--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘ৰূপে কি কৰে, গুণেহে সংসাৰ তৰে’ বোলা আপ্তবাক্যশাৰী এতিয়া যেন বহুসময়ত অপ্ৰাসংগিক হৈ পৰিছে। কিয়নো এতিয়া ভালেমান পেচাত ৰূপেই চিহ্নিত হয় গুণ হিচাপে। বিশেষকৈ মডেলিঙৰ দৰে গ্লেমাৰৰ জগতত মডেলৰ ৰূপ হৈ পৰে প্ৰধান গুণ। এইবাৰ এগৰাকী মডেলৰ এই ‘গুণ’ক কলুষিত কৰি বৃহৎ জৰিমনা ভৰিবলগীয়া হ’ল এখন বিলাসী হোটেলে। হোটেলখনৰ বিৰু্দ্ধে এগৰাকী মডেলে আনিছিল গুৰুতৰ অভিযোগ। হোটেলখনৰ বিলাসী চেলুনত তেওঁৰ চুলি বেয়াকৈ কটাৰ ফলত তেওঁৰ ‘স্বপ্ন’ চূড়মাৰ হৈ পৰিছিল আৰু তেওঁ কেৰিয়াৰত বৃহৎ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছিল বুলি অভিযোগ কৰি তেওঁ কাষ চাপিছিল উপভোক্তা আদালতৰ।

আদালতে মডেলগৰাকীক ২ কোটি টকাৰ ক্ষতিপূৰণ দিয়াৰ বাবে নিৰ্দেশ দিলে হোটেলখনক। দ্য নেচনেল কনজিউমাৰ ডিছপিউটছ ৰিড্ৰেছেল কমিছন (এনচিডিআৰচি)এ মডেলগৰাকীৰ অভিযোগত সহমত প্ৰকাশ কৰি কয় যে, হোটেলখনৰ চেলুনৰ কৰ্মীৰ ভুলৰ বাবেই মডেলগৰাকীয়ে তেওঁৰ এছাইনমেণ্ট হেৰুৱাবলগীয়া হৈছিল আৰু ব্যাপক আৰ্থিক ক্ষতিৰ সন্মুখীন কৰাইছিল। এই ভুলৰ বলি হোৱাৰ পাছত তেওঁৰ জীৱনশৈলীয়েই সলনি হৈ পৰে আৰু এগৰাকী শীৰ্ষ মডেল হোৱাৰ তেওঁৰ স্বপ্নও মষিমূৰ হৈ পৰে। তেওঁ যিধৰণৰ হেয়াৰ কাট বিচাৰিছিল তাৰ বিপৰীত হেয়াৰকাট কৰাৰ ফলত তেওঁৰ কেৰিয়াৰলৈ বিপৰ্যয় নামি আহে।

মডেলগৰাকীয়ে তেওঁৰ দীঘল চুলিকোছাৰ বাবেই বিভিন্ন হেয়াৰ প্ৰডাক্টৰ মডেল হিচাপে কাম-কৰাৰ সুবিধা পাইছিল। তেওঁ ভিএলচিচি, পেণ্টিন অদি কোম্পানীৰ বাবে মডেলিঙৰ কাম কৰিছিল। কিন্তু চেলুনখনৰ ভুল তথা অৱহেলাৰ বাবে তেওঁ মানসিকভাৱে তথা কেৰিয়াৰতো বিপৰ্যৰ সন্মুখীন হ’বলগীয়া হয়। তেওঁ কামো হেৰুৱাবলগীয়া হয়। ইয়াৰ ক্ষতিপূৰণ হিচাপে ২ কোটি টকা তেওঁ আদায় দিয়াৰ বাবে নিৰ্দেশ দিছে উপভোক্তা আদালতে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ