--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বিয়া বিয়া বলীউড। বিকিৰ জীৱনসংগিনী হ’বলৈ মাজত আৰু কেইটামান প্ৰহৰ বাকী। অভিনেতা বিকি কৌশল আৰু কেটৰিনা কাঈফৰ বিয়া বছৰটোৰ আটাইতকৈ উল্লেখনীয় বলীউড বিবাহ হ'বলৈ গৈ আছে। বিশাল বিবাহ অনুষ্ঠানক লৈ উৎসাহিত হৈ পৰা দেখা গৈছে অনুৰাগীক। বিবাহ অনুষ্ঠানৰ সৰু-বৰ প্ৰতিটো ঘটনাৰ সম্ভেদ পাবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে অনুৰাগী। খবৰ পোৱা মাত্ৰকে সামাজিক মাধ্যমত পোষ্ট কৰা দেখা গৈছে। জানিবলৈ পোৱা মতে, বিবাহৰ প্ৰস্তুতি ইতিমধ্যে পূৰ্ণগতিত চলি আছে। ৰাজস্থানৰ বাৰৱাৰা ফ’ৰ্টত পূৰ্ণগতিত চলি আছে প্ৰস্তুতিপৰ্ব। প্ৰতিটো মুহূৰ্ততে আহি পৰিছে নতুন নতুন খবৰ।

ৰাজকীয় মৰ্যাদাৰে অনুষ্ঠিত হ’ব কেট-বিকিৰ বিয়া। অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰি তুলিবলৈ কোনো ধৰণৰ চেষ্টা এৰি দিয়া নাই কেটৰিনাই। জানিবলৈ পোৱা মতে, বিয়াৰ দিনা বিকি কৌশলে বিবাহস্থলীত এক ব্যতিক্ৰমী শৈলীত প্ৰৱেশ কৰিব। ই-টাইমছৰ এক প্ৰতিবেদন অনুসৰি, বিকিয়ে ৰথত প্ৰৱেশ কৰিব, লগত থাকিব ৭টা শুকুলা ঘোৰাঁ। আয়োজকে বিকিৰ বাবে ইতিমধ্যে ৭টা শুকুলা ঘোঁৰা যোগাৰ কৰিছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। বিবাহ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এটা বিশাল মণ্ডপো নিৰ্মাণ কৰা হৈছে। স্বাভাৱিকতে, এই বিয়াখনে বিগত কিছুদিনৰ পৰা ব্যাপক চৰ্চিত হৈ পৰিছে।অনুৰাগীয়ে বিভিন্ন মাধ্যমযোগে দুয়োকে শুভকামনাৰ বাণীৰে ভৰাই তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ