--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশত বৰ্তমান পদ্ম বঁটাক লৈ আলোচনা চলি আছে। বলীউড অভিনেত্ৰী কংগনা ৰাণাৱটক পদ্মশ্ৰী বঁটা প্ৰদান কৰাক লৈ একাংশই তীব্ৰ বিৰোধিতা কৰাৰ লগতে আন একাংশই কৰিছে সমালোচনা। একাংশই উত্থাপন কৰিছিল যে পদ্মশ্ৰী সন্মান কংগনাই নহয় চনু সুদেহে পোৱাৰ যোগ্য। হাজাৰ হাজাৰ লোকক লকডাউনত সহায় কৰি একপ্ৰকাৰ ভগৱানৰ দূতত পৰিণত হৈছিল চনু সুদ। কংগনা ৰাণাৱটে পদ্মশ্ৰী পোৱা আৰু চনুৰ নাম বিবেচনালৈ নহাক লৈ প্ৰশ্ন সোধা হৈছিল অভিনেতাগৰাকীক। চনু সুদে এই বিষয়ত সৰলভাবে নিজৰ মন্তব্য প্ৰকাশ কৰিছিল।

চনুৱে কৈছিল, তেওঁ কোনো বঁটাৰ বাবে কাম কৰি থকা নাই। তেওঁৰ এটা সেৱামুখী মন আছে যাৰ বাবে তেওঁ মানৱসেৱা কৰি ভালপায়। এতিয়ালৈকে ২২ হাজাৰ ছাত্ৰ-ছাত্ৰীকো সহায় কৰা বুলি কথা প্ৰসংগত উল্লেখ কৰে অভিনেতাগৰাকীয়ে। সক্ৰিয় ৰাজনীতিলৈ আহিব নেকি বুলিও সোধা হৈছিল চনু সুদক। সেই সন্দৰ্ভত তেওঁ কৈছিল, "মই এনেকুৱা এক মঞ্চত যোগদান কৰিব বিচাৰোঁ, য'ত ভৰিখন পিছলৈ টানি ধৰা নহয় আৰু কাম কৰিবলৈ সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰা হয়। এই মঞ্চখন ৰাজনৈতিকো হ'ব পাৰে আৰু অৰাজনৈতিকো হ'ব পাৰে।

আৰু পঢ়কঃ পৰ্ণগ্ৰাফীৰ পাছত এইবাৰ প্ৰৱঞ্চনা! পুনৰ নতুন গোচৰত জেৰাৰ সন্মুখীন ৰাজ-শিল্পা

দীৰ্ঘদিন ধৰি চলি থকা কৃষক সমস্যাৰ ওপৰতো মত ব্যক্ত কৰে অভিনেতাগৰাকীয়ে। তেওঁ কয়, 'মই কৃষকসকলক সমৰ্থন কৰো, তেওঁলোকে তেওঁলোকৰ প্ৰাপ্য ন্যায় পোৱা উচিত। আজি আমি যি খাই আছো, তেওঁলোকৰ বাবেই খাব পাৰিছোঁ। উল্লেখ্য যে কৃষক আন্দোলনৰ আৰম্ভণিৰ পৰাই চনুৱে তেওঁৰ সমৰ্থন আগবঢ়াই আহিছে। অৱশ্যে তেওঁ কেতিয়াও চৰকাৰৰ বিৰুদ্ধে একো কোৱা নাই।

কিছুদিন পূৰ্বে চনু সুদৰ ঘৰত আয়কৰ বিভাগে অভিযান চলাইছিল। অভিনেতাজনৰ বিৰুদ্ধে ধন কেলেংকাৰীৰ অভিযোগ উঠিছিল। চনুৱে আয়কৰ বিভাগৰ অভিযানত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছিল আৰু তেওঁ নিৰ্দোষী প্ৰমাণিত হৈছিল। এই সন্দৰ্ভত চনু সুদে কৈছিল, ''এইবোৰ জীৱনৰ পৰীক্ষা। এইবোৰে মোৰ কামত কোনো প্ৰভাৱ পেলাব নোৱাৰে। মই সদায় মানুহৰ সেৱা কৰি যাম..সেয়াই মোৰ ধৰ্ম।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ