--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশজুৰি আৰক্ষীৰ সন্ত্ৰাস এক উদ্বিগ্নতাৰ বিষয় হৈ পৰিছে। অপৰাধীৰ বিৰু্দ্ধে কঠোৰতাৰ নামত বাচ-বিচাৰ নোহোৱাকৈ গুলী চালনা কৰাৰ প্ৰৱণতা এতিয়া যেন সাধাৰণ কথা হৈ পৰিছে আৰক্ষীৰ বাবে। এনে কাৰ্যৰ বাবে ইমানদিনে উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যৰ আৰক্ষী কুখ্যাত আছিল যদিও এতিয়া এই তালিকাত নতুন নতুন ৰাজ্যৰ নাম সন্নিৱিষ্ট হ’বলৈ আৰম্ভ কৰিছে। স্বয়ং কেন্দ্ৰীয় চৰকাৰে সংসদত এই তথ্য প্ৰকাশ কৰিছে। আৰক্ষীৰ এনকাউণ্টাৰত ৬ শতাধিক লোকে প্ৰাণ হেৰুওৱাৰ ঘটনা সংঘটিত হৈছে দেশত। সংসদত মঙলবাৰে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত পাঁচ বছৰত দেশত ৬৫৫জনৰো অধিক লোকৰ প্ৰাণহানি গৈছে আৰক্ষীৰ এনকাউন্টাৰত। সংসদত ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ বৰুণ গান্ধীয়ে উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰত ৰায়ে এই তথ্য সদৰি কৰে। বৰুণ গান্ধীয়ে ২০১৭চনৰ ১জানুৱাৰীৰ পৰা উত্তৰ প্ৰদেশকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত হোৱা আৰক্ষীৰ এনকাউণ্টাৰ ঘটনাৰ সবিশেষ তথ্য বিচাৰিছিল। এই প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে, ইয়াৰ ভিতৰত সৰ্বাধিক ১৯১টা এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে চত্তিছগড়ত। দ্বিতীয় স্থানত আছে উত্তৰ প্ৰদেশ। ৰাজ্যখনত ১১৭জন অভিযুক্তৰ মৃত্যু হৈছে।

৫০টা আৰক্ষীৰ দ্বাৰা হোৱা ‘হত্যা’ৰ ঘটনা

তাৎপৰ্যপূৰ্ণভাৱে এই তালিকাৰ তৃতীয় স্থানতে আছে অসম। ৫০টা আৰক্ষীৰ দ্বাৰা হোৱা ‘হত্যা’ৰ ঘটনাৰে তৃতীয় স্থানত আছে অসম। ইফালে, ঝাৰখণ্ডত ৪৯টা, ওড়িশাত ৩৬টা, জম্মু-কাশ্মীৰত ৩৫টা, মহাৰাষ্ট্ৰত ২৬টা, বিহাৰত ২২টা, হাৰিয়ানাত ১৫টা, আৰু তামিলনাডুত ১৪টা এনে ঘটনা সংঘটিত হৈছে। তেলেংগানা, মধ্যপ্ৰদেশ আৰু অৰুণাচলত ১৩টাকৈ এনে ঘটনা সংঘটিত হোৱাৰ বিপৰীতে অন্ধ্ৰ প্ৰদেশ, মেঘালয়ক ৯টাকৈ এনে ঘটনা সংঘটিত হৈছে। ৰাজস্থান আৰু দিল্লীত এনে ঘটনাৰ সংখ্যা আঠটাকৈ। সাংসদ গান্ধীয়ে এটা তাৎপৰ্যপূৰ্ণ বিষয়ো তেওঁৰ প্ৰশ্নত উত্থাপন কৰিছিল। তেওঁ প্ৰশ্ন কৰিছিল যে, এনে এনকাউণ্টাৰৰ জৰিয়তে হত্যাত লিপ্ত থকা আৰক্ষীৰ লোকৰ বিৰুদ্ধে কি তদন্ত কৰা হৈছে আৰু কিমানজন দোষী সাব্যস্ত হৈছে? এইধৰণৰ কোনো তথ্য কেন্দ্ৰীয় গৃহ বিভাগৰ হাতত নাই বুলি নিত্যানন্দ ৰায়ে প্ৰকাশ কৰে। আৰক্ষীৰ অপৰাধীকৰণৰ এই পৰম্পৰাই দেশত আইনৰ শাসন বৰ্তাই ৰখাৰ ক্ষেত্ৰত যে এক প্ৰত্যাহ্বান সৃষ্টি কৰিছে সেইকথা সৰ্বত্ৰে এতিয়া চৰ্চা চলিছে। মন কৰিবলগীয়া কথাটো হৈছে যে, অসম আৰক্ষীতো এই অশুভ পৰম্পৰাই তীব্ৰ ৰূপত গা কৰি উঠিছে আৰু চৰকাৰৰ পৃষ্ঠপোষকতাতে এনকাউণ্টাৰৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি পাইছে। বিভিন্ন অসামাজিক কামত জড়িত লোকক গ্ৰেপ্তাৰৰ পাছত আৰক্ষীয়ে কোনো বিচাৰ অবিহনেই শাস্তি বিহাৰ বলীউডী পৰম্পৰাই সমাজৰ একাংশ লোকক প্ৰথমতে আনন্দিত কৰিছিল যদিও নগাঁৱৰ কীৰ্তিকমল বৰাৰ ক্ষেত্ৰত হোৱা গুলীচালনাৰ ঘটনাৰ পাছতে এই ব্যৱস্থাই কেনে ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰিব পাৰে সেয়া স্পষ্ট কৰি দিছে। আৰক্ষীৰ সংস্কাৰৰ দিশত বছৰৰ পাছত বছৰ একো সাল-সলনি নঘটা অসম আৰক্ষীৰ এনকাউণ্টাৰৰ অভিলেখ এতিয়া সমগ্ৰ দেশৰ বাবেই চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি