--°C
Loading...
Listen to Article
2 min read
80%

মানৱ সভ্যতাত কৰ’না ভাইৰাছে বিশ্বত কি প্ৰভাৱ পেলালে সেয়া নতুনকৈ কোৱাৰ নিশ্চয় প্ৰয়োজন নাই। বিশ্বৰ চৌদিশে আৱৰি ধৰিলে বিপৰ্যয় আৰু বিধ্বস্ত অৱস্থাই। বিশ্বৰ শক্তিশালী দেশবোৰো এই ভাইৰাছৰ সন্মুখত পানী পানী হৈ গ'ল। ধন-জনৰ বৃহৎ ক্ষতি হ'ল। কৰ’নাৰ ফলত কোনোবা যদি চিৰদিনলৈ এই পৃথিৱী এৰি গ'ল আন কাৰোবাৰ স্বাস্থ্যৰ প্ৰতি আহিল তীব্ৰ ভাবুকি। বিশ্বব্যাপী সৃষ্টি হ'ল এক গভীৰ অৰ্থনৈতিক সংকটৰ। ভাৰতবৰ্ষও পৰিল কৰ’না ভাইৰাছৰ কুটিল গ্ৰাসত। ক’ৰ’নাই ভাৰতীয় স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলোৱাৰ লগতে অৰ্থনীতিৰ মেৰুদণ্ড ভাগি পেলালে। ভাৰতীয় অৰ্থনীতিৰ এতিয়া তথৈবচ অৱস্থা। লকডাউনে জনতাৰ মূৰত সোধালে মাধমাৰ। দেশত এতিয়া অসহনীয় আৰু অভাৱনীয় পৰিস্থিতি কাৰণ দেশৰ ৮০ শতাংশ ব্যৱসায়েই বন্ধ হৈ পৰিল..যেনে-তেনে চলি থাকিল ২০ শতাংশ, তাৰে জানো অৰ্থনৈতিক ভেটি শক্তিশালী হোৱা সম্ভৱ।

কিমানৰ উপাৰ্জনৰ পথ বন্ধ হ’ল…কিমানে চাকৰি হেৰুৱালে তাৰ কোনো লেখ-জোখ নাই। চাৰিওফালে এন্ধাৰ দেখাত এই ক’ৰ’না কালত অসংখ্য লোকে বাচি ল’লে আত্মহননৰ পথ। খাটি খোৱা মানুহৰ বাবে অভিশাপ স্বৰূপ হৈ পৰিছে মাৰাত্মক ক’ৰ’না ভাইৰাছ।ৰাষ্ট্ৰসংঘই দিয়া সকীয়নি অনুসৰি বিশ্বজুৰি কোটি কোটি মানুহৰ জীৱনলৈ বিপৰ্যয় কঢ়িয়াই অনা কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ভাৰতৰ অসংগঠিত খণ্ডত কৰ্মৰত প্ৰায় ৪০ কোটি লোক দৰিদ্ৰতাৰ গ্ৰাসত পতিত হোৱাৰ পথত৷ প্ৰথম কেইমাহ মানতে বিশ্বজুৰি ২০ কোটি লোকে হেৰুৱালে চাকৰি৷ আন্তৰ্জাতিক শ্ৰমিক সংস্থাই এক প্ৰতিবেদনত বিশ্ব মহামাৰী কৰ’না ভাইৰাছত দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ সবাতোকৈ শোচনীয় বিশ্বসংকট বুলি অভিহিত কৰিছে। উন্নত আৰু উন্নতকামী উভয় দেশতে শ্ৰমিক আৰু ব্যৱসায়ীলৈ বিপৰ্যস্ত নামি আহিছে। ভাৰতত দিয়া লকডাউনৰ ফলত শ্ৰমিকসকল ভীষণ সমস্যাৰ সন্মুখীন হ’ল কাৰণ তেওঁলোকে দৈনিক যি উপাৰ্জন কৰে তাৰেহে তেওঁলোকৰ চৌকাৰ জুই জ্বলে। কিন্তু লকডাউনে শ্ৰমিকৰ ভাতমুঠিৰ তেনেই মুদা মাৰি দিছিল। এইদৰে প্ৰায় ৪০ কোটি শ্ৰমিকৰ জীৱন ভয়াৱহৰূপে আঘাতপ্ৰাপ্ত হ’ব বুলি শংকা প্ৰকাশ কৰিছিল ৰাষ্ট্ৰসংঘই।

ইপিনে বিভিন্ন শ্ৰেণীৰ আয়সম্পন্ন গোটসমূহৰ ক্ষেত্ৰতো ভয়াৱহ ক্ষতি হ’ব বুলি প্ৰতিবেদনত কোৱা হৈছে৷ উচ্চ মধ্যবিত্ত আয়সম্পন্ন দেশসমূহত বিশেষকৈ কৰ্মসংস্থাপনহীনতাৰ সৃষ্টি হ’ব। সংখ্যা হিচাপত সেয়া হ’ব সাত শতাংশ অৰ্থাৎ ১০ কোটি৷ উল্লেখ্য যে ভৱিষ্যত পন্থা কিদৰে গ্ৰহণ কৰা হ’ব তাৰ ওপৰতে নিৰ্ভৰ কৰিব এই বিশ্বজোৰা কৰ্মসংস্থাপনহীনতাৰ সংকট৷ সম্প্ৰতি প্ৰতি পাঁচজনৰ ভিতৰত কমেও চাৰিজন সমগ্ৰ বিশ্বতে ক্ষতিৰ সন্মুখীন হৈছে৷ একাংশই চাকৰি হেৰুৱাইছে অথবা তেওঁলোকৰ মজুৰি হ্ৰাস পাইছে৷

কৰ’নাই সৃষ্টি কৰা এনে দুৰ্যোগৰ সময়তে এইবাৰ বিশ্বজুৰি আতংক সৃষ্টি কৰিবলৈ আহিল অ’মিক্ৰন। অ’মিক্ৰন দ্ৰুতগতিত বিয়পি পৰিছে। ইয়াৰ উৎপত্তিস্থল হ'ল দক্ষিণ আফ্ৰিকা। বৰ্তমানলৈকে বিশ্বৰ ৩৮খন দেশত অ’মিক্ৰনৰ সন্ধান পোৱা গৈছে। অৱশ্যে স্বস্তিৰ বিষয় যে এতিয়ালৈকে অ’মিক্ৰনত আক্ৰান্ত হোৱা কোনো লোকৰে মৃত্যু হোৱা নাই। অৱশ্যে ইয়াক লৈ অধিক স্বস্তিত থাকিবলৈ মানা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। ভাৰততো অ’মিক্ৰনে আতংকৰ সৃষ্টি কৰিছে।ইফালে জানুৱাৰী-ফেব্ৰুৱাৰীত কৰ’নাৰ তৃতীয় ঢৌৰ প্ৰভাৱ সৰ্বাধিক পৰিব। কেৱল এয়াই নহয় সেই সময়ত অ’মিক্ৰনৰ মাত্ৰাও তুংগত উঠিব।

আকৌ নতুন বছৰৰ আৰম্ভণিতে উত্তৰ প্ৰদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুুৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ফলত সেই সময়ত নতুনকৈ সংক্ৰমণ বাঢ়িলে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা প্ৰবল। এতিয়া কথা হ'ল এই নতুন সংক্ৰমণে যদি সংহাৰ যজ্ঞ আৰম্ভ কৰে আৰু যদি পুনৰ লকডাউন দিবলগীয়া পৰিস্থিতি আহি পৰে তেন্তে কোভিড কালত যেনতেন বাচি যোৱাখিনিৰ এইবাৰ আৰু নিস্তাৰ নহ'ব….এক ভয়ংকৰ ভৱিষ্যতলৈ গৈ আছো আমি…আমি ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি…হয়তো উত্তৰ কাৰো হাততে নাই…এই উত্তৰ সময়ে দিব…


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি