--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ৰীল লাইফৰ চকুপানী অতিশীঘ্ৰেই ৰীয়েল লাইফত আহিব বলীউডৰ আৱেদনময়ী অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ! এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে লাহে লাহে জাল চপাই আনিছে জেকলিনৰ ফালে। ২০০কোটিৰ জালিয়াতিৰ গোচৰত তিহাৰ জে’লত বন্দী হৈ থকা প্ৰৱঞ্চক চন্দ্ৰশেখৰৰ পৰা ১০ কোটি টকাৰ উপহাৰ জেকলিনে লোৱা বুলি চাৰ্জশ্বীটত প্ৰকাশ কৰিছে ইডি-এ। ধনৰ অবৈধ সৰবৰাহৰ এটা গোচৰত ইডি-এ দিল্লীৰ এখন আদালতত দাখিল কৰিছে চাৰ্জশ্বীট। চন্দ্ৰশেখৰে এটা ব্যৱসায়ী দম্পতীৰ পৰা ২০০কোটি টকা বলপূৰ্বকভাৱে আদায় কৰা বুলি অভিযোগ উঠিছিল আৰু এই গোচৰতে পত্নীসহ তেওঁ বন্দী হ’বলগীয়া হৈছিল তিহাৰ জে’লত। এইবাৰ ডুবাইলৈ ওলোৱা জেকলিনক বিমানবন্দৰতে আৱদ্ধ কৰিলে ইডি-এ।

দেওবাৰে মুম্বাই বিমান বন্দৰত ডুবাই অভিমুখী যাত্ৰাকালত অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক আৱদ্ধ কৰি জেৰা চলায়।এক ধনদাবীৰ গোচৰত নাম সাঙোৰ খোৱা জেকলিনক এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেটে বিদেশ ভ্ৰমণত বাধা আৰোপ কৰে। ২০০কোটিৰ জালিয়াতিৰ গোচৰত অভিযুক্ত প্ৰৱঞ্চক চন্দ্ৰশেখৰৰ সৈতে থকা সম্পৰ্কৰ বাবে জেকলিনক বিগত ছমাহত ইডি-এ কেইবাবাৰো প্ৰশ্ন কৰিছে। ইডি-এ আদালতক জনোৱা অনুসৰি প্ৰবঞ্চক চন্দ্ৰশেখৰে জেকলিনৰ আত্মীয়লৈও বৃহৎ পৰিমাণৰ ধন প্ৰেৰণ কৰিছিল। ইডি-এ চাৰ্জশ্বিটত উল্লেখ কৰা অনুসৰি এইজন প্ৰৱঞ্চকে জালিয়াতিৰে সংগ্ৰহ কৰা ধনৰ কিছু অংশ জেকলিনৰ ডুবাইত থকা বেংক একাউণ্টলৈ পঠাইছে।দেওবাৰে জেৰাৰ অন্তত এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেটে জেকলিনক দেশ এৰি নাযাবলৈ আৰু পৰৱৰ্তী অনুসন্ধান প্ৰক্ৰিয়াত উপস্থিত থাকিবলৈ কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ