--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেশ কপোঁৱা বিলকিছ বানো ধৰ্ষণ কাণ্ডৰ অভিযুক্তক আদালতে সন্মানে মুক্তি দিয়াৰ বিষয়টোৱে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এনে সময়তে ৬,০০০ ৰো অধিক লোকে উচ্চতম ন্যায়ালয়ক বিলকিছ বানো গোচৰৰ ১১ জন দোষীৰ মুক্তিৰ নিৰ্দেশ  প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে। মানৱ অধিকাৰ কৰ্মী, বুৰঞ্জীবিদ আৰু একাংশ আমোলাৰ লগতে সমাজৰ বিভিন্ন স্তৰৰ লোকে   এক বিবৃতি জাৰি কৰি উচ্চতম ন্যায়ালয়ক বিলকিছ বানো গোচৰত অভিযুক্তৰ মুক্তি প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে। 

অভিযুক্তৰ  ৰেহাইক 'ন্যায়ৰ গুৰুতৰ স্খলন ' বুলি অভিহিত কৰি তেওঁলোকে দোষীসকলৰ  মুক্তি প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে। স্বাক্ষৰকাৰীসকলৰ ভিতৰত আছিল ৬,০০০ তকৈও অধিক সাধাৰণ নাগৰিক, বিভিন্ন দলৰ তৃণমূল কৰ্মী, মানৱ অধিকাৰ কৰ্মী, বিশিষ্ট লেখক, ইতিহাসবিদ, পণ্ডিত, চলচ্চিত্ৰ নিৰ্মাতা, সাংবাদিক আৰু প্ৰাক্তন আমোলা আছে। চাহেলি মহিলা সম্পদ কেন্দ্ৰ, গমানা মহিলা চামুহা, বেবাক কালেক্টিভ, অল ইণ্ডিয়া প্ৰগ্ৰেছিভ ৱমেন এছ'চিয়েচনকে ধৰি সামাজিক গোটবোৰেও এই বিবৃতিত স্বাক্ষৰ কৰিছে। বিবৃতিটোত তেওঁলোকে কয়, "এনে বিষয়ে  আমাক লজ্জিত কৰে যে যিদিনা আমি আমাৰ স্বাধীনতা দিৱস  উদযাপন কৰা উচিত আৰু আমাৰ স্বাধীনতাৰ বাবে গৌৰৱান্বিত হোৱা উচিত, ভাৰতৰ মহিলাসকলে ইয়াৰ পৰিৱৰ্তে দলবদ্ধ ধৰ্ষণকাৰী আৰু গণ হত্যাকাৰীসকলক  মুক্ত কৰি দিয়া দেখিবলৈ পাইছে।"

 ২০০২ চনৰ গোধৰাৰ বিলকিছ বানো দলবদ্ধ ধৰ্ষণৰ গোচৰত আজীৱন কাৰাদণ্ডৰে দণ্ডিত ১১ জন দোষীয়ে ১৫ আগষ্টত গোধৰা উপ-কাৰাগাৰৰ পৰা ওলাই গৈছিল। গুজৰাট চৰকাৰে ইয়াৰ ৰেহাই নীতিৰ অধীনত তেওঁলোকক মুক্তি দিয়াৰ অনুমতি দিয়াৰ পিছত ধৰ্ষণকাৰীসকলে হাঁহি হাঁহি কাৰাগাৰৰ পৰা ওলাই গৈছিল। ১১ জন অভিযুক্ত ক্ৰমে  ৰাধেশ্যাম শ্বাহ, যশৱন্ত চতুৰ্ভাই নাই, কেশুভাই দানিয়া, বাকাভাই দানিয়া, ৰাজিভাই চোনি, ৰমেশভাই চৌহান, শৈলেশভাই ভট্ট, বিপিন চন্দ্ৰ যোশী, গোবিন্দভাই নাই, মিতেশ ভট্ট, প্ৰদীপ মোধিয়াক সোমবাৰে কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছিল। ২০০৮ চনৰ ২১ জানুৱাৰীত মুম্বাইৰ  চিবিআইৰ বিশেষ  আদালতে এঘাৰজন অভিযুক্তক দলবদ্ধ ধৰ্ষণ আৰু বিলকিছৰ পৰিয়ালৰ সাতজন সদস্যৰ হত্যাৰ অভিযোগত আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল।  তেওঁলোক দোষী সাব্যস্ত হোৱাৰ পিছত বোম্বাই উচ্চ ন্যায়ালয়েও তেওঁলোকৰ শাস্তি বাহাল   ৰাখিছিল।

বিলকিছৰ বয়স তেতিয়া  ২০ বছৰ আছিল আৰু তেওঁ কেইবামাহৰ গৰ্ভৱতী আছিল । সেই সময়তে তেওঁক  পৰিচিত লোকেই ধৰ্ষণ কৰিছিল। ধৰ্ষণকাৰীসকলৰ এজনক বিলকিছে  'চাচা' (খুৰা) আৰু আনসকলক দাদা  বুলি মাতিছিল।বিলকিছক  দলবদ্ধ ধৰ্ষণ কৰাৰ পিছত ঘটনাটো গাপ দিবলৈ তেওঁৰ  পৰিয়ালৰ সাত জন  সদস্যসকলকো হত্যা কৰা হৈছিল। ২০০২ চনৰ ৩ মাৰ্চত বিলকিছৰ  তিনি বছৰীয়া কন্যাকো ধৰ্ষণকাৰীয়ে হত্যা কৰিছিল।

ধৰ্ষণৰ পিছত জ্ঞান ঘূৰাই পাই  বিলকিছে এগৰাকী জনজাতীয় মহিলাৰ পৰা কাপোৰ খুজি  লৈছিল আৰু অভিযোগ পঞ্জীয়ন কৰিবলৈ দাহোদ জিলাৰ লিমখেদা আৰক্ষী থানালৈ গৈছিল। তাত থকা হেড কনিষ্টবলজনে তথ্যবোৰ ভুলকৈ লিখিছিল আৰু ঘটনাটোক গাপ দিব বিচাৰিছিল বুলি অভিযোগ  উঠি আহিছে। 

ন্যায়ৰ সন্ধানত বিলকিছৰ  অগ্নিপৰীক্ষাৰ আৰম্ভ হৈছিল।  বিলকিছে  মৃত্যুৰ ভাবুকি পাইছিল। ফলত উচ্চতম ন্যায়ালয়ে ২০০৪  চনত গুজৰাটৰ পৰা মুম্বাইলৈ বিচাৰটো স্থানান্তৰিত কৰিছিল ।২০০৮ চনৰ জানুৱাৰী মাহত মুম্বাইৰ এখন বিশেষ চিবিআই আদালতে এগৰাকী গৰ্ভৱতী মহিলাক ধৰ্ষণৰ ষড়যন্ত্ৰ, হত্যা, বেআইনী সমাবেশ আৰু অন্যান্য অভিযোগত ২০ জন অভিযুক্তৰ ভিতৰত ১১ জনক ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰিছিল।

 অভিযুক্তজনক বচাবলৈ "অশুদ্ধ তথ্য " লিপিবদ্ধ কৰাৰ বাবে হেড কনিষ্টবলজনকো দোষী সাব্যস্ত কৰা হৈছিল। প্ৰমাণৰ অভাৱত ২০ জন অভিযুক্তৰ ভিতৰত ৭ জনক নিৰ্দোষী সাব্যস্ত কৰা হৈছিল। গোচৰটো চলি থকাৰ সময়তে এজন অভিযুক্তৰ মৃত্যু হৈছিল।এতিয়া গুজৰাট চৰকাৰে বিলকিছৰ ১১ জনকৈ দণ্ডাজ্ঞাপ্ৰাপ্ত অপৰাধীক মুক্তি দিয়াত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু