--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ টাটা গ্ৰুপৰ দ্বাৰা পৰিচালিত এয়াৰ ইণ্ডিয়াৰ বিমানত নিগনি। নিগনিৰ উত্‍পাতৰ বাবে বৃহস্পতিবাৰে শ্ৰীনগৰৰ পৰা জম্মু অভিমুখী বিমানখন প্ৰায় দুঘণ্টা পলমকৈ উৰা মাৰে। ভাৰতৰ বিমান নিয়ন্ত্ৰক অসামৰিক বিমান পৰিচালনা সঞ্চালকালয়ে (ডিজিচিএ) ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে। শ্ৰীনগৰ বিমানবন্দৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি, এয়াৰ ইণ্ডিয়াৰ বিমান এআই ৮২২ বৃহস্পতিবাৰে দুপৰীয়া ২ বজাত শ্ৰীনগৰ বিমানবন্দৰৰ পৰা ৰাওনা হোৱাৰ কথা আছিল। 

কিন্তু উৰা মৰাৰ আগতে নিয়মীয়া পৰীক্ষাৰ সময়ত বিমানখনত নিগনিৰ উপস্থিতি দেখা গৈছিল। নিগনিৰ উপস্থিতিৰ খবৰ বিয়পি পৰাৰ লগে লগে হৈ চৈ লাগে আৰু বিমানৰ ভিতৰতে আৰম্ভ হৈছিল অনুসন্ধান। ঘণ্টাজোৰ প্ৰচেষ্টাৰ অন্তত নিগনিটো ধৰা পৰে। অৱশেষত বিমানখন শ্ৰীনগৰৰ পৰা জম্মুলৈ আবেলি ৪.১০ বজাত উৰা মাৰিছিল। অৱশ্যে, এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই ঘটনাটোৰ বিষয়ে কোনো বিবৃতি দিয়া নাই। স্বাভাৱিকতে, বিমানৰ ভিতৰত নিগনি কেনেকৈ সোমাল? সম্প্ৰতি এয়া এক ৰহস্যজনক বিষয় হিচাপে বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে