--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বিয়া বিয়া বলীউড। বিয়াৰ বতৰত কোন তাৰকা কাৰ ঘৰত? কাৰ মেঘালী চুলিত কোনে বুলাব আঙুলি তাৰেই যেন অগণিত প্ৰতিযোগিতা, অন্তহীন উত্‍কন্ঠা। ওঁঠৰ পাহিত ফুটি উঠিছে ‘তুমি-মই’ এক হোৱাৰ কথা। ৰৈ নো ৰৈ থাকিবলৈ মনে নোযোৱা হৈছে বলীউড প্ৰেমিক-প্ৰেমিকাৰ। প্ৰেম কৰাতকৈ ঘৰ পতাকে শ্ৰেয় বুলি গন্য কৰিছে একাংশ তাৰকাই। সেইবাবেইতো অতনা আয়োজন। কেটৰিনা-বিকিয়ে দেখুওৱা পথে বাট লৈছে আৰু এক বলীউড কাপলে। জানিবলৈ পোৱা মতে, ডিচেম্বৰ মাহত বিবাহ পাশত আৱদ্ধ হ’বই হ’ব বিকি-কেটৰিনা। এইখনৰ বিয়াৰ আনন্দ-উত্‍কন্ঠা মাৰ নৌযাওতেই বিয়াৰ বাবে আগবাঢ়ি আহিছে ভাট কন্যা আৰু ৰণবীৰ কাপুৰে। দিন-কাল ঠিকেই থাকিলে চলিত মাহতে দুয়ো বিয়াত বহাৰ কথা।

তেওঁলোকৰ বিবাহৰ এই গুঞ্জনে অনুৰাগী সকলৰ মাজতো কৌতুহলৰ সৃষ্টি কৰা দেখা গৈছে। ভাৰতৰ এটা জনপ্ৰিয় মনোৰঞ্জন ৱেবছাইট বলীউড লাইফে সদৰী কৰা মতে, বালি চুবুৰীয়া অঞ্চলত চলিত বৰ্ষৰ নৱেম্বৰত আলিয়া-ৰণবীৰৰ বিবাহ হ'বলৈ গৈ আছে বুলি উঠিছে গুঞ্জন। ২৯ নৱেম্বৰত ৰাজস্থান ৰিজৰ্টতে সম্পন্ন হ’ব দুয়োৰে বিবাহ। যি কি নহওক, আলিয়াৰ কিন্তু উথপথপ হিয়া। ৰণবীৰৰে ঘৰ পাতিবলৈ ভৰি দাঙি আছে আলিয়াই, নিৰন্তৰ চলাই গৈছে প্ৰস্তুতি। আলিয়াৰ ৱালপেপাৰতো এতিয়া ৰণবীৰৰে ছবি। শেহতীয়াকৈ, ৰণবীৰৰ ছবিখন ভাইৰেল হোৱাৰ পাছত অনুৰাগীৰ মাজতো মুখৰোচক কথাৰ ৰোল উঠা পৰিলক্ষিত হৈছে। কথাটোত পিছে বেয়া পোৱা নাই আলিয়াই। বিয়া পাতিম পাতিম বুলি দিন, বাৰ পিছুৱাই থকা ৰণবীৰলৈ মাজে মাজে এনে ফৰ্মুটি দলিয়াই ভাল পায় আলিয়াই।

ক’বতো নোৱাৰি কোন ৰমনীয়ে আলিয়াৰ পৰা কাঢ়ি নিয়ে বুকুৰ ধন ৰণবীৰক! সেইবাবে কোনো সুৰুঙাই ৰাখিব বিচৰা নাই আলিয়াই। বাচি লৈছে বিভিন্ন পথ। অলপতে আলিয়াই ইউটিউব চেনেলযোগে এটা নতুন ভিডিঅ' আপলোড কৰিছিল। ভিডিঅ’টোত আলিয়াই তেওঁৰ দৈনন্দিন জীৱনৰ টুকুৰা-টুকুৰ মুহূৰ্তবোৰ উপস্থাপন কৰিছে। ভিডিঅ'টোত অনুৰাগীসকলৰ বহুতো প্ৰশ্নৰ উত্তৰো দিছে ভাট কন্যাই। আলিয়াই প্ৰতিদিনে নিজকে কেনেকৈ অনুপ্ৰাণিত কৰে? এই বুলি সোধাত আলিয়াই কয়, ‘মোৰ সপোনবোৰে মোক অধিক পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰে, আৰু মোৰ ওচৰৰ লোকসকল, পৰিয়াল, বন্ধুবৰ্গ সকলোৱে মোক প্ৰেৰিত কৰে কিবা নতুন কৰিবলৈ।’ এজন ভাল মানুহ হ’বলৈ, অধিক সংবেদনশীল, দয়ালু আৰু প্ৰেমেৰে পৰিপূৰ্ণ হোৱাকৈ জীয়াই থাকিব খোজে বুলিও মন্তব্য ভাট কন্যাৰ। ইফালে আকৌ বিয়াৰ খবৰ পোৱাৰ পাছত সাজু হ’বলৈ লৈছে অনুৰাগী।জনাইছে শুভেচ্ছা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ