--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ আক্ষৰিক অৰ্থত সোণৰ চামুচ মুখত লৈয়ে জন্ম হৈছিল বাদশ্বাহ তনয় আৰিয়ানৰ। বিশ্বৰ অন্যতম জনপ্ৰিয় ছুপাৰষ্টাৰৰ প্ৰাসাদত ডাঙৰ-দীঘল হৈছিল আৰিয়ান। কিন্তু বিদেশৰ বিশ্ববিদ্যালয়ত পঢ়া-শুনা কৰা আৰিয়ান এটা নিশাৰ ভিতৰতে হৈ পৰিল খলনায়ক। এটা নিশাৰ ভিতৰতে ৰাজকীয় জীৱনৰ ছন্দ হেৰুৱাই পেলালে আৰিয়ানে। মায়ানগৰীৰ ড্ৰাগছ পাৰ্টীত উপস্থিত হৈ নিজৰ জীৱনৰ পট পৰিৱৰ্তন কৰি পেলালে বলীউড বাদশ্বাহৰ জ্যেষ্ঠ পুত্ৰই।

এটা নিশাৰ ভিতৰতে ৰাজকীয় জীৱনৰ ছন্দ হেৰুৱাই পেলালে আৰিয়ানে ...

ৰাজপ্ৰাসাদৰ পৰা পোনে পোনে নাৰ্ক’টিক্স কণ্ট্ৰ’ল ব্যুৰ’ অৰ্থাৎ ‘এনচিবি’ৰ নিয়ন্ত্ৰণত আৰিয়ান। এতিয়াৰে পৰা ৰুদ্ধদ্বাৰ কোঠাতে কটাব লাগিব দিন। দিন যোৱাৰ লগে লগে পোহৰলৈ আহিছে ন ন তথ্য। ‘এনচিবি’-এ সদৰী কৰে যে, ‘শ্বাহৰুখ পুত্ৰই তদন্তত সহায় কৰি আছে। তেওঁ সকলো প্ৰশ্নৰ উত্তৰ দিছে। পূৰ্বৰ ভুলৰ বাবে অনুশোচনাতো দগ্ধ আৰিয়ান।’জানিবলৈ পোৱা মতে, ‘তাৰকা সন্তান’হোৱা সত্ত্বেও আন কয়দীৰ দৰে ৰখা হৈছে আৰিয়ানক। বলীউড ‘বাদশ্বাহ’ৰ পুত্ৰ হ’লেও শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে ‘এনচিবি’-এ।

শ্বাহৰুখ পুত্ৰই তদন্তত সহায় কৰি আছে। তেওঁ সকলো প্ৰশ্নৰ উত্তৰ দিছে। পূৰ্বৰ ভুলৰ বাবে অনুশোচনাতো দগ্ধ আৰিয়ান ...

বলীউড ‘বাদশ্বাহ’ৰ পুত্ৰই এনচিবিৰ মেছত প্ৰস্তুত কৰা সাধাৰণ খাদ্যই গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। বাদশ্বাহৰ ঘৰৰ পৰা খাদ্য যোগানৰ বাবে আদালতৰ বিশেষ অনুমতিৰ প্ৰয়োজন। আদালতে অনুমতি নিদিয়ালৈকে ‘এনচিবি’ৰ মেছৰ খাদ্যই গ্ৰহণ কৰিব লাগিব আৰিয়ানে। স্মৰ্তব্য যে, মঙলবাৰে নৈশ-অনুসন্ধানত শ্বাহৰুখ-তনয়ে অনুসন্ধানকাৰী সংস্থাৰ বিষয়াসকলৰ সৈতে বাহিৰলৈ গৈছিল। শেহতীয়াকৈ, এনচিবিলৈ চাৰি পৃষ্ঠাৰ বিবৃতিও প্ৰেৰণ কৰিছে আৰিয়ানে। আনহাতে, ড্ৰাগছ ৰেকেটৰ সৈতে জড়িত আব্দুল কাদেৰ শ্বেখ, শ্ৰেয়াছ নায়াৰ, মনীষ ডাৰিয়া আৰু অভিন শ্বাহুক ১১ অক্টোবৰলৈকে এনচিবিৰ জিম্মাত ৰখা হ'ব বুলি জানিবলৈ পোৱা গৈছে। এনচিবিয়ে মায়ানগৰীৰ পাৰ্টী অৰ্গেনিং ব’ডীৰ পৰা আন ৪জন অভিযুক্তকো গ্ৰেপ্তাৰ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু