--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভুগিছে নিৰাপত্তাহীনতাত৷শেহতীয়াকৈ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে ব্ৰিটেইনত চাৰি বছৰীয়া আত্মনিৰ্বাসনৰ অন্তত ঘৰলৈ উভতি আহিছে। কিন্তু ওভতনি যাত্ৰাৰ সময়ত শ্বৰীফ বিভিন্ন বিপদৰ সন্মুখীন হ’বলগীয়া হৈছিল। আচলতে বিমানখনত তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ সমৰ্থকক লগ পাইছিল আৰু তেওঁলোকে ‘খান চাহেব জিন্দাবাদ’ৰ শ্লোগান দিবলৈ আৰম্ভ কৰিছিল। এই সময়ছোৱাত বিমানখনত যাত্ৰা কৰা কোনো লোকৰ সামগ্ৰী নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছিল।তাৰ পাছত চুৰিৰ সন্দেহত সমগ্ৰ বিমানখনৰ তদন্ত কৰা হৈছিল। একে সময়তে তদন্তৰ সময়ত বহু যাত্ৰীয়ে নিজৰ মাজতে কাজিয়া কৰা দেখা গৈছিল।এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷

জানিব পৰা মতে, বিমানখনত পিএমএল-এন নেতা মালিক নূৰ আৱানৰ লাগেজ নিৰুদ্দেশ হোৱাৰ বিপৰীতে শ্বৰীফৰ দলৰ এজন নেতাৰ স্বাস্থ্যৰ অৱনতি ঘটে। ইয়াৰ বাবেই বিমানখনে ১ ঘণ্টা পলম কৰি ইছলামবাদত উপস্থিত হয়। ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে লাগেজ চেক কৰাৰ সময়ত একাংশ যাত্ৰীয়ে ইজনে সিজনৰ লগত সংঘৰ্ষৰ লগতে কাজিয়াত লিপ্ত হয়। 

তথ্য অনুসৰি ৭৩ বছৰীয়া পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱা ৪ বছৰ ধৰি ব্ৰিটেইনত বাস কৰিছিল। ইছলামাবাদত বিমানখনৰ পৰা অৱতৰণ কৰাৰ পাছত শ্বৰীফ  ভিআইপি লাউঞ্জত উপস্থিত হয়। তাত তেওঁ প্ৰয়োজনীয় আইনী নথি-পত্ৰত স্বাক্ষৰ কৰি বায়’মেট্ৰিক প্ৰদান কৰে।

উল্লেখ্য যে পাকিস্তানৰ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শ্বৰীফ পাকিস্তানলৈ উভতি আহিছে। ইছলামাবাদত অৱতৰণ কৰাৰ পাছতে তেওঁ পোনে পোনে লাহোৰলৈ গৈ এখন বিশাল জনসভাত ভাষণ দিয়ে। সেই সভাতে শ্বৰীফে ভোটাৰক আহ্বান জনায় যে জনসাধাৰণে তেওঁৰ দল পিএমএল-এনক জয়ী কৰি তুলিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক