--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউড এৰিনাত এতিয়া বিকি-কেটৰিনাৰ বিয়াৰ প্ৰসংগেই হৈ পৰিছে চৰ্চাৰ বিষয়,লগতে আহিছে হনীমুন বাৰ্তা! চল্লু মিঞাক একাষৰীয়া কৰি কেটৰিনাই আৰম্ভ কৰিবলৈ ওলাইছে নতুন জীৱন। চল্লু মিঞাৰ বিষাদ বেদনাৰ বিপৰীতে কেটৰিনাক কাষতে পাই উলাহে নধৰা হিয়া বিকি ভাইয়াৰ। এদিন আলহী হৈ অহা ল’ৰাটোৱে এইবাৰ লখিমী চপোৱাৰ চলাইছে যো-জা।কেটৰিনাও সাজু বিকিৰ পাণি গ্ৰহণৰ বাবে। বিয়াৰ দিন বাৰো ঠিক হৈছেই, কোন চকু চৰহাৰ চকু পৰে তাৰটো কোনো ঠিক নাই। গতিকে, সময় থাকোতেই সকলো থান-থিত লগোৱাৰ মন বিকি-কেটৰিনাৰ। বিয়াৰ সমান্তৰালকৈ শিৰোনাম দখল কৰিছে বিকি-কেটৰিনাৰ হনীমুনৰ বাতৰিয়ে। হনীমুন ঠিকনাৰ সন্ধানত ব্যস্ত হৈ পৰিছে অনুৰাগী। কিন্তু অনুৰাগীৰ কৌতুহলৰ অৱসান ঘটাই কেট সুন্দৰীয়ে ঘোষণা কৰিছে ক’ত হ’ব হনীমুন ট্ৰিপ?

বিয়াৰ পাছতে হনীমুন অৰ্থাত্‍ মধুচন্দ্রিকাৰ বাবে ক'লৈকেও নাযায় বিকি-কেটৰিনাই। হনীমুনৰ বাবে কামৰ পৰা বিৰতি নলয় তেওঁলোকে। তাৰকা দম্পতীয়ে বিয়াৰ পাছত হনীমুনৰ পৰিৱৰ্তে শ্বুটিঙৰ মজিয়ালৈহে উভতিব বুলি জানিব পৰা গৈছে। বিয়াৰ বাবে কেটৰিনাই আৰু অপেক্ষা কৰিব নোৱাৰা হৈ পৰিছে। নিমন্ত্ৰণ প্ৰক্ৰিয়াও সম্পূৰ্ণ হৈ উঠা নাই। ইফালে কেটৰিনাৰ হাতত 'টাইগাৰ-৩' আৰু শ্ৰীৰাম ৰাঘৱনৰ ছবি দুখনৰ কাম সমাগত। 'টাইগাৰ-৩' ছবিত কেটৰিনাক ছলমান খানৰ নায়িকা হিচাপে দেখিবলৈ পোৱা যাব আনহাতে, শ্ৰীৰাম ৰাঘৱনৰ ছবিত কেট সুন্দৰীক দাক্ষিণাত্যৰ তাৰকা বিজয় সেতুপতিৰ সৈতে আত্মপ্ৰকাশ কৰিব। ডিচেম্বৰত বিয়াৰ কাৰ্য সমাপন হোৱাৰ পাছতে দুয়োখন ছবিৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ কৰিব বুলিও প্ৰকাশ পাইছে। ফলস্বৰূপে, হনীমুন বাতিল কৰিবলগীয়া হয় কেটৰিনাই। অৱশ্যে, ছবিৰ দৃশ্যগ্ৰহণৰ পাছত এই আধৰুৱা স্বপ্নপূৰণৰ বাবে কেটৰিনাই ল’ব পাৰে বিকল্প পথ…!


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু