--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বিদায়ৰ দুৱাৰডলিত আৰু এটা বছৰ। বছৰটোৰ বিদায়ৰ প্ৰাকমুহূৰ্তত বিভিন্ন ক্ষেত্ৰৰ সফলতা-বিফলতা,প্ৰাপ্তি-অপ্ৰাপ্তিক লৈ কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈ গৈছে। সম্প্ৰতি, বলীউড অভিনেত্ৰী কৰীণা কাপুৰ খানক লৈ হৈছে চৰ্চা। কৰীণাই কি কৰি আছে, তেওঁ ক'লৈ গৈছে, তেওঁ কি পিন্ধিছে সেই বিষয়ে যেন আৰম্ভ হৈছে এক অন্তহীন আলোচনাৰ। শেহতীয়াকৈ প্ৰকাশ পোৱা ‘ইয়াহু’ৰ তালিকাতো কৰীণাৰে নাম। বছৰটোৰ শেষত, অনুৰাগীয়ে সৰ্বাধিক বিচৰা নায়িকাৰ তালিকাত কৰীণাৰ নাম প্ৰকাশ পাইছে। উল্লেখ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত দ্বিতীয় সন্তানৰ মাতৃ হৈছিল কৰীণা।

তেতিয়াৰ পৰাই নৱাব পৰিয়ালৰ নতুন সদস্যক লৈ অনুৰাগীসকলৰ মাজত অন্তহীন কৌতূহলে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। মাতৃত্বৰ গৌৰৱ অৰ্জনৰ লগতে কাপুৰ-কন্যাই এখন গ্ৰন্থও প্ৰকাশ কৰি উলিয়াইছিল। যাৰ বাবে দীৰ্ঘদিন ধৰি বাতৰিৰ শিৰোনামত আছিল ছেইফ পত্নী কৰীণা কাপুৰ। ইফালে ‘ইয়াহু’ৰ তালিকাখনৰ দ্বিতীয় স্থানত আছে কেটৰিনা কাঈফ। তেওঁৰ বহু প্ৰতীক্ষিত চলচ্চিত্ৰ 'সূৰ্যবংশী'য়ে চলিত বৰ্ষতে মুক্তি লাভ কৰিছে। প্ৰায় এক দশকৰ বিৰতিৰ পাছত পুনৰ অক্ষয় কুমাৰৰ সৈতে অভিনয় কৰিছে কেটৰিনাই। বিকি কৌশলৰ সৈতে কেটৰিনাৰ বিবাহৰ গুঞ্জন এতিয়া বলীউডত সবাটোকৈ চৰ্চাৰ বিষয় হৈ পৰিছে। কৰীণা,কেটৰিনাৰ পাছতে তালিকাৰ তৃতীয় স্থানত আছে প্ৰিয়ংকা চোপ্ৰা। চতুৰ্থ স্থানত আছে আলিয়া ভাট। একাধিক বিগ বাজেটৰ চলচ্চিত্ৰ উপহাৰ দিয়া বাবে আৰু ৰণবীৰৰে থকা অফুৰন্ত প্ৰেমৰ বাবে ওৰেটো বছৰ বাতৰিৰ শিৰোনাম দখল কৰিছে প্ৰিয়ংকাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু