--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দী ছবিৰ কাহিনীৰ দৰেই আদালতৰ মজিয়াতে ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হ’ল। ছবিৰ কাহিনীত প্ৰতিপক্ষই লোৱাৰ দৰে আদালতৰ মজিয়াত প্ৰাণ কাঢ়ি লোৱা হ’ল এজন গেংষ্টাৰৰ। ছবিৰ নিখুঁট দৃশ্যায়নৰ দৰেই আক্ৰমণকাৰীয়ে অধিবক্তাৰ বেশেৰে আদালতত প্ৰৱেশ কৰে আৰু এজন কাৰাবন্দী অপৰাধীক লক্ষ্য কৰি গুলীচালনা আৰম্ভ কৰে। এই গুলীয়াগুলীত আন দুজন লোক নিহত হৈছে। এই আক্ৰমণত আন ভালেমান লোক আহত হোৱা বুলিও জানিব পৰা গৈছে।

এই ঘটনাৰ ভিডিঅ’ত এটা ইতিমধ্যে ভাইৰেল হৈ পৰিছে। উত্তৰ দিল্লীৰ ৰোহিনী আদালত চৌহদত সংঘটিত এই আক্ৰমণৰ ঘটনাত প্ৰতিপক্ষই গেংষ্টাৰ জিতেন্দ্ৰ গোগীক গুলীয়াই হত্যা কৰা বুলি জানিব পৰা গৈছে। আক্ৰমণকাৰী দুজন লোকৰো মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে। তেওঁলোকক নিৰাপত্তাবাহিনীৰ লোকে গুলীয়াই হত্যা কৰে।

তিহাৰ জেলত কাৰাবন্দী হৈ থকা দুৰ্ধৰ্ষ অপৰাধী তথা গেংষ্টাৰ জিতেন্দ্ৰ গোগীক আজি আদালতলৈ অনাৰ সময়তে তেওঁৰ প্ৰতিপক্ষ তিল্লু গেঙৰ লোকে আদালত চৌহদতে আক্ৰমণ কৰে। তেওঁলোকে অধিবক্তাৰ পোছাকেৰে আদালতত প্ৰৱেশ কৰিছিল আৰু গেংষ্টাৰজনলৈ লক্ষ্য কৰি গুলী চলাইছিল। এই গুলীবৰ্ষণত গেংষ্টাৰজনৰ থিতাতে মৃত্যু হয় আৰু নিৰাপত্তাবাহিনীৰ লোকে পাছত আক্ৰমণকাৰী দুয়োজন লোকক গুলীয়াই হত্যা কৰা বুলি দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু