--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বিদায়ৰ দুৱাৰডলিত আৰু এটা বছৰ। বছৰটোৰ বিদায়ৰ প্ৰাকমুহূৰ্তত বিভিন্ন ক্ষেত্ৰৰ সফলতা-বিফলতা,প্ৰাপ্তি-অপ্ৰাপ্তিক লৈ কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈ গৈছে। সম্প্ৰতি, বলীউড অভিনেত্ৰী কৰীণা কাপুৰ খানক লৈ হৈছে চৰ্চা। কৰীণাই কি কৰি আছে, তেওঁ ক'লৈ গৈছে, তেওঁ কি পিন্ধিছে সেই বিষয়ে যেন আৰম্ভ হৈছে এক অন্তহীন আলোচনাৰ। শেহতীয়াকৈ প্ৰকাশ পোৱা ‘ইয়াহু’ৰ তালিকাতো কৰীণাৰে নাম। বছৰটোৰ শেষত, অনুৰাগীয়ে সৰ্বাধিক বিচৰা নায়িকাৰ তালিকাত কৰীণাৰ নাম প্ৰকাশ পাইছে। উল্লেখ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত দ্বিতীয় সন্তানৰ মাতৃ হৈছিল কৰীণা।

তেতিয়াৰ পৰাই নৱাব পৰিয়ালৰ নতুন সদস্যক লৈ অনুৰাগীসকলৰ মাজত অন্তহীন কৌতূহলে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। মাতৃত্বৰ গৌৰৱ অৰ্জনৰ লগতে কাপুৰ-কন্যাই এখন গ্ৰন্থও প্ৰকাশ কৰি উলিয়াইছিল। যাৰ বাবে দীৰ্ঘদিন ধৰি বাতৰিৰ শিৰোনামত আছিল ছেইফ পত্নী কৰীণা কাপুৰ। ইফালে ‘ইয়াহু’ৰ তালিকাখনৰ দ্বিতীয় স্থানত আছে কেটৰিনা কাঈফ। তেওঁৰ বহু প্ৰতীক্ষিত চলচ্চিত্ৰ 'সূৰ্যবংশী'য়ে চলিত বৰ্ষতে মুক্তি লাভ কৰিছে। প্ৰায় এক দশকৰ বিৰতিৰ পাছত পুনৰ অক্ষয় কুমাৰৰ সৈতে অভিনয় কৰিছে কেটৰিনাই। বিকি কৌশলৰ সৈতে কেটৰিনাৰ বিবাহৰ গুঞ্জন এতিয়া বলীউডত সবাটোকৈ চৰ্চাৰ বিষয় হৈ পৰিছে। কৰীণা,কেটৰিনাৰ পাছতে তালিকাৰ তৃতীয় স্থানত আছে প্ৰিয়ংকা চোপ্ৰা। চতুৰ্থ স্থানত আছে আলিয়া ভাট। একাধিক বিগ বাজেটৰ চলচ্চিত্ৰ উপহাৰ দিয়া বাবে আৰু ৰণবীৰৰে থকা অফুৰন্ত প্ৰেমৰ বাবে ওৰেটো বছৰ বাতৰিৰ শিৰোনাম দখল কৰিছে প্ৰিয়ংকাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ