--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বিয়া বিয়া বলীউড। বিয়াৰ বতৰত কোন তাৰকা কাৰ ঘৰত? কাৰ মেঘালী চুলিত কোনে বুলাব আঙুলি তাৰেই যেন অগণিত প্ৰতিযোগিতা, অন্তহীন উত্‍কন্ঠা। ওঁঠৰ পাহিত ফুটি উঠিছে ‘তুমি-মই’ এক হোৱাৰ কথা। ৰৈ নো ৰৈ থাকিবলৈ মনে নোযোৱা হৈছে বলীউড প্ৰেমিক-প্ৰেমিকাৰ। প্ৰেম কৰাতকৈ ঘৰ পতাকে শ্ৰেয় বুলি গন্য কৰিছে একাংশ তাৰকাই। সেইবাবেইতো অতনা আয়োজন। কেটৰিনা-বিকিয়ে দেখুওৱা পথে বাট লৈছে আৰু এক বলীউড কাপলে। জানিবলৈ পোৱা মতে, ডিচেম্বৰ মাহত বিবাহ পাশত আৱদ্ধ হ’বই হ’ব বিকি-কেটৰিনা। এইখনৰ বিয়াৰ আনন্দ-উত্‍কন্ঠা মাৰ নৌযাওতেই বিয়াৰ বাবে আগবাঢ়ি আহিছে ভাট কন্যা আৰু ৰণবীৰ কাপুৰে। দিন-কাল ঠিকেই থাকিলে চলিত মাহতে দুয়ো বিয়াত বহাৰ কথা।

তেওঁলোকৰ বিবাহৰ এই গুঞ্জনে অনুৰাগী সকলৰ মাজতো কৌতুহলৰ সৃষ্টি কৰা দেখা গৈছে। ভাৰতৰ এটা জনপ্ৰিয় মনোৰঞ্জন ৱেবছাইট বলীউড লাইফে সদৰী কৰা মতে, বালি চুবুৰীয়া অঞ্চলত চলিত বৰ্ষৰ নৱেম্বৰত আলিয়া-ৰণবীৰৰ বিবাহ হ'বলৈ গৈ আছে বুলি উঠিছে গুঞ্জন। ২৯ নৱেম্বৰত ৰাজস্থান ৰিজৰ্টতে সম্পন্ন হ’ব দুয়োৰে বিবাহ। যি কি নহওক, আলিয়াৰ কিন্তু উথপথপ হিয়া। ৰণবীৰৰে ঘৰ পাতিবলৈ ভৰি দাঙি আছে আলিয়াই, নিৰন্তৰ চলাই গৈছে প্ৰস্তুতি। আলিয়াৰ ৱালপেপাৰতো এতিয়া ৰণবীৰৰে ছবি। শেহতীয়াকৈ, ৰণবীৰৰ ছবিখন ভাইৰেল হোৱাৰ পাছত অনুৰাগীৰ মাজতো মুখৰোচক কথাৰ ৰোল উঠা পৰিলক্ষিত হৈছে। কথাটোত পিছে বেয়া পোৱা নাই আলিয়াই। বিয়া পাতিম পাতিম বুলি দিন, বাৰ পিছুৱাই থকা ৰণবীৰলৈ মাজে মাজে এনে ফৰ্মুটি দলিয়াই ভাল পায় আলিয়াই।

ক’বতো নোৱাৰি কোন ৰমনীয়ে আলিয়াৰ পৰা কাঢ়ি নিয়ে বুকুৰ ধন ৰণবীৰক! সেইবাবে কোনো সুৰুঙাই ৰাখিব বিচৰা নাই আলিয়াই। বাচি লৈছে বিভিন্ন পথ। অলপতে আলিয়াই ইউটিউব চেনেলযোগে এটা নতুন ভিডিঅ' আপলোড কৰিছিল। ভিডিঅ’টোত আলিয়াই তেওঁৰ দৈনন্দিন জীৱনৰ টুকুৰা-টুকুৰ মুহূৰ্তবোৰ উপস্থাপন কৰিছে। ভিডিঅ'টোত অনুৰাগীসকলৰ বহুতো প্ৰশ্নৰ উত্তৰো দিছে ভাট কন্যাই। আলিয়াই প্ৰতিদিনে নিজকে কেনেকৈ অনুপ্ৰাণিত কৰে? এই বুলি সোধাত আলিয়াই কয়, ‘মোৰ সপোনবোৰে মোক অধিক পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰে, আৰু মোৰ ওচৰৰ লোকসকল, পৰিয়াল, বন্ধুবৰ্গ সকলোৱে মোক প্ৰেৰিত কৰে কিবা নতুন কৰিবলৈ।’ এজন ভাল মানুহ হ’বলৈ, অধিক সংবেদনশীল, দয়ালু আৰু প্ৰেমেৰে পৰিপূৰ্ণ হোৱাকৈ জীয়াই থাকিব খোজে বুলিও মন্তব্য ভাট কন্যাৰ। ইফালে আকৌ বিয়াৰ খবৰ পোৱাৰ পাছত সাজু হ’বলৈ লৈছে অনুৰাগী।জনাইছে শুভেচ্ছা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু