--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউড এৰিনাত এতিয়া বিকি-কেটৰিনাৰ বিয়াৰ প্ৰসংগেই হৈ পৰিছে চৰ্চাৰ বিষয়,লগতে আহিছে হনীমুন বাৰ্তা! চল্লু মিঞাক একাষৰীয়া কৰি কেটৰিনাই আৰম্ভ কৰিবলৈ ওলাইছে নতুন জীৱন। চল্লু মিঞাৰ বিষাদ বেদনাৰ বিপৰীতে কেটৰিনাক কাষতে পাই উলাহে নধৰা হিয়া বিকি ভাইয়াৰ। এদিন আলহী হৈ অহা ল’ৰাটোৱে এইবাৰ লখিমী চপোৱাৰ চলাইছে যো-জা।কেটৰিনাও সাজু বিকিৰ পাণি গ্ৰহণৰ বাবে। বিয়াৰ দিন বাৰো ঠিক হৈছেই, কোন চকু চৰহাৰ চকু পৰে তাৰটো কোনো ঠিক নাই। গতিকে, সময় থাকোতেই সকলো থান-থিত লগোৱাৰ মন বিকি-কেটৰিনাৰ। বিয়াৰ সমান্তৰালকৈ শিৰোনাম দখল কৰিছে বিকি-কেটৰিনাৰ হনীমুনৰ বাতৰিয়ে। হনীমুন ঠিকনাৰ সন্ধানত ব্যস্ত হৈ পৰিছে অনুৰাগী। কিন্তু অনুৰাগীৰ কৌতুহলৰ অৱসান ঘটাই কেট সুন্দৰীয়ে ঘোষণা কৰিছে ক’ত হ’ব হনীমুন ট্ৰিপ?

বিয়াৰ পাছতে হনীমুন অৰ্থাত্‍ মধুচন্দ্রিকাৰ বাবে ক'লৈকেও নাযায় বিকি-কেটৰিনাই। হনীমুনৰ বাবে কামৰ পৰা বিৰতি নলয় তেওঁলোকে। তাৰকা দম্পতীয়ে বিয়াৰ পাছত হনীমুনৰ পৰিৱৰ্তে শ্বুটিঙৰ মজিয়ালৈহে উভতিব বুলি জানিব পৰা গৈছে। বিয়াৰ বাবে কেটৰিনাই আৰু অপেক্ষা কৰিব নোৱাৰা হৈ পৰিছে। নিমন্ত্ৰণ প্ৰক্ৰিয়াও সম্পূৰ্ণ হৈ উঠা নাই। ইফালে কেটৰিনাৰ হাতত 'টাইগাৰ-৩' আৰু শ্ৰীৰাম ৰাঘৱনৰ ছবি দুখনৰ কাম সমাগত। 'টাইগাৰ-৩' ছবিত কেটৰিনাক ছলমান খানৰ নায়িকা হিচাপে দেখিবলৈ পোৱা যাব আনহাতে, শ্ৰীৰাম ৰাঘৱনৰ ছবিত কেট সুন্দৰীক দাক্ষিণাত্যৰ তাৰকা বিজয় সেতুপতিৰ সৈতে আত্মপ্ৰকাশ কৰিব। ডিচেম্বৰত বিয়াৰ কাৰ্য সমাপন হোৱাৰ পাছতে দুয়োখন ছবিৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ কৰিব বুলিও প্ৰকাশ পাইছে। ফলস্বৰূপে, হনীমুন বাতিল কৰিবলগীয়া হয় কেটৰিনাই। অৱশ্যে, ছবিৰ দৃশ্যগ্ৰহণৰ পাছত এই আধৰুৱা স্বপ্নপূৰণৰ বাবে কেটৰিনাই ল’ব পাৰে বিকল্প পথ…!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ