--°C
Loading...
Listen to Article
2 min read
80%

অখিলেশ যাদৱৰ মতে চৰকাৰ গঠন কৰিব সমাজবাদী পাৰ্টীয়ে

ডিজিটেল ডেস্ক : সোমবাৰে অন্ত পৰিল উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন। মুঠ সাতটা পৰ্যায়ত অনুষ্ঠিত হৈছিল ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছত উত্তৰ প্ৰদেশৰ উপৰি চাৰিখন ৰাজ্যতো সমাপ্ত হ’ল ভোটগ্ৰহণ। নিৰ্বাচনী আয়োগৰ নিষেধাজ্ঞা আঁতৰ হোৱাত বিভিন্ন সংস্থা আৰু সংবাদ মাধ্যমৰ এগজিট প’ল প্ৰকাশ পালে। সোমবাৰে প্ৰকাশ হোৱা এগজিট প’লৰ ফলাফলত কংগ্ৰেছৰ অৱস্থা তথৈবচ হোৱাৰ বিপৰীতে বিজেপিৰ চৰকাৰ গঠনৰ সম্ভাৱনা প্ৰকট হৈছে। আনফালে, অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টীৰো অৱস্থা লেখত ল’বলগীয়া। বিজেপিক আটাইতকৈ অধিক আসন দিছে ইণ্ডিয়া টুডে-মাই এক্সিছে। তেওঁলোকৰ সমীক্ষা অনুযায়ী ২৮৮ৰ পৰা ৩২৬খন আসন বিজেপিয়ে লাভ কৰিব। সমাজবাদী পাৰ্টীয়ে ৭১ৰ পৰা ১০১খন আসন, ৩ৰ পৰা ৯খন আসন বহুজন সমাজ পাৰ্টী আৰু ১ৰ পৰা ৩খন আসন ভাৰতীয় জাতীয় কংগ্ৰেছে লাভ কৰিব। টাইমছ নাওৰ সমীক্ষা অনুসৰি বিজেপি ২২৫, সমাজবাদী পাৰ্টী ১৫১, বহুজন সমাজ পাৰ্টী ১৪ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ ৯খন আসনত জয়ী হ’ব। টিভি-৯ ভাৰতবৰ্ষৰ মতে ২১১-২২৫ বিজেপি, ১৪৬-১৬০ সমাজবাদী পাৰ্টী, ১৪-২৪ বহুজন সমাজ পাৰ্টী, ৪-৬ কংগ্ৰেছ দলে আসন লাভ কৰিবলৈ সমৰ্থ হ’ব। নিউজ ২৪ৰ সমীক্ষাই ২৯৪ বিজেপিক, ১০৫ সমাজবাদী পাৰ্টীক, ২ বহুজন সমাজ পাৰ্টীক আৰু ১ কংগ্ৰেছক আসন প্ৰদান কৰিছে। এনেদৰেই সকলো সমীক্ষাই এই কথাকেই সূচাইছে যে এইবাৰো শাসনৰ বাঘজৰী বিজেপিৰ হাততেই থাকিব। কিন্তু এগজিট প’লৰ ফলাফলৰ পাছতো আশাবাদী অখিলেশ যাদৱ। সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে এটা টুইটযোগে কৈছে যে এক্সিট প'লত সমাজবাদী পাৰ্টীয়ে ভাল অগ্ৰগতি লাভ কৰা দেখা গৈছে, কিন্তু সংখ্যাগৰিষ্ঠতাৰ সংখ্যা পাবলৈ সমৰ্থ হোৱা নাই। এছপি প্ৰধান অখিলেশ যাদৱে সোমবাৰে সন্ধিয়া টুইট কৰি কয়, ‘সপ্তম আৰু নিৰ্ণায়ক পৰ্যায়ত সংখ্যাগৰিষ্ঠতাতকৈ এছপি-মিত্ৰজোঁটৰ বিজয় কঢ়িয়াই নিয়াৰ বাবে সকলো ভোটাৰ আৰু বিশেষকৈ যুৱসকলক বহুত ধন্যবাদ। আমি চৰকাৰ গঠন কৰি আছো।‘ স্বাভাৱিকতেই অখিলেশ যাদৱৰ এই টুইটে এক বিশেষ তাৎপৰ্য বহন কৰিছে। এতিয়াও চৰকাৰ গঠনৰ আশাৰে বাট চাই আছে সমাজবাদী পাৰ্টীয়ে। উল্লেখনীয়ভাৱে দেশৰ আটাইতকৈ পূৰণি দল কংগ্ৰেছে এগজিট প’লত ভাল ফলাফল দেখুৱাব নোৱাৰিলে। কিন্তু বিজেপিৰ পাছতেই আসন দখলৰ দৌৰত পাছ পৰি ৰোৱা নাই অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টী। তুলনামূলক দিশৰ পৰা চালে অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টীৰ উত্থান যথেষ্ট চমকপ্ৰদ বুলি বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ