--°C
Loading...
Listen to Article
2 min read
80%

অখিলেশ যাদৱৰ মতে চৰকাৰ গঠন কৰিব সমাজবাদী পাৰ্টীয়ে

ডিজিটেল ডেস্ক : সোমবাৰে অন্ত পৰিল উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন। মুঠ সাতটা পৰ্যায়ত অনুষ্ঠিত হৈছিল ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছত উত্তৰ প্ৰদেশৰ উপৰি চাৰিখন ৰাজ্যতো সমাপ্ত হ’ল ভোটগ্ৰহণ। নিৰ্বাচনী আয়োগৰ নিষেধাজ্ঞা আঁতৰ হোৱাত বিভিন্ন সংস্থা আৰু সংবাদ মাধ্যমৰ এগজিট প’ল প্ৰকাশ পালে। সোমবাৰে প্ৰকাশ হোৱা এগজিট প’লৰ ফলাফলত কংগ্ৰেছৰ অৱস্থা তথৈবচ হোৱাৰ বিপৰীতে বিজেপিৰ চৰকাৰ গঠনৰ সম্ভাৱনা প্ৰকট হৈছে। আনফালে, অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টীৰো অৱস্থা লেখত ল’বলগীয়া। বিজেপিক আটাইতকৈ অধিক আসন দিছে ইণ্ডিয়া টুডে-মাই এক্সিছে। তেওঁলোকৰ সমীক্ষা অনুযায়ী ২৮৮ৰ পৰা ৩২৬খন আসন বিজেপিয়ে লাভ কৰিব। সমাজবাদী পাৰ্টীয়ে ৭১ৰ পৰা ১০১খন আসন, ৩ৰ পৰা ৯খন আসন বহুজন সমাজ পাৰ্টী আৰু ১ৰ পৰা ৩খন আসন ভাৰতীয় জাতীয় কংগ্ৰেছে লাভ কৰিব। টাইমছ নাওৰ সমীক্ষা অনুসৰি বিজেপি ২২৫, সমাজবাদী পাৰ্টী ১৫১, বহুজন সমাজ পাৰ্টী ১৪ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ ৯খন আসনত জয়ী হ’ব। টিভি-৯ ভাৰতবৰ্ষৰ মতে ২১১-২২৫ বিজেপি, ১৪৬-১৬০ সমাজবাদী পাৰ্টী, ১৪-২৪ বহুজন সমাজ পাৰ্টী, ৪-৬ কংগ্ৰেছ দলে আসন লাভ কৰিবলৈ সমৰ্থ হ’ব। নিউজ ২৪ৰ সমীক্ষাই ২৯৪ বিজেপিক, ১০৫ সমাজবাদী পাৰ্টীক, ২ বহুজন সমাজ পাৰ্টীক আৰু ১ কংগ্ৰেছক আসন প্ৰদান কৰিছে। এনেদৰেই সকলো সমীক্ষাই এই কথাকেই সূচাইছে যে এইবাৰো শাসনৰ বাঘজৰী বিজেপিৰ হাততেই থাকিব। কিন্তু এগজিট প’লৰ ফলাফলৰ পাছতো আশাবাদী অখিলেশ যাদৱ। সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে এটা টুইটযোগে কৈছে যে এক্সিট প'লত সমাজবাদী পাৰ্টীয়ে ভাল অগ্ৰগতি লাভ কৰা দেখা গৈছে, কিন্তু সংখ্যাগৰিষ্ঠতাৰ সংখ্যা পাবলৈ সমৰ্থ হোৱা নাই। এছপি প্ৰধান অখিলেশ যাদৱে সোমবাৰে সন্ধিয়া টুইট কৰি কয়, ‘সপ্তম আৰু নিৰ্ণায়ক পৰ্যায়ত সংখ্যাগৰিষ্ঠতাতকৈ এছপি-মিত্ৰজোঁটৰ বিজয় কঢ়িয়াই নিয়াৰ বাবে সকলো ভোটাৰ আৰু বিশেষকৈ যুৱসকলক বহুত ধন্যবাদ। আমি চৰকাৰ গঠন কৰি আছো।‘ স্বাভাৱিকতেই অখিলেশ যাদৱৰ এই টুইটে এক বিশেষ তাৎপৰ্য বহন কৰিছে। এতিয়াও চৰকাৰ গঠনৰ আশাৰে বাট চাই আছে সমাজবাদী পাৰ্টীয়ে। উল্লেখনীয়ভাৱে দেশৰ আটাইতকৈ পূৰণি দল কংগ্ৰেছে এগজিট প’লত ভাল ফলাফল দেখুৱাব নোৱাৰিলে। কিন্তু বিজেপিৰ পাছতেই আসন দখলৰ দৌৰত পাছ পৰি ৰোৱা নাই অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টী। তুলনামূলক দিশৰ পৰা চালে অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টীৰ উত্থান যথেষ্ট চমকপ্ৰদ বুলি বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য