--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ অনুসন্ধান চলি আছে। সাম কটা নাই উৎকন্ঠাৰ। শ্বাহৰুখ পুত্ৰৰ কাণ্ডই জোকাৰি গৈছে বলীউডৰ মঞ্চ। এনচিবিৰ অনুসন্ধানত পলে পলে উন্মোচিত হৈছে ন ন তথ্য। মাদক দ্ৰব্যৰ পৰা ছেনিটাৰী নেপকিন লৈকে এক বিভৎস কাণ্ডত এটা নিশাৰ ভিতৰতে খলনায়কত পৰিণত হ’ল শ্বাহৰুখ পুত্ৰ। এইবাৰ চৰ্চাত মুনমুন…মুনমুন ধামেচা। শ্বাহৰুখৰ পুত্ৰ আৰিয়ান খান আৰু তেওঁৰ বন্ধু আৰবাজ ছেথ মাৰ্চেণ্টক মুনমুন ধামেচাৰ সৈতে মায়ানগৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। মুনমুনে ছেনিটাৰী নেপকিনত মাদক দ্ৰব্য লুকুৱাই নিয়া বুলি দাবী এনচিবি-ৰ। মুনমুনে কেনেকৈ প্ৰৱেশ কৰিছিল কৰ্ডেলিয়া নামৰ বিলাসী ক্ৰুজখনত ? সেই বিষয়ে অধিবক্তা আলী কাছিব খানে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে বিস্ফোৰক তথ্য।

মুনমুনে কেনেকৈ প্ৰৱেশ কৰিছিল কৰ্ডেলিয়া নামৰ বিলাসী ক্ৰুজখনত ?

অধিবক্তাজনৰ দাবী, ‘আৰিয়ান-আৰবাজৰ দৰে পাৰ্টীলৈ যোৱাৰ পৰিকল্পনা নাছিল মুনমুনৰ। তেওঁৰ ওচৰত টিকটো নাছিল।‘ ইফালে বলৰাম নামৰ এজন ব্যক্তিয়ে মুনমুনৰ বাবে টিকট বুক কৰাৰ উপৰি তেওঁৰ নামত এটা কোঠাও ভাড়ালৈ লোৱা বুলি প্ৰকাশ পাইছে শেহতীয়া তদন্তত। জানিবলৈ পোৱা মতে, মুনমুন পেছাত এগৰাকী মডেল। পাৰ্টীৰ ৰোমাঞ্চ বৃদ্ধি কৰাৰ উদ্দেশ্যে মুনমুনক জনোৱা হৈছিল আমন্ত্ৰণ। বিনিময়ত উপযুক্ত পাৰিশ্ৰমিক প্ৰদানৰো কথা দিছিল বাদশ্বাহ পুত্ৰই। উল্লেখ্য যে, ৩৯ বছৰীয়া মুনমুনৰ ঘৰ মধ্য প্ৰদেশৰ সাগৰ নামৰ এখন সৰু চহৰত। মায়ানগৰী মুম্বাইৰ সৈতে আছে মুনমুনৰ সঘন আহ-যাহ। কেইবাজনো তাৰকাৰ সৈতে উঠা-বহা কৰা বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

পাৰ্টীৰ ৰোমাঞ্চ বৃদ্ধি কৰাৰ উদ্দেশ্যে মুনমুনক জনোৱা হৈছিল আমন্ত্ৰণ। বিনিময়ত উপযুক্ত পাৰিশ্ৰমিক প্ৰদানৰো কথা দিছিল বাদশ্বাহ পুত্ৰই ...

কামৰ ফোন পালেই মুম্বাইলৈ উৰা মৰা মুনমুন এতিয়া আৰক্ষীৰ হাতৰ মুঠিত। প্ৰৱেশদ্বাৰত 'ড্ৰাগছ নিষিদ্ধ' বুলি লিখা থকা সত্ত্ৱেও মুনমুনক অনুসন্ধান কৰা হৈছিল। তেতিয়া তেওঁৰ লগত একো পোৱা নগ'ল। কিন্তু সন্ধিয়া ৫:৩০ বজাত মুনমুন, বলৰাম আৰু আন এজনী ছোৱালীৰ সৈতে প্ৰৱেশ কৰিছিল ভাড়াঘৰটোত । ২-৩মিনিটৰ বাবে উপিস্থিত হৈছিল এনচিবি। কোঠাটোৰ মজিয়াত ড্ৰাগছৰ পেকেট এটা পোৱা গৈছিল বুলিও মুনমুনে তেওঁৰ ব্যক্তিগত অধিবক্তাক আগত সদৰী কৰিছে। স্মৰ্তব্য যে, মুনমুনৰ কোঠাত ড্ৰাগছৰ পেকেট পোৱাৰ সময়ত বলৰাম আৰু আন এগৰাকী যুৱতীও উপিস্থিত আছিল। তেন্তে এনচিবিয়ে কেৱল মুনমুনকে কিয় আটক কৰিলে? ক’ত গ’ল বলৰাম আৰু ৰহস্যময়ী যুৱতীগৰাকী ?


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ