--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : অসমত হাফপেণ্ট বিতৰ্কই খলকনি তোলাৰ সময়তে এইবাৰ ছ'চিয়েল মিডিয়া গৰম হৈছে শাড়ী বিতৰ্কই। দিল্লীৰ ৰেস্তোঁৰাত শাড়ী পিন্ধা মহিলাক প্ৰৱেশ কৰিবলৈ নিদিয়াক লৈ এই বিতৰ্কৰ সৃষ্টি হয়। দৰাচলতে এগৰাকী শাড়ী পৰিধান কৰি সাংবাদিক অনিতা চৌধুৰীয়ে ‘অক্কিলা দিল্লী’ নামৰ ৰেস্তোঁৰালৈ গৈছিল। কিন্তু প্ৰৱেশদ্বাৰতেৰেস্তোঁৰাৰ কৰ্মচাৰীয়ে তেওঁক শাড়ী পিন্ধি যোৱাৰ বাবেই ৰেস্তোঁৰাত প্ৰৱেশৰ অনুমতি নিদিলে।

কৰ্মচাৰীজনে ক’লে, "আমি কেৱল স্মাৰ্ট কাপোৰ পিন্ধা লোককহে প্ৰৱেশৰ অনুমতি দিও।" তেতিয়া সাংবাদিকগৰাকীয়ে মন্তব্য কৰে, "অনুগ্ৰহ কৰি আপুনি স্মাৰ্ট কাপোৰ কি হয় জনাওক।" সাংবাদিক অনিতা আৰু ৰেস্তোঁৰাৰ কৰ্মচাৰীজনৰ বাৰ্তালাপৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যম ফেচবুকত। ফেচবুকত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে ভিডিঅ’টোৱে।

তেজপুৰত হাফপেণ্ট পৰিধান কৰা যুৱতীক পৰীক্ষা হলত প্ৰৱেশ কৰিব নিদিয়াত অসমত সামাজিক মাধ্যমত বিপৰীত দৃষ্টিভংগীৰ দুই পক্ষৰ মাজত প্ৰৱল বিতৰ্কৰ সৃষ্টি হৈছিল। এতিয়া দিল্লীৰ এই ঘটনাক লৈ সামাজিক মাধ্যমত সৃষ্টি হৈছে একে ধৰণৰ বিতৰ্কৰ। সাংবাদিক অনিতাই ফেচবুকত ভিডিঅ’টো পোষ্ট কৰি মন্তব্য কৰিছিল, "শাড়ী পিন্ধাৰ বাবেই মোক দিল্লীৰ এখন ৰেস্তোঁৰাত প্ৰৱেশৰ অনুমতি দিয়া নহ’ল। কাৰণ ভাৰতত শাড়ী স্মাৰ্ট পোচাক নহয়! দিল্লীৰ ৰেস্তোঁৰাখনত হোৱা অপমান মই জীৱনকালত সন্মুখীন হোৱা সবাতোকৈ তীব্ৰ অপমান। ‘মই দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, দিল্লীৰ মুখ্যমন্ত্ৰী, দিল্লী আৰক্ষী আৰু ৰাষ্ট্রীয় মহিলা আয়োগক আহ্বান জনাইছো তেওঁলোকে যাতে স্মাৰ্ট পোচাকৰ প্ৰকৃত সংজ্ঞা সন্দৰ্ভত মোক অৱগত কৰে৷"

ইয়াৰ পাছতেই বিষয়টোক লৈ সামাজিক মাধ্যমত বহু লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যথেষ্ট সংখ্যক লোকে ইয়াক ভাৰতীয় সাজ-পোচাকৰ বাবে চৰম অপমানজনক আখ্যা দিছে। ইফালে, সাংবাদিক অনিতা চৌধুৰীয়ে ৰাষ্ট্রীয় মহিলা আয়োগক বিষয়টোত হস্তক্ষেপ কৰিবলৈ আহ্বান জনোৱাৰ পাছতে তত্পৰ হয় মহিলা আয়োগ। মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাই ৰেস্তোৰাঁখনত সাংবাদিকগৰাকী অপমানিত হোৱাৰ ঘটনাক নিন্দা কৰে।

ইপিনে শাড়ী বিতৰ্কক লৈ এতিয়া মুখ খুলিছে অক্কিলা ৰেস্তোঁৰাই। অক্কিলা দিল্লী ৰেস্তোঁৰা অক্কিলাই নিজকে ভাৰতীয় কোম্পানী বুলি উল্লেখ কৰি ইনষ্টাগ্ৰাম একাউণ্টত স্পষ্টীকৰণ দি কয় যে ৰেস্তোঁৰাখন ভাৰতীয় সংস্কৃতিৰ সদায় শ্ৰদ্ধা কৰে । অক্কিলাই আধুনিক আৰু পৰম্পৰাগত দুয়োধৰণৰ পোচাক পৰিধানকে আদৰণি জনায়। ৰেস্তোৰাঁখনৰ কৰ্তৃপক্ষই ইয়াৰ যুক্তিত ৰেস্তোৰাঁখনত পূৰ্বে উপস্থিত থকা পৰম্পৰাগত পোচাক পৰিহিত লোকৰ আলোকচিত্ৰ আপলোড কৰে। সমগ্ৰ ঘটনাক্ৰম সন্দৰ্ভত সাংবাদিক অনিতা চৌধুৰীকে দোষাৰোপ কৰে অকিলা ৰেস্তোৰাঁই। ৰেস্তোৰাঁখনৰ স্বত্বাধিকাৰীয়ে কয় যে- অনিমা চৌধুৰীৰ নামত সংৰক্ষণ নাছিল। সেইবাবে ৰেস্তোৰাঁৰ কৰ্মচাৰীয়ে তেওঁক বাহিৰত অপেক্ষা কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছিল। কিন্তু সাংবাদিকগৰাকীয়ে ৰেস্তোৰাঁৰ ভিতৰলৈ গৈ তৰ্ক-বিতৰ্কত লিপ্ত হয়। ৰেস্তোৰাঁ কৰ্তৃপক্ষই আনকি সাংবাদিক অনিতাই অক্কিলাৰ পৰিচালককো চৰিওৱাৰ অভিযোগ তোলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু