--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশত এতিয়া সাম্প্ৰদায়িক উত্তেজনাই ব্যাপকভাৱে গা কৰি উঠিছে। ধৰ্মক লৈ চলি থকা ৰাজনীতিৰ বিষম পৰিণতি হিচাপে এতিয়া দেখা গৈছে সাম্প্ৰদায়িক উত্তেজনা আৰু অস্থিৰতাই গা কৰি উঠা। হনুমান জয়ন্তী উদযাপনৰ সময়ত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষই দেশজুৰি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিয়ে বিশ্বৰ সন্মুখত ভাৰতৰ উদাৰ, সহনশীল আৰু ধৰ্মনিৰপেক্ষ চৰিত্ৰত আঘাত হনাৰ অভিযোগ উঠিছে।

ফলত গোলকীয় প্ৰেক্ষাপটত ভাৰতৰ ভাৱমূৰ্তি ম্নান হৈ পৰা বুলিও বিভিন্নজনে মন্তব্য কৰিছে। এনে পৰিস্থিতিৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন মুৰব্বী ৰঘুৰাম ৰাজনৰ এটা মন্তব্য তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। ৰাজনে ভাৰতৰ সাম্প্ৰতিক অৱস্থা সম্পৰ্কত এটা বিশেষ মন্তব্য কৰিছে।
শেহতীয়াকৈ ভাৰতৰ কেইবাখনো ৰাজ্যত সাম্প্ৰদায়িক উত্তেজনা চলি থকাৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজনে বৃহস্পতিবাৰে দেশক উদ্দেশ্যি এক সতৰ্কবাণী দিয়ে। ৰঘুৰাম ৰাজনে মন্তব্য কৰে যে, বিশ্বত ভাৰতৰ ‘সংখ্যালঘু বিৰোধী’ প্ৰতিচ্ছবিয়ে ভাৰতীয় সামগ্ৰীৰ বজাৰৰ ক্ষতি কৰিব পাৰে। 

তেওঁ কয় যে, ভাৰতৰ এনে অবাঞ্চিত প্ৰতিচ্ছবিৰ বাবে বিদেশী চৰকাৰে ৰাষ্ট্ৰক বিশ্বাস কৰিবলৈ দ্বিধা বোধ কৰিব পাৰে। বিনিয়োগকাৰীসকলে এনে পৰিপ্ৰেক্ষিতত ভাৰতৰ এক বিশ্বস্ত অংশীদাৰ হিচাপে বিবেচনা নকৰিব পাৰে। দিল্লীৰ জাহাংগীৰপুৰী অঞ্চলত সাম্প্ৰদায়িক হিংসাৰ পাছত বেদখল বিৰোধী অভিযানৰ অংশ হিচাপে এটা মছজিদৰ ওচৰত বুলড’জাৰ চলোৱাৰ ঘটনা আৰু কেইবাটাও অস্থায়ী গাঁথনি ভাঙি পেলোৱাৰ পাছত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰৰ এই মন্তব্য তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। 

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি প্ৰাক্তন গৱৰ্নৰগৰাকীয়ে কয় যে গণতন্ত্ৰ সদায় সহজ নহয়, ইয়াৰ বাবে ‘নেভিগেশ্বন’ৰ প্ৰয়োজন। তেওঁ কয় যে, গণতন্ত্ৰত সময়ে সময়ে সকলো পক্ষই কথা পতাৰ প্ৰয়োজন আৰু প্ৰয়োজন হ'লে পৰিৱৰ্তনৰ এক অনুশীলনো কৰিব লাগিব। ৰাছিয়া আৰু চীনৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে এই দেশসমূহত নিয়ন্ত্ৰণ আৰু ভাৰসাম্যৰ অভাৱৰ বাবে তেওঁলোকে যথেষ্ট ক্ষতিগ্ৰস্ত হ'ব লগা হৈছে। 
সংখ্যালঘুসকলৰ বিষয়ত ৰঘুৰাম ৰাজনে কয়, ‘সংখ্যালঘুসকলৰ ওপৰত দুৰ্ব্যৱহাৰে সমগ্ৰ বিশ্বতে এক বেয়া ছবি উপস্থাপন কৰে। যাৰ ফলত বিনিয়োগকাৰীসকলে আমাক এক বিশ্বাসযোগ্য অংশীদাৰ হিচাপে বিবেচনা নকৰিব পাৰে।’

মন কৰিবলগীয়া যে, ভাৰত সংখ্যালঘুবিৰোধী হোৱাৰ অভিযোগে বিশ্বজনীন প্ৰেক্ষাপটত গা কৰি উঠা দেখা গৈছে। ধৰ্মক লৈ চলা নিকৃষ্ট ৰাজনীতিয়ে দেশৰ ভাৱমূৰ্তি যে বিনষ্ট কৰিবলৈ আৰম্ভ কৰিছে সেই কথাৰ সকীয়নিও বিভিন্ন পক্ষই দিবলৈ আৰম্ভ কৰিছে। তাৰ মাজতে ৰাজনৰ এই মন্তব্য বিশেষ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ