--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বিয়া বিয়া বলীউড। বিকিৰ জীৱনসংগিনী হ’বলৈ মাজত আৰু কেইটামান প্ৰহৰ বাকী। অভিনেতা বিকি কৌশল আৰু কেটৰিনা কাঈফৰ বিয়া বছৰটোৰ আটাইতকৈ উল্লেখনীয় বলীউড বিবাহ হ'বলৈ গৈ আছে। বিশাল বিবাহ অনুষ্ঠানক লৈ উৎসাহিত হৈ পৰা দেখা গৈছে অনুৰাগীক। বিবাহ অনুষ্ঠানৰ সৰু-বৰ প্ৰতিটো ঘটনাৰ সম্ভেদ পাবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে অনুৰাগী। খবৰ পোৱা মাত্ৰকে সামাজিক মাধ্যমত পোষ্ট কৰা দেখা গৈছে। জানিবলৈ পোৱা মতে, বিবাহৰ প্ৰস্তুতি ইতিমধ্যে পূৰ্ণগতিত চলি আছে। ৰাজস্থানৰ বাৰৱাৰা ফ’ৰ্টত পূৰ্ণগতিত চলি আছে প্ৰস্তুতিপৰ্ব। প্ৰতিটো মুহূৰ্ততে আহি পৰিছে নতুন নতুন খবৰ।

ৰাজকীয় মৰ্যাদাৰে অনুষ্ঠিত হ’ব কেট-বিকিৰ বিয়া। অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰি তুলিবলৈ কোনো ধৰণৰ চেষ্টা এৰি দিয়া নাই কেটৰিনাই। জানিবলৈ পোৱা মতে, বিয়াৰ দিনা বিকি কৌশলে বিবাহস্থলীত এক ব্যতিক্ৰমী শৈলীত প্ৰৱেশ কৰিব। ই-টাইমছৰ এক প্ৰতিবেদন অনুসৰি, বিকিয়ে ৰথত প্ৰৱেশ কৰিব, লগত থাকিব ৭টা শুকুলা ঘোৰাঁ। আয়োজকে বিকিৰ বাবে ইতিমধ্যে ৭টা শুকুলা ঘোঁৰা যোগাৰ কৰিছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। বিবাহ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এটা বিশাল মণ্ডপো নিৰ্মাণ কৰা হৈছে। স্বাভাৱিকতে, এই বিয়াখনে বিগত কিছুদিনৰ পৰা ব্যাপক চৰ্চিত হৈ পৰিছে।অনুৰাগীয়ে বিভিন্ন মাধ্যমযোগে দুয়োকে শুভকামনাৰ বাণীৰে ভৰাই তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু