--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশত এতিয়া সাম্প্ৰদায়িক উত্তেজনাই ব্যাপকভাৱে গা কৰি উঠিছে। ধৰ্মক লৈ চলি থকা ৰাজনীতিৰ বিষম পৰিণতি হিচাপে এতিয়া দেখা গৈছে সাম্প্ৰদায়িক উত্তেজনা আৰু অস্থিৰতাই গা কৰি উঠা। হনুমান জয়ন্তী উদযাপনৰ সময়ত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষই দেশজুৰি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিয়ে বিশ্বৰ সন্মুখত ভাৰতৰ উদাৰ, সহনশীল আৰু ধৰ্মনিৰপেক্ষ চৰিত্ৰত আঘাত হনাৰ অভিযোগ উঠিছে।

ফলত গোলকীয় প্ৰেক্ষাপটত ভাৰতৰ ভাৱমূৰ্তি ম্নান হৈ পৰা বুলিও বিভিন্নজনে মন্তব্য কৰিছে। এনে পৰিস্থিতিৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন মুৰব্বী ৰঘুৰাম ৰাজনৰ এটা মন্তব্য তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। ৰাজনে ভাৰতৰ সাম্প্ৰতিক অৱস্থা সম্পৰ্কত এটা বিশেষ মন্তব্য কৰিছে।
শেহতীয়াকৈ ভাৰতৰ কেইবাখনো ৰাজ্যত সাম্প্ৰদায়িক উত্তেজনা চলি থকাৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজনে বৃহস্পতিবাৰে দেশক উদ্দেশ্যি এক সতৰ্কবাণী দিয়ে। ৰঘুৰাম ৰাজনে মন্তব্য কৰে যে, বিশ্বত ভাৰতৰ ‘সংখ্যালঘু বিৰোধী’ প্ৰতিচ্ছবিয়ে ভাৰতীয় সামগ্ৰীৰ বজাৰৰ ক্ষতি কৰিব পাৰে। 

তেওঁ কয় যে, ভাৰতৰ এনে অবাঞ্চিত প্ৰতিচ্ছবিৰ বাবে বিদেশী চৰকাৰে ৰাষ্ট্ৰক বিশ্বাস কৰিবলৈ দ্বিধা বোধ কৰিব পাৰে। বিনিয়োগকাৰীসকলে এনে পৰিপ্ৰেক্ষিতত ভাৰতৰ এক বিশ্বস্ত অংশীদাৰ হিচাপে বিবেচনা নকৰিব পাৰে। দিল্লীৰ জাহাংগীৰপুৰী অঞ্চলত সাম্প্ৰদায়িক হিংসাৰ পাছত বেদখল বিৰোধী অভিযানৰ অংশ হিচাপে এটা মছজিদৰ ওচৰত বুলড’জাৰ চলোৱাৰ ঘটনা আৰু কেইবাটাও অস্থায়ী গাঁথনি ভাঙি পেলোৱাৰ পাছত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰৰ এই মন্তব্য তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। 

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি প্ৰাক্তন গৱৰ্নৰগৰাকীয়ে কয় যে গণতন্ত্ৰ সদায় সহজ নহয়, ইয়াৰ বাবে ‘নেভিগেশ্বন’ৰ প্ৰয়োজন। তেওঁ কয় যে, গণতন্ত্ৰত সময়ে সময়ে সকলো পক্ষই কথা পতাৰ প্ৰয়োজন আৰু প্ৰয়োজন হ'লে পৰিৱৰ্তনৰ এক অনুশীলনো কৰিব লাগিব। ৰাছিয়া আৰু চীনৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে এই দেশসমূহত নিয়ন্ত্ৰণ আৰু ভাৰসাম্যৰ অভাৱৰ বাবে তেওঁলোকে যথেষ্ট ক্ষতিগ্ৰস্ত হ'ব লগা হৈছে। 
সংখ্যালঘুসকলৰ বিষয়ত ৰঘুৰাম ৰাজনে কয়, ‘সংখ্যালঘুসকলৰ ওপৰত দুৰ্ব্যৱহাৰে সমগ্ৰ বিশ্বতে এক বেয়া ছবি উপস্থাপন কৰে। যাৰ ফলত বিনিয়োগকাৰীসকলে আমাক এক বিশ্বাসযোগ্য অংশীদাৰ হিচাপে বিবেচনা নকৰিব পাৰে।’

মন কৰিবলগীয়া যে, ভাৰত সংখ্যালঘুবিৰোধী হোৱাৰ অভিযোগে বিশ্বজনীন প্ৰেক্ষাপটত গা কৰি উঠা দেখা গৈছে। ধৰ্মক লৈ চলা নিকৃষ্ট ৰাজনীতিয়ে দেশৰ ভাৱমূৰ্তি যে বিনষ্ট কৰিবলৈ আৰম্ভ কৰিছে সেই কথাৰ সকীয়নিও বিভিন্ন পক্ষই দিবলৈ আৰম্ভ কৰিছে। তাৰ মাজতে ৰাজনৰ এই মন্তব্য বিশেষ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে