰ প্ৰৱঞ্চনা কৰিছিল। নীতিন বৰাইৰ এজাহাৰৰ ওপৰত ভিত্তি কৰি শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে মুম্বাইৰ বান্দ্ৰা আৰক্ষীয়ে আইপিচিৰ ৪০৬, ৪০৯, ৪২০, ৫০৬, ৩৪ আৰু ১২০ (বি) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে বিষয়টোৰ ওপৰত জোৰদাৰ তদন্ত আৰম্ভ কৰিছে। এই গোচৰত জেৰাৰ সন্মুখীন হ'ব ৰাজ-শিল্পা। শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰাক ধনৰ লেনদেনৰ ওপৰত প্ৰশ্ন কৰা হ'ব পাৰে।

আৰু পঢ়কঃ বিকিৰ বাহুবন্ধনত কেটৰিনা; হাতৰ মাণিক বাটতে হেৰুৱাই বিৰহী হ’ল চল্লু মিঞা

উল্লেখ্য যে পৰ্ণ ভিডিঅ' বনোৱা আৰু আপলোড কৰাৰ ক্ষেত্ৰত ৰাজ কুন্দ্ৰা দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী হৈ আছিল। ৰাজ কুন্দ্ৰাই বৰ্তমান জামিনত মুক্তি লাভ কৰিছে। ৰাজে কাৰাগাৰৰ পৰা ওলাই অহাৰ পাছৰে পৰা সংবাদ মাধ্যমৰ পৰা দূৰত্ব বজাই ৰাখিছে। ৰাজে তেওঁৰ সামাজিক মাধ্যমৰ একাউণ্টবোৰো বন্ধ কৰি দিছে। ৰাজ আৰু শিল্পাৰ জীৱন লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছিল। দুয়োকে দুদিন মানৰ পূৰ্বে একেলগে মন্দিৰ দৰ্শন কৰা দেখা গৈছিল। কিন্তু এতিয়া আকৌ এবাৰ শিল্পা আৰু ৰাজৰ জীৱনলৈ নামি আহিল ঘোৰ সংকট। এই সমস্যাৰ পৰা কেতিয়া কুন্দ্ৰা দম্পতী মুক্ত হ'ব সেয়াহে হ'ব লক্ষ্যণীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ