--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভুগিছে নিৰাপত্তাহীনতাত৷শেহতীয়াকৈ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে ব্ৰিটেইনত চাৰি বছৰীয়া আত্মনিৰ্বাসনৰ অন্তত ঘৰলৈ উভতি আহিছে। কিন্তু ওভতনি যাত্ৰাৰ সময়ত শ্বৰীফ বিভিন্ন বিপদৰ সন্মুখীন হ’বলগীয়া হৈছিল। আচলতে বিমানখনত তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ সমৰ্থকক লগ পাইছিল আৰু তেওঁলোকে ‘খান চাহেব জিন্দাবাদ’ৰ শ্লোগান দিবলৈ আৰম্ভ কৰিছিল। এই সময়ছোৱাত বিমানখনত যাত্ৰা কৰা কোনো লোকৰ সামগ্ৰী নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছিল।তাৰ পাছত চুৰিৰ সন্দেহত সমগ্ৰ বিমানখনৰ তদন্ত কৰা হৈছিল। একে সময়তে তদন্তৰ সময়ত বহু যাত্ৰীয়ে নিজৰ মাজতে কাজিয়া কৰা দেখা গৈছিল।এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷

জানিব পৰা মতে, বিমানখনত পিএমএল-এন নেতা মালিক নূৰ আৱানৰ লাগেজ নিৰুদ্দেশ হোৱাৰ বিপৰীতে শ্বৰীফৰ দলৰ এজন নেতাৰ স্বাস্থ্যৰ অৱনতি ঘটে। ইয়াৰ বাবেই বিমানখনে ১ ঘণ্টা পলম কৰি ইছলামবাদত উপস্থিত হয়। ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে লাগেজ চেক কৰাৰ সময়ত একাংশ যাত্ৰীয়ে ইজনে সিজনৰ লগত সংঘৰ্ষৰ লগতে কাজিয়াত লিপ্ত হয়। 

তথ্য অনুসৰি ৭৩ বছৰীয়া পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱা ৪ বছৰ ধৰি ব্ৰিটেইনত বাস কৰিছিল। ইছলামাবাদত বিমানখনৰ পৰা অৱতৰণ কৰাৰ পাছত শ্বৰীফ  ভিআইপি লাউঞ্জত উপস্থিত হয়। তাত তেওঁ প্ৰয়োজনীয় আইনী নথি-পত্ৰত স্বাক্ষৰ কৰি বায়’মেট্ৰিক প্ৰদান কৰে।

উল্লেখ্য যে পাকিস্তানৰ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শ্বৰীফ পাকিস্তানলৈ উভতি আহিছে। ইছলামাবাদত অৱতৰণ কৰাৰ পাছতে তেওঁ পোনে পোনে লাহোৰলৈ গৈ এখন বিশাল জনসভাত ভাষণ দিয়ে। সেই সভাতে শ্বৰীফে ভোটাৰক আহ্বান জনায় যে জনসাধাৰণে তেওঁৰ দল পিএমএল-এনক জয়ী কৰি তুলিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা