--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দী ছবিৰ কাহিনীৰ দৰেই আদালতৰ মজিয়াতে ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হ’ল। ছবিৰ কাহিনীত প্ৰতিপক্ষই লোৱাৰ দৰে আদালতৰ মজিয়াত প্ৰাণ কাঢ়ি লোৱা হ’ল এজন গেংষ্টাৰৰ। ছবিৰ নিখুঁট দৃশ্যায়নৰ দৰেই আক্ৰমণকাৰীয়ে অধিবক্তাৰ বেশেৰে আদালতত প্ৰৱেশ কৰে আৰু এজন কাৰাবন্দী অপৰাধীক লক্ষ্য কৰি গুলীচালনা আৰম্ভ কৰে। এই গুলীয়াগুলীত আন দুজন লোক নিহত হৈছে। এই আক্ৰমণত আন ভালেমান লোক আহত হোৱা বুলিও জানিব পৰা গৈছে।

এই ঘটনাৰ ভিডিঅ’ত এটা ইতিমধ্যে ভাইৰেল হৈ পৰিছে। উত্তৰ দিল্লীৰ ৰোহিনী আদালত চৌহদত সংঘটিত এই আক্ৰমণৰ ঘটনাত প্ৰতিপক্ষই গেংষ্টাৰ জিতেন্দ্ৰ গোগীক গুলীয়াই হত্যা কৰা বুলি জানিব পৰা গৈছে। আক্ৰমণকাৰী দুজন লোকৰো মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে। তেওঁলোকক নিৰাপত্তাবাহিনীৰ লোকে গুলীয়াই হত্যা কৰে।

তিহাৰ জেলত কাৰাবন্দী হৈ থকা দুৰ্ধৰ্ষ অপৰাধী তথা গেংষ্টাৰ জিতেন্দ্ৰ গোগীক আজি আদালতলৈ অনাৰ সময়তে তেওঁৰ প্ৰতিপক্ষ তিল্লু গেঙৰ লোকে আদালত চৌহদতে আক্ৰমণ কৰে। তেওঁলোকে অধিবক্তাৰ পোছাকেৰে আদালতত প্ৰৱেশ কৰিছিল আৰু গেংষ্টাৰজনলৈ লক্ষ্য কৰি গুলী চলাইছিল। এই গুলীবৰ্ষণত গেংষ্টাৰজনৰ থিতাতে মৃত্যু হয় আৰু নিৰাপত্তাবাহিনীৰ লোকে পাছত আক্ৰমণকাৰী দুয়োজন লোকক গুলীয়াই হত্যা কৰা বুলি দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ