--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশত বৰ্তমান পদ্ম বঁটাক লৈ আলোচনা চলি আছে। বলীউড অভিনেত্ৰী কংগনা ৰাণাৱটক পদ্মশ্ৰী বঁটা প্ৰদান কৰাক লৈ একাংশই তীব্ৰ বিৰোধিতা কৰাৰ লগতে আন একাংশই কৰিছে সমালোচনা। একাংশই উত্থাপন কৰিছিল যে পদ্মশ্ৰী সন্মান কংগনাই নহয় চনু সুদেহে পোৱাৰ যোগ্য। হাজাৰ হাজাৰ লোকক লকডাউনত সহায় কৰি একপ্ৰকাৰ ভগৱানৰ দূতত পৰিণত হৈছিল চনু সুদ। কংগনা ৰাণাৱটে পদ্মশ্ৰী পোৱা আৰু চনুৰ নাম বিবেচনালৈ নহাক লৈ প্ৰশ্ন সোধা হৈছিল অভিনেতাগৰাকীক। চনু সুদে এই বিষয়ত সৰলভাবে নিজৰ মন্তব্য প্ৰকাশ কৰিছিল।

চনুৱে কৈছিল, তেওঁ কোনো বঁটাৰ বাবে কাম কৰি থকা নাই। তেওঁৰ এটা সেৱামুখী মন আছে যাৰ বাবে তেওঁ মানৱসেৱা কৰি ভালপায়। এতিয়ালৈকে ২২ হাজাৰ ছাত্ৰ-ছাত্ৰীকো সহায় কৰা বুলি কথা প্ৰসংগত উল্লেখ কৰে অভিনেতাগৰাকীয়ে। সক্ৰিয় ৰাজনীতিলৈ আহিব নেকি বুলিও সোধা হৈছিল চনু সুদক। সেই সন্দৰ্ভত তেওঁ কৈছিল, "মই এনেকুৱা এক মঞ্চত যোগদান কৰিব বিচাৰোঁ, য'ত ভৰিখন পিছলৈ টানি ধৰা নহয় আৰু কাম কৰিবলৈ সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰা হয়। এই মঞ্চখন ৰাজনৈতিকো হ'ব পাৰে আৰু অৰাজনৈতিকো হ'ব পাৰে।

আৰু পঢ়কঃ পৰ্ণগ্ৰাফীৰ পাছত এইবাৰ প্ৰৱঞ্চনা! পুনৰ নতুন গোচৰত জেৰাৰ সন্মুখীন ৰাজ-শিল্পা

দীৰ্ঘদিন ধৰি চলি থকা কৃষক সমস্যাৰ ওপৰতো মত ব্যক্ত কৰে অভিনেতাগৰাকীয়ে। তেওঁ কয়, 'মই কৃষকসকলক সমৰ্থন কৰো, তেওঁলোকে তেওঁলোকৰ প্ৰাপ্য ন্যায় পোৱা উচিত। আজি আমি যি খাই আছো, তেওঁলোকৰ বাবেই খাব পাৰিছোঁ। উল্লেখ্য যে কৃষক আন্দোলনৰ আৰম্ভণিৰ পৰাই চনুৱে তেওঁৰ সমৰ্থন আগবঢ়াই আহিছে। অৱশ্যে তেওঁ কেতিয়াও চৰকাৰৰ বিৰুদ্ধে একো কোৱা নাই।

কিছুদিন পূৰ্বে চনু সুদৰ ঘৰত আয়কৰ বিভাগে অভিযান চলাইছিল। অভিনেতাজনৰ বিৰুদ্ধে ধন কেলেংকাৰীৰ অভিযোগ উঠিছিল। চনুৱে আয়কৰ বিভাগৰ অভিযানত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছিল আৰু তেওঁ নিৰ্দোষী প্ৰমাণিত হৈছিল। এই সন্দৰ্ভত চনু সুদে কৈছিল, ''এইবোৰ জীৱনৰ পৰীক্ষা। এইবোৰে মোৰ কামত কোনো প্ৰভাৱ পেলাব নোৱাৰে। মই সদায় মানুহৰ সেৱা কৰি যাম..সেয়াই মোৰ ধৰ্ম।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু