--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ দিশাৰ দুৰ্দান্ত ষ্টাণ্টে তুলিছে আলোড়ন। চমকপ্ৰদ তথা ভয়ংকৰ ষ্টাণ্টেৰে ইতিমধ্যে অনুৰাগীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে টাইগাৰ শ্ৰফ। পিছে টাইগাৰ যদি ডালে ডালে তেতিয়া হ’লে দিশা পাটানিও পাতে পাতে। দিশাৰ চমকপ্ৰদ ষ্টাণ্টে তেওঁ যে টাইগাৰৰ যোগ্য পাণিপ্ৰাৰ্থী সেয়া প্ৰমাণ কৰি দিছে। বলীউড অভিনেত্ৰীসকলৰ ভিতৰত সমৰ কলা আৰু ষ্টাণ্টৰ বাবেও বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছে দিশাই। নিজৰ ফিটনেছক লৈও যথেষ্ট সচেতন অভিনেত্ৰী দিশা।

এইগৰাকী বলীউড তাৰকা অভিনেত্ৰীয়ে সামাজিক মাধ্যমত মাজে মাজে ফিটনেছ বা ষ্টাণ্টৰ ভিডিঅ' পোষ্ট কৰাও পৰিলক্ষিত হয়। আৰু তাকে চাবলৈ শত-সহস্ত্ৰ অনুৰাগীয়ে উবুৰি খাই পৰে দিশাৰ পোষ্টত। শেহতীয়াকৈ এইগৰাকী বলীউড ৰূপৱতীৰ ষ্টাণ্টৰ ভিডিঅ’ই সকলোৰে চকু কপালত তুলিছে। ইনষ্টাগ্ৰামত পোষ্ট কৰা ভিডিঅ'টোত দিশাক বতাহত উৰি থকা আৰু '৭২০ কিক' মাৰি থকা দেখা গৈছে। টাইকোৱাণ্ডোৰ কঠিন ষ্টাণ্টৰ ভিতৰত অন্যতম এটা হৈছে ‘৭২০-কিক’ । এই ষ্টান্ট কৰাটো সহজ নহয়।

কিন্তু দিশা পাটানীয়ে অনায়াসে এই ষ্টান্ট কৰিবলৈ সক্ষম হৈছে। বতাহত ৭২০ ডিগ্ৰী বৃত্তাকাৰ পথে ঘূৰি এই ষ্টাণ্টটো কৰিছিল দিশাই। প্ৰেমিক টাইগাৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ এনে ধৰণৰ ষ্টাণ্ট দিশাই প্ৰদৰ্শন কৰিছে বুলি অনুৰাগীয়ে মন্তব্য কৰিছে। টাইগাৰ শ্ৰফেও দিশাৰ এনে দুসাহসিক ক্ৰীড়াৰ বাবে প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। স্মৰ্তব্য যে, দিশাক শেষবাৰৰ বাবে ‘ৰাধে: ইয়োৰ মোষ্ট ৱান্টেড ব্ৰাদাৰ’ ছবিখনত দেখিবলৈ পোৱা গৈছিল। ছবিখনত টাইগাৰৰ বিপৰীতে আছিল ছলমান খান। অ'টিটি প্লেটফৰ্মত মুক্তি পাইছিল ছবিখন। এইবাৰ এখন খলনায়কৰ ছবিত অভিনয় কৰিব দিশাই। ছবিখনত দিশাৰ সৈতে জন আব্ৰাহাম, অৰ্জুন কাপুৰ, তাৰা চুটাৰিয়াকো দেখিবলৈ পাব চলচ্চিত্ৰ প্ৰেমীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ