--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ টাটা গ্ৰুপৰ দ্বাৰা পৰিচালিত এয়াৰ ইণ্ডিয়াৰ বিমানত নিগনি। নিগনিৰ উত্‍পাতৰ বাবে বৃহস্পতিবাৰে শ্ৰীনগৰৰ পৰা জম্মু অভিমুখী বিমানখন প্ৰায় দুঘণ্টা পলমকৈ উৰা মাৰে। ভাৰতৰ বিমান নিয়ন্ত্ৰক অসামৰিক বিমান পৰিচালনা সঞ্চালকালয়ে (ডিজিচিএ) ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে। শ্ৰীনগৰ বিমানবন্দৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি, এয়াৰ ইণ্ডিয়াৰ বিমান এআই ৮২২ বৃহস্পতিবাৰে দুপৰীয়া ২ বজাত শ্ৰীনগৰ বিমানবন্দৰৰ পৰা ৰাওনা হোৱাৰ কথা আছিল। 

কিন্তু উৰা মৰাৰ আগতে নিয়মীয়া পৰীক্ষাৰ সময়ত বিমানখনত নিগনিৰ উপস্থিতি দেখা গৈছিল। নিগনিৰ উপস্থিতিৰ খবৰ বিয়পি পৰাৰ লগে লগে হৈ চৈ লাগে আৰু বিমানৰ ভিতৰতে আৰম্ভ হৈছিল অনুসন্ধান। ঘণ্টাজোৰ প্ৰচেষ্টাৰ অন্তত নিগনিটো ধৰা পৰে। অৱশেষত বিমানখন শ্ৰীনগৰৰ পৰা জম্মুলৈ আবেলি ৪.১০ বজাত উৰা মাৰিছিল। অৱশ্যে, এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই ঘটনাটোৰ বিষয়ে কোনো বিবৃতি দিয়া নাই। স্বাভাৱিকতে, বিমানৰ ভিতৰত নিগনি কেনেকৈ সোমাল? সম্প্ৰতি এয়া এক ৰহস্যজনক বিষয় হিচাপে বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement