--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ অনুসন্ধান চলি আছে। সাম কটা নাই উৎকন্ঠাৰ। শ্বাহৰুখ পুত্ৰৰ কাণ্ডই জোকাৰি গৈছে বলীউডৰ মঞ্চ। এনচিবিৰ অনুসন্ধানত পলে পলে উন্মোচিত হৈছে ন ন তথ্য। মাদক দ্ৰব্যৰ পৰা ছেনিটাৰী নেপকিন লৈকে এক বিভৎস কাণ্ডত এটা নিশাৰ ভিতৰতে খলনায়কত পৰিণত হ’ল শ্বাহৰুখ পুত্ৰ। এইবাৰ চৰ্চাত মুনমুন…মুনমুন ধামেচা। শ্বাহৰুখৰ পুত্ৰ আৰিয়ান খান আৰু তেওঁৰ বন্ধু আৰবাজ ছেথ মাৰ্চেণ্টক মুনমুন ধামেচাৰ সৈতে মায়ানগৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। মুনমুনে ছেনিটাৰী নেপকিনত মাদক দ্ৰব্য লুকুৱাই নিয়া বুলি দাবী এনচিবি-ৰ। মুনমুনে কেনেকৈ প্ৰৱেশ কৰিছিল কৰ্ডেলিয়া নামৰ বিলাসী ক্ৰুজখনত ? সেই বিষয়ে অধিবক্তা আলী কাছিব খানে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে বিস্ফোৰক তথ্য।

মুনমুনে কেনেকৈ প্ৰৱেশ কৰিছিল কৰ্ডেলিয়া নামৰ বিলাসী ক্ৰুজখনত ?

অধিবক্তাজনৰ দাবী, ‘আৰিয়ান-আৰবাজৰ দৰে পাৰ্টীলৈ যোৱাৰ পৰিকল্পনা নাছিল মুনমুনৰ। তেওঁৰ ওচৰত টিকটো নাছিল।‘ ইফালে বলৰাম নামৰ এজন ব্যক্তিয়ে মুনমুনৰ বাবে টিকট বুক কৰাৰ উপৰি তেওঁৰ নামত এটা কোঠাও ভাড়ালৈ লোৱা বুলি প্ৰকাশ পাইছে শেহতীয়া তদন্তত। জানিবলৈ পোৱা মতে, মুনমুন পেছাত এগৰাকী মডেল। পাৰ্টীৰ ৰোমাঞ্চ বৃদ্ধি কৰাৰ উদ্দেশ্যে মুনমুনক জনোৱা হৈছিল আমন্ত্ৰণ। বিনিময়ত উপযুক্ত পাৰিশ্ৰমিক প্ৰদানৰো কথা দিছিল বাদশ্বাহ পুত্ৰই। উল্লেখ্য যে, ৩৯ বছৰীয়া মুনমুনৰ ঘৰ মধ্য প্ৰদেশৰ সাগৰ নামৰ এখন সৰু চহৰত। মায়ানগৰী মুম্বাইৰ সৈতে আছে মুনমুনৰ সঘন আহ-যাহ। কেইবাজনো তাৰকাৰ সৈতে উঠা-বহা কৰা বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

পাৰ্টীৰ ৰোমাঞ্চ বৃদ্ধি কৰাৰ উদ্দেশ্যে মুনমুনক জনোৱা হৈছিল আমন্ত্ৰণ। বিনিময়ত উপযুক্ত পাৰিশ্ৰমিক প্ৰদানৰো কথা দিছিল বাদশ্বাহ পুত্ৰই ...

কামৰ ফোন পালেই মুম্বাইলৈ উৰা মৰা মুনমুন এতিয়া আৰক্ষীৰ হাতৰ মুঠিত। প্ৰৱেশদ্বাৰত 'ড্ৰাগছ নিষিদ্ধ' বুলি লিখা থকা সত্ত্ৱেও মুনমুনক অনুসন্ধান কৰা হৈছিল। তেতিয়া তেওঁৰ লগত একো পোৱা নগ'ল। কিন্তু সন্ধিয়া ৫:৩০ বজাত মুনমুন, বলৰাম আৰু আন এজনী ছোৱালীৰ সৈতে প্ৰৱেশ কৰিছিল ভাড়াঘৰটোত । ২-৩মিনিটৰ বাবে উপিস্থিত হৈছিল এনচিবি। কোঠাটোৰ মজিয়াত ড্ৰাগছৰ পেকেট এটা পোৱা গৈছিল বুলিও মুনমুনে তেওঁৰ ব্যক্তিগত অধিবক্তাক আগত সদৰী কৰিছে। স্মৰ্তব্য যে, মুনমুনৰ কোঠাত ড্ৰাগছৰ পেকেট পোৱাৰ সময়ত বলৰাম আৰু আন এগৰাকী যুৱতীও উপিস্থিত আছিল। তেন্তে এনচিবিয়ে কেৱল মুনমুনকে কিয় আটক কৰিলে? ক’ত গ’ল বলৰাম আৰু ৰহস্যময়ী যুৱতীগৰাকী ?


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু