--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ আক্ষৰিক অৰ্থত সোণৰ চামুচ মুখত লৈয়ে জন্ম হৈছিল বাদশ্বাহ তনয় আৰিয়ানৰ। বিশ্বৰ অন্যতম জনপ্ৰিয় ছুপাৰষ্টাৰৰ প্ৰাসাদত ডাঙৰ-দীঘল হৈছিল আৰিয়ান। কিন্তু বিদেশৰ বিশ্ববিদ্যালয়ত পঢ়া-শুনা কৰা আৰিয়ান এটা নিশাৰ ভিতৰতে হৈ পৰিল খলনায়ক। এটা নিশাৰ ভিতৰতে ৰাজকীয় জীৱনৰ ছন্দ হেৰুৱাই পেলালে আৰিয়ানে। মায়ানগৰীৰ ড্ৰাগছ পাৰ্টীত উপস্থিত হৈ নিজৰ জীৱনৰ পট পৰিৱৰ্তন কৰি পেলালে বলীউড বাদশ্বাহৰ জ্যেষ্ঠ পুত্ৰই।

এটা নিশাৰ ভিতৰতে ৰাজকীয় জীৱনৰ ছন্দ হেৰুৱাই পেলালে আৰিয়ানে ...

ৰাজপ্ৰাসাদৰ পৰা পোনে পোনে নাৰ্ক’টিক্স কণ্ট্ৰ’ল ব্যুৰ’ অৰ্থাৎ ‘এনচিবি’ৰ নিয়ন্ত্ৰণত আৰিয়ান। এতিয়াৰে পৰা ৰুদ্ধদ্বাৰ কোঠাতে কটাব লাগিব দিন। দিন যোৱাৰ লগে লগে পোহৰলৈ আহিছে ন ন তথ্য। ‘এনচিবি’-এ সদৰী কৰে যে, ‘শ্বাহৰুখ পুত্ৰই তদন্তত সহায় কৰি আছে। তেওঁ সকলো প্ৰশ্নৰ উত্তৰ দিছে। পূৰ্বৰ ভুলৰ বাবে অনুশোচনাতো দগ্ধ আৰিয়ান।’জানিবলৈ পোৱা মতে, ‘তাৰকা সন্তান’হোৱা সত্ত্বেও আন কয়দীৰ দৰে ৰখা হৈছে আৰিয়ানক। বলীউড ‘বাদশ্বাহ’ৰ পুত্ৰ হ’লেও শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে ‘এনচিবি’-এ।

শ্বাহৰুখ পুত্ৰই তদন্তত সহায় কৰি আছে। তেওঁ সকলো প্ৰশ্নৰ উত্তৰ দিছে। পূৰ্বৰ ভুলৰ বাবে অনুশোচনাতো দগ্ধ আৰিয়ান ...

বলীউড ‘বাদশ্বাহ’ৰ পুত্ৰই এনচিবিৰ মেছত প্ৰস্তুত কৰা সাধাৰণ খাদ্যই গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। বাদশ্বাহৰ ঘৰৰ পৰা খাদ্য যোগানৰ বাবে আদালতৰ বিশেষ অনুমতিৰ প্ৰয়োজন। আদালতে অনুমতি নিদিয়ালৈকে ‘এনচিবি’ৰ মেছৰ খাদ্যই গ্ৰহণ কৰিব লাগিব আৰিয়ানে। স্মৰ্তব্য যে, মঙলবাৰে নৈশ-অনুসন্ধানত শ্বাহৰুখ-তনয়ে অনুসন্ধানকাৰী সংস্থাৰ বিষয়াসকলৰ সৈতে বাহিৰলৈ গৈছিল। শেহতীয়াকৈ, এনচিবিলৈ চাৰি পৃষ্ঠাৰ বিবৃতিও প্ৰেৰণ কৰিছে আৰিয়ানে। আনহাতে, ড্ৰাগছ ৰেকেটৰ সৈতে জড়িত আব্দুল কাদেৰ শ্বেখ, শ্ৰেয়াছ নায়াৰ, মনীষ ডাৰিয়া আৰু অভিন শ্বাহুক ১১ অক্টোবৰলৈকে এনচিবিৰ জিম্মাত ৰখা হ'ব বুলি জানিবলৈ পোৱা গৈছে। এনচিবিয়ে মায়ানগৰীৰ পাৰ্টী অৰ্গেনিং ব’ডীৰ পৰা আন ৪জন অভিযুক্তকো গ্ৰেপ্তাৰ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ